গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিহাসত প্ৰথমটো অস্থি মজ্জা সংৰোপণ

0 96

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। অস্থি মজ্জা সংৰোপণৰ (bone marrow transplant) ক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰযোজ্য হ’ল অস্থি মজ্জা সংৰোপণৰ চিকিৎসা। চিকিৎসালয়খনে প্ৰথমটো অস্থি মজ্জা সংৰোপণ সফলতাৰে সম্পন্ন কৰে। মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে বিশেষকৈ ব্লাড কেন্সাৰ আৰু থেলাচেমিয়া ৰোগৰ ক্ষেত্রত অস্থি মজ্জা সংৰোপণ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ৰোগী বাহিৰলৈ যাবলগীয়া হয়। এই ক্ষেত্রত অসম চৰকাৰে ৯৯ গৰাকী ৰোগীৰ চিকিৎসা হৃদয়ালয়ত কৰিছে। বাহিৰত চিকিৎসা কৰাৰ ক্ষেত্রত ১০ লাখ টকা পৰ্যন্ত ব্যয় হয়। যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা কৰা হয় আৰু কমলপুৰৰ এগৰাকী ৪৫ বছৰীয়া ৰোগীৰ সফলতাৰে অস্থি মজ্জা সংৰোপণ কৰা হয়। সম্পূৰ্ণ সুস্থ অৱস্থাত থকা ৰোগীজনক আজি ঘৰলৈ যাবলৈ দিয়া হৈছে। এই সফলতাৰ বাবে মুখ্যমন্ত্রীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হেমাট’ল’জী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ জীনা ভট্টাচাৰ্য আৰু তেওঁৰ সম্পূৰ্ণ টীমটোক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্থি মজ্জা সংৰোপণৰ ক্ষেত্রত ব্যয় হয় ২ লাখ টকা। অসমৰ দুটা কেন্দ্ৰত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা হৈছে। ইয়াৰ দ্বাৰা ব্লাড কেন্সাৰ আৰু থেলামেচিয়া ৰোগীসকল উপকৃত হ’ব। বৰ্ত্তমান দুটা কেন্দ্ৰত মিলাই অস্থি মজ্জা সংৰোপণৰ বাবে ৬খন বিচনাৰ ব্যৱস্থা আছে যদিও ইয়াৰ সংখ্যা বৃদ্ধি কৰা হ’ব। তেওঁ কয় যে অসমত দুই হাজাৰ থেলামেচিয়া ৰোগী আছে। তেওঁ লগতে কয় যে আয়ুষ্মান ভাৰত আঁচনিত ২৭ লাখ পৰিয়াল সাঙোৰ খাই আছে যদিও ৮০ শতাংশ লোকক ইয়াত সামৰি লোৱাৰ চিন্তা-চৰ্চা কৰা হৈছে। যাতে অধিক লোকে স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব পাৰে। আনহাতে আগন্তুক এবছৰৰ ভিতৰত যকৃৎ সংৰোপনৰ ব্যৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত হ’ব বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে। সেইদৰে আই ভি এফ চেণ্টাৰো এবছৰৰ ভিতৰত হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্রীয়ে। আনহাতে চৰকাৰী চিকিৎসালয়ত ঔষধৰ যোগান সীমিত হোৱাৰ প্ৰসংগত তেওঁ কয় যে চৰকাৰীভাৱে ৭০০ বিধ মান ঔষধৰ যোগান ধৰা হয় যদিও ২০ হাজাৰ মান বিধ ঔষধ আছে। যাৰ বাবে চৰকাৰে সকলো লোককে বীমাৰে সামৰি লোৱাৰ ব্যৱস্থা কৰিছে যাতে সকলো ঔষধে সকলোৱে ক্ৰয় কৰিব পাৰে। ইফালে জাপানীজ এনকেফেলাইটিজৰ প্ৰসংগত তেওঁ কয় যে সাধাৰণতে জাপানীজ এনকেফেলাইটিজত ২০০ লোকৰ মৃত্যু হোৱা দেখা যায়। বিগত চাৰি-পাঁচ বছৰৰ তুলনাত সেয়া কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ভেকচিনৰ ব্যৱস্থা কৰি থকাৰ কথা তেওঁ উল্লেখ কৰে। সংবাদমেলত মন্ত্রী কেশৱ মহন্ত আৰু অশোক সিংঘালৰ উপৰি হাস্পতালখনৰ অধীক্ষক আৰু অধ্যক্ষ উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More