গুৱাহাটীত বন বিভাগ-ৰেড ক্ৰছ ছ’চাইটিৰ উদ্যোগত গছপুলি ৰোপন-বিতৰণ

0 10

গুৱাহাটী , ৫ জুলাইঃ  চলি থকা ৭৩ সংখ্যক বন মহোৎসৱৰ সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটী ৰেঞ্জৰ উদ্যোগত ৰেড ক্ৰছ ছ’চাইটি, নুনমাটিত আজি গছ পুলি ৰোপন বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত উপায়ুক্ত তথা ৰেড ক্ৰছ ছ’চাইটি, নুনমাটিৰ অধ্যক্ষ এ কে অবচৰ হাজৰিকা, অসম ট্ৰেণ্ড প্ৰমোচন অৰ্গেনাইজেচনৰ অধ্যক্ষ সুনীল ডেকা, ৰেড ক্ৰছ ছ’চাইটি নুনমাটিৰ সম্পাদক দেৱ শৰ্মা, কাউন্সিলাৰ মনোজ কুমাৰ নাথ, গুৱাহাটী ৰেঞ্জৰ বন বিষয়া প্ৰাঞ্জল বৰুৱা, নাৰেংগী বিটৰ বিট বন বিষয়া অসীম দাস আদিৰ লগতে ভলেমান লোকে অংশগ্ৰহণ কৰে। বন মহোৎসৱৰ লগত সংগতি ৰাখি মুঠ ৭০ টা পুলি ৰোপণ কৰা হয় আৰু ১৫০ টা থলুৱা উদ্ভিদ প্ৰজাতিৰ পুলি জনসাধাৰণৰ মাজত বিতৰণ কৰা হয়।IMG 20220705 WA0028

আনহাতে,গুৱাহাটী ৰেঞ্জেও তেওঁলোকৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলৰ কিছুমান অৱক্ষয়প্ৰাপ্ত অঞ্চলত বনাঞ্চল বৃদ্ধিৰ বাবে উদ্যোগ লৈছে।
আজি ফটাশিল বিট বিষয়া প্ৰাণেশ্বৰ শৰ্মাৰ সহযোগত ফটাশিল সংৰক্ষিত বনাঞ্চলৰ মানপাৰা অঞ্চলত ৫০ টা পুলি ৰোপণ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More