গুৱাহাটীত প্ৰথমবাৰৰ বাবে সফলভাবে বৃক্ষ স্থানান্তৰ- প্ৰতিস্থাপন

0 131

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’: প্ৰথমবাৰৰ বাবে বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সহযোগিতা কৰি আজি গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমিনগাঁৱৰ বায়’টেক পাৰ্ক চৌহদলৈ দুজোপা গছ স্থানান্তৰ কৰি সফলভাবে ৰোপণ কৰে। ২.৫ বছৰ বয়সৰ এজোপা আঁহত (Ficus religiosa) আৰু প্ৰায় ১০ বছৰ বয়সৰ এজোপা বকুল (Mimusops elingi) গছ প্ৰয়োজনীয় বৈজ্ঞানিক পদ্ধতি অনুসৰি উভালি লৈ ৰোপণ কৰা স্থানলৈ লৈ যোৱা হয়। গছৰ শিপাবোৰত প্ৰথমতে নিৰ্ধাৰিত মাত্ৰাত ভেঁকুৰনাশক, বৃদ্ধিকাৰক হৰম’ন আৰু ভিটামিনৰ দ্বাৰা শোধন কৰি জীয়াই থকাৰ হাৰ বৃদ্ধি কৰা হয়। কেইবাটাও কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰি স্থানান্তৰ প্ৰক্ৰিয়াটোৰ সময়ত গছজোপাই পাব লগা আঘাত ন্যূনতম কৰাৰ বাবেও অত্যন্ত সাৱধানতা অৱলম্বন কৰা হৈছিল বুলি বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জনাইছে।IMG 20220521 WA0028
ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ (NHAI ) অধীনত নিৰ্মাণ কোম্পানী DVL Group ৰ সহযোগিতামূলক প্ৰচেষ্টাৰে কামৰূপ পূব সংমণ্ডলৰ বন বিষয়াৰ নিৰ্দেশনা অনুসৰি পূব কামৰূপ সংমণ্ডলৰ অধীনৰ গুৱাহাটী ৰেঞ্জে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰে। এই উপলক্ষে বায়’টেক পাৰ্কত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৭০ চেণ্টিমিটাৰ পৰিধিৰ তলৰ মুঠ ১০০ জোপা গছ স্থানান্তৰৰ জৰিয়তে পুনৰ প্ৰতিস্থাপনৰ বাবে বাছনি কৰা হৈছে। এপ্ৰিল মাহৰ পৰা ডি এফ অ’ ৰোহিনী বল্লৱ শইকীয়াৰ তত্বাৱধানত ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত গুৱাহাটী ৰেঞ্জৰ এটা দলে গছবোৰ চিকিৎসা-তত্বাৱধান কৰি আছে। নতুন শিপা ব্যৱস্থাৰ বিকাশৰ পিছত গছবোৰ, ইতিমধ্যে কামৰূপ পূব সংমণ্ডল চৌহদত প্ৰস্তুত কৰা পৰীক্ষামূলক প্লটত পুনৰ ৰোপণ কৰা হৈছে আৰু ৰোপণ কৰিবলগীয়া গছবোৰৰ জীয়াই থকাৰ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় যত্ন আৰু কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।
এতিয়ালৈকে বন বিভাগে পৰীক্ষামূলক ভিত্তিত ২৭ জোপা গছ উদ্ধাৰ কৰি ৰোপণ কৰিছে। ইয়াৰ ফলত গছ-গছনি সংৰক্ষণৰ পথ প্ৰশস্ত হ’ব। পূৰ্বে পথ বহল কৰা আৰু অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ বাবে গছবোৰ কাটি পেলোৱা হৈছিল। ইতিমধ্যে এইচোৱা পথৰ ৭০ শতাংশ গছ কাটি পেলোৱা হৈছিল। উল্লেখ্য যে গছ কটাৰ বাবে ৰাজহুৱা প্ৰতিবাদ আৰু আপত্তিৰ পিছত এই কৌশল গ্ৰহণ কৰি কেইবাটাও প্ৰজাতিৰ প্ৰায় ১৫০ টা গছ প্ৰতিস্থাপন আৰম্ভ কৰা হৈছে যাতে ঘাইপথ সম্প্ৰসাৰণৰ পৰা গছবোৰ ৰক্ষা কৰিব পৰা যায়। আজি বৃক্ষ স্থানান্তৰ আৰু পুনৰ প্ৰতিস্থাপন প্ৰক্ৰিয়াটোত ধৰিৱাল বিল্ডটেক লিমিটেড নিৰ্মাণ কোম্পানীয়ে প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়ায়।

  • স্থানান্তৰ কেনেদৰে কৰা হয়ঃ

প্ৰথমে প্ৰায় ২-৩ ফুট পৰিধিৰ মাটি আঁতৰাই প্ৰায় ৫০% শিপা কাটি লোৱা হয়। তাৰ পিছত ভেঁকুৰনাশক (প্ৰয়োজনীয় মাত্ৰা অনুসৰি) প্ৰয়োগ কৰা হয় যাতে শিপাত ভেঁকুৰৰ সংক্ৰমণ নহয়। মূল মাটিৰ গ্ৰহণৰ সৈতে গছৰ গুৰিৰ শিপাৰ বলটো পলিথিন শ্বীটেৰে ঢাকি ১৫ দিন ৰাখিব লাগে। পোন্ধৰ দিনৰ পিছত পেকিং পৰীক্ষা কৰা হয় আৰু যেতিয়া দেখা যায় জীয়াই থাকিব পৰা শিপা ব্যৱস্থা অক্ষত আছে তেতিয়া গছজোপা অন্য ঠাইলৈ প্ৰতিস্থাপনৰ বাবে উপযোগী হৈ পৰে। নতুন স্থানটো নিৰ্বাচন কৰি পূৰ্বে এন্টি টাৰ্মাইট, এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল দ্ৰৱ প্ৰয়োগ কৰি প্ৰস্তুত কৰা হয়। জৈৱিক পচন সাৰ, মূল মাটি, বালিচহীয়া মাটি আৰু নতুন মাটি সমান অনুপাতত মিহলাই নতুন শিপা ব্যৱস্থাৰ বাবে নতুন অভিযোজিত পৰিৱেশ প্ৰস্তুত কৰা হয়।IMG 20220521 WA0027
প্ৰতিস্থাপনৰ সময়ত Excavator আৰু কঢ়িয়াই নিয়া বাহনৰ দৰে মেচিনেৰী ব্যৱহাৰ কৰি গছবোৰ উভালি পুনৰ ৰোপণ কৰা হয়। এই প্ৰক্ৰিয়াটোত অতি সাৱধানতা অৱলম্বন কৰা হয় যাতে গছবোৰ আঘাত আৰু ভাঙি যোৱাৰ পৰা হাত সাৰিব পাৰে। গছবোৰ নতুন স্থানলৈ ৰোপণ কৰাৰ পিছত গছজোপাক কেইসপ্তাহমানৰ বাবে পানী আৰু মাল্টিভিটামিন প্ৰয়োগ কৰি পৰ্যবেক্ষণ আৰু যত্নৰ অধীনত ৰখা হয় যাতে ইয়াক স্থানান্তৰিত কৰাৰ সময়ত হোৱা শ্বক বা আঘাতৰ পৰা সুস্থ হৈ উঠাত সহায় কৰে আৰু লগতে নতুন মাটিত দ্ৰুতভাৱে খাপ খোৱাব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More