গুৱাহাটীৰ হোটেলত গাঞ্জাসহ ধৃত পাঁচজন

0 8

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ আগষ্টঃ পল্টন বজাৰ আৰক্ষীৰ সফলতা। নিশা ২ বজাত পল্টনবজাৰৰ সুমিয়া হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। আনহাতে গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক। ঘটনাৰ বিৱৰণ অনুসৰি নিশা ২ বজাত এক গোপন সূত্ৰৰ পম খেদি পল্টনবজাৰ আৰক্ষীয়ে সুমিয়া হোটেলৰ ২০৪ আৰু ২০৬ নং হোটেলত অভিযান চলায়। এই অভিযানত জব্দ হয় ৩৬ কেজি গাঞ্জা। ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাসহ মুঠ ৫ জন লোকক আটক কৰিছে। আটকাধীন আটাইকেইজন লোক ত্ৰিপুৰাৰ। আটকাধীন লোক কেইজন ক্ৰমে মুনিৰ হুছেইন আৰু তেওঁৰ পত্নী ছাহিদা খাতুন, চফিকুল বাচা, আনোৱাৰ হুছেইন আৰু ৰাকেশ দেৱনাথ। আটাইকেইজন ত্ৰিপুৰাৰ ছিপাইজালা জিলাৰ সোনামোৰা আৰক্ষী থানাৰ অন্তৰ্গত চুবাপুৰ গাঁৱৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More