গৃহ সমষ্টিতে মন্ত্ৰী অশোক সিংহাল অপদস্থ

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩মাৰ্চঃ কালি বিয়লি প্ৰায় চাৰি বজাত বিটিআৰত চৰকাৰী ভাবে অস্বীকৃত তিনিখন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীয়ে গৃহ সমষ্টি ঢেকিয়াজুলিতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালক কৰিলে অপদস্থ ৷যোৱা সময়চোৱাত শোণিতপুৰৰ একাংশ গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখা আছাই কালিৰ ঘটনাৰ পাছতে এয়া আৰম্ভণিহে বুলি হুংকাৰ দিছে৷উল্লেখযোগ্য যে,কালি গৃহ সমষ্টিৰ ঢেকিয়াজুলিৰ প্ৰজা পথাৰত এক কাৰ্যসূচীত উপস্থিত হবলৈ যোৱা মন্ত্ৰী অশোক সিংহালে পহু খেদা খালে আছাৰ৷ উল্লেখ্য যে মন্ত্ৰী সিংহালে কালি ঢেকিয়াজুলিৰ প্ৰজা পথাৰ গাৱঁত উপস্থিত হৈছিল৷ ধুলাকাণ্ডত মৃত্যু হোৱা দুৰ্ভগীয়া বনকৰা কিশোৰী আৰতি তুৰিৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী সিংহালে প্ৰদান কৰা আৰতি তুৰিৰ পৰিয়ালৰ বাবে নৱনিৰ্মিত ঘৰ উদ্বোধনী অনুষ্ঠানত৷ গৃহ উদ্বোধন হোৱা পিছতেই লাগিল খেলমেলি৷মন্ত্ৰী গৰাকীক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছাৰ) একাংশ কৰ্মীয়ে আগভেটি ধৰি বিটিআৰ প্ৰসংগত বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰে মন্ত্ৰীজনক৷ এই সময়চোৱা মন্ত্ৰী গৰাকী অপদস্থ হবলগীয়া হ’ল৷ পিছত মন্ত্ৰী গৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলগীয়া পৰিৱেশৰ উদ্ভৱ হয়৷মন্ত্ৰী গৰাকীক আছাৰ কৰ্মীৰ সকীয়নি দিয়ে যে বিটিআৰ প্ৰসংগত আলোচনা নকৰাকৈ আগবাঢ়িলে অনাগত দিনত পুনৰ এই পৰিস্থিতিৰ সন্মূখীন হবলগীয়া হব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More