গেৰুকামুখত বৃহৎ নদীবান্ধ সম্পূৰ্ণ হ’বলৈ নিদিয়ে প্ৰকৃতিয়ে

0 18

 খহিয়ে আছে পাহাৰঃ ভূমিস্খলনত বন্ধ হৈ পৰিছে এটাৰ পিছত আন এটা টাৰ্নেলঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ অশনি সংকেত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণ হৈ উঠিবনে? শেহতীয়াকৈ এনে আশংকাই ঘনীভূত হৈ পৰিছে ৰাইজৰ মাজত৷ কিয়নো বিগত এটা পষেকৰো অধিক কাল হৈ থকা ধাৰাবাহিক ভূমিস্খলনে এনে আশংকা প্ৰকট কৰি তুলিছে৷ উল্লেখ্য যে আজিও প্ৰকল্পস্থলীতIMG 20221010 WA0065 1 ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখৰ থুনুকা পাহাৰ খহি সোৱণশিৰি বক্ষত পৰাৰ ফলত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পটোলৈ তীব্ৰ ভাবুকি নামি আহিছে৷ কেতিয়াবা যে তেনে থুনুকা পাহাৰ খহি সোৱণশিৰি নদীখনৰ লগতে নিৰ্মীয়মান বান্ধটো পাহাৰৰ মাটিয়ে পুতি নেপেলাব তাক কোনেও নুই কৰিব নোৱাৰে৷ বিগত কেবাদিনৰ প্ৰতিছবিয়ে এনে আশংকা স্পষ্ট কৰি তুলিছে৷ সেয়েহে সময়ত যে বৃহৎ নদীবান্ধ প্ৰকল্পটো সম্পূৰ্ণ হৈ নুঠে সেই কথা স্পষ্ট হৈ পৰিছে৷ ইফালে আজিও গেৰুকামুখত প্ৰচণ্ড শব্দৰে ভূমিস্খলন ঘটাৰ ফলত প্ৰকল্পস্থলীত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পাহাৰৰ মাটিয়ে প্ৰকল্পৰ সন্মুখ ভাগ একপ্ৰকাৰে ভেটি ধৰাৰ ফলত ২ নং আৰু ৩ নং ডাইভাৰচন টাৰ্নেল দুটা বন্ধ হৈ পৰিছে৷ তেনেস্থলত কেতিয়াবা ভূমিস্খলনে সোৱণশিৰিৰ গতি ৰূদ্ধ কৰি দিয়াৰ আশংকাও নথকা নহয়৷ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত সৃষ্টি হোৱা এনেবোৰ পৰিঘটনাই সমগ্ৰ প্ৰকল্পটোলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে ইতিপূৰ্বে প্ৰকল্পস্থলীত গাৰ্ড ৱাল খহি পৰা, টাৰ্নেল তললৈ বহি যোৱা, বান্ধটোৰ মূল চালিকা শক্তি পাৱাৰ হাউচত পানী সোমোৱা, নিৰ্মীয়মান মূল বান্ধৰ ওপৰেৰে সঘনাই পানী বাগৰা আদি ঘটনাই এন এইচ পি চি কতৃৰ্পক্ষৰ লগতে সকলোকে চিন্তাম্বিত কৰি তুলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More