গেৰুকামুখত এন এইচ পি চিৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

নীপকোৱে ৰঙানদীত ৫নং গেটেৰে এৰিছে পানী

0 32
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৯ জুনঃ লখিমপুৰ জিলাৰ বান পৰিস্থিতি ক্রমান্বয়ে জটিলৰ দিশে গতি কৰিছে। গেৰুকামুখত নির্মীয়মান ২০০০ মেগাৱাট বিদ্যুৎশক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা নিশাৰ পৰা পানী বাগৰিবলৈ লোৱাত নামনিত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে। প্ৰকল্পটোৰ ৮টা সুৰংগৰে পানী সৰবৰাহ হৈ থকাৰ পিছতো কেনেদৰে মূল বান্ধৰ ওপৰেৰে পানী বাগৰিছে তাক লৈ জনতা আতংকিত হৈ পৰিছে। ১১৬ মিটাৰ উচ্চতাৰ বান্ধটোৰ প্ৰায় ৮০-৯০ শতাংশ উচ্চতা সম্পূৰ্ণ হোৱাৰ পিছত উক্ত মূল বান্ধৰ ওপৰেৰে সঘনাই পানী বাগৰিবলৈ লোৱাত এন এইচ পি চি কৰ্তৃপক্ষৰ লগতে নামনিত বসবাস কৰা লখিমপুৰ ধেমাজিৰ লোকসকল শংকিত হৈ পৰিছে। ইফালে নীপকোৱে ৰঙানদীত বান্ধৰ পানী ৫নং গেটেৰে এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ বিশেষকৈ পানীগাঁও, আমতলা, ৰন্তিজান আদিত জল প্রলয়ৰ সৃষ্টি হৈছে। ৪০০ মেগাৱাটৰ নীপকো তথা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী অৰুণাচলৰ পাৰে বস্তিৰ পৰা সমান্তৰালভাৱে ডিক্ৰং নদীতো এৰি দিয়াৰ ফলত বিহপুৰীয়া ৰাজহ চক্ৰৰ বহু গাঁও জলমগ্ন হৈ পৰিছে। আনহাতে লখিমপুৰ জিলাৰ নামনিৰ পিছলা, দ্রোপাং, চেঁচা নদীয়ে বৃহত্তৰ শিমলুগুৰি, ৰঙাজান, ফুটাভোগ, ৰজাবাৰী, ভাতমৌ, মাজৰ দলনী, ৰূপতলী আদি অর্ধ শতাধিক গাঁও প্লাবিত কৰি তোলাত ইয়াৰ শ শ পৰিয়ালে আশ্রয় শিবিৰত আশ্রয় গ্রহণ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। লখিমপুৰ জিলা প্ৰশাসনে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি বন্যার্তৰ আশ্রয় শিবিৰ স্থাপন কৰাৰ পিছত আজি পুনৰ ধলপুৰ মজলীয়া বিদ্যালয়ত নতুনকৈ আশ্রয় শিবিৰ স্থাপন কৰিছে। একেদৰে বানত গৃহবন্দী হোৱা লোকসকলক কালিৰে পৰা আজি পর্যন্ত এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই শ শ পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। খৰস্রোতা চেঁচাৰ বানে বহু গাঁও ভূঁই বালিৰে পুতি পেলোৱাৰ লগতে আবাস গৃহ সমুহ বুৰাই পেলৱোত বন্যাৰ্তৰ বিলাই বিপত্তি নোহোৱা হৈছে। চেঁচা, পিছলা আদিৰ বানত আজি পুনৰ ন ন গাঁও প্লাবিত হৈ পৰাত কৃষিজীৱী লোকসকল কিংকৰ্তব্য বিমুৰ হৈ পৰিছে। লখিমপুৰ জিলা প্রশাসনে দুর্গত লোকসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে আজি ধলপুৰৰ আশ্রয় শিবিৰত বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাই আশ্রয়স্থলীত উপস্থিত হৈ বন্যার্তৰ মাজত সাহার্য সামগ্রী বিতৰণ কৰে। ধলপুৰৰ বন্যার্ত লোকসকলৰ মাজত আজি লখিমপুৰৰ অতিৰিক্ত জিলা উপায়ুক্ত মনোৰমা মৰাং উপস্থিত হৈ বান পিড়ীত লোকসকলৰ অৱস্থাৰ বুজ লৈ তেওঁলোকক বান সাহাৰ্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More