গোগামুখত আছুৰ ব’হাগী উৎসৱত সুৰামত্ত যুৱকৰ তাণ্ডৱ

লখিমপুৰত নীল আকাশ-জুবলীৰ অনুষ্ঠানত মাৰপিট-ছুৰীকাঘাত

0 37
  •  উদণ্ড-নিচাসক্ত যুৱকে গছকি ভাঙিলে চাৰি শতাধিক আসন
  • শিল্পী ৰোহিত সোণাৰৰ বাহনসহ কুৰিৰো অধিক বাহন ক্ষতিগ্ৰস্ত
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ মে ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু সন্মিলন চলি থকাৰ সময়তে একাংশ বিহু সন্মিলনস্থলীত বিভিন্ন অঘটন সংঘটিত হৈ আহিছে৷ শেহতীয়াকৈ লখিমপুৰ-ধেমাজিতো এনে ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ বিশেষকৈ একাংশ নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি আৰু তাণ্ডৱত বিহুতলীত অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈ আহিছে৷ ১৪ মে’ নিশা ধেমাজি জিলাৰ গোগামুখত অনুস্থিত হোৱা এখন বিহু সন্মিলনত সৃষ্টি হোৱা অনাহুত পৰিস্থিতিয়ে উপস্থিত হাজাৰ হাজাৰ বিহু প্ৰেমীলোকক ক্ষোভিত কৰি তোলে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱানিশা গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গোগামুখত অনুস্থিত হয় কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱ৷ এই উৎসৱত¸ বিহুতলীত জনসমুদ্ৰৰ মাজতে একাংশ উদণ্ড যুৱকে মুঠ চাৰিশখন চকী, বহুকেইখন টেবুল, শিল্পী ৰোহিত সোণাৰৰ দুখনকৈ বাহনৰ লগতে কুৰিখনৰো অধিক দুচকীয়া আৰু চাৰিচকীয়া বাহন, লাখ টকাৰ চাউণ্ড চিষ্টেম ভাঙি চুৰমাৰ কৰে৷ উল্লেখ্য যে এইবাৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই গৌৰৱময় ৩৯ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে গোগামুখ নগৰ হাইস্কুল খেলপথাৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰে৷ দুয়োটা দিনৰ কাৰ্যসূচী জনসমুদ্ৰৰ মাজেৰে শান্তিৰে সামৰণি হ’বলৈ যোৱাৰ সময়তে যোৱা নিশা এজন সুৰামত্ত যুৱকে এগৰাকী যুুৱতীৰ গোপন অংগত হাত দি অশ্লীল ইংগিত দিয়ে৷ যুৱকজনৰ এনে কাণ্ডত যুৱতী গৰাকীয়ে যুৱকজনক তীব্ৰ ককৰ্থনা কৰে৷ এনে সময়তে লম্পট যুৱকজনে যুৱতী গৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে৷ ইয়াতে ক্ষুব্ধ হৈ বিহুতলীত উপস্থিত থকা একাংশ লোকে দুয়োকে বাধা দিয়াৰ চেষ্টা কৰে৷ ইয়াতে দুটা ফৈদৰ সৃষ্টি হয় আৰু দুয়োপক্ষৰ মাজত মাৰপিট লাগে৷ গণপ্ৰহাৰত যুৱকজন আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসালয়লৈ নিয়া ঘটনাকে আলম লৈ আঘাতপ্ৰাপ্ত যুৱকজনৰ কেইবাজনো সতীৰ্থই যুৱকজনৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলায়৷ এনে অপপ্ৰচাৰৰ ফলতে বহু সুৰামত্ত যুৱক আহি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ ব’হাগী বিদায়স্থলীত এফালৰ পৰা চকী-টেবুল, মঞ্চ, পেণ্ডেল, চাউণ্ড চিষ্টেম ভাঙি পেলায়৷ তদুপৰি শিল্পী ৰোহিত সোণাৰৰ দুখন বিলাসী বাহনৰ লগতে বিহু তলীৰ কাষত থকা কুৰিখনৰো অধিক চাৰিচকীয়া আৰু দুচকীয়া বাহন ভাঙি চূৰমাৰ কৰাৰ লগতে আছু কৰ্মীকো আক্ৰমণ কৰে৷ সুৰামত্ত যুৱকে প্ৰায় চাৰিশখন চকী, লাখ টকীয়া চাউণ্ড চিষ্টেম, ভাঙি চুৰমাৰ কৰে৷ পিছত গোগামুখ আৰক্ষীয়ে লাঠি চালনা কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ নিচাসক্ত যুৱকে গোগামুখক লজ্জিত কৰা কাণ্ডই গোগামুখবাসীক স্তম্ভিত কৰি তুলিছে আৰু দোষীৰ উচিত শাস্তি দাবী জনাইছে৷

নকাড়ীত অঘটনঃ

ইফালে লখিমপুৰতো ১৩ মে’ৰ নিশা নকাড়ীত অনুষ্ঠিত হোৱা বিহু সন্মিলনত দুটা পৃথক ঘটনা সংঘটিত হয়৷ নকাৰীত নীল আকাশৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে বিহু তলীতে এজন যুৱকক প্ৰহাৰ কৰি আহত কৰাত যুৱকজন ৰক্তাক্ত হৈ পৰে৷ পিছত যুৱকজনক বিহু সমিতিৰ এজন কৰ্মকৰ্তাই আঁতৰাই লৈ যায়৷ তেনেদৰে বিহু তলীৰ বাহিৰত দুটা ফৈদৰ মাজত বাক্‌-বিতণ্ডা লগাৰ পিছত এজন যুৱকে আন এজন যুৱকক চুৰিকাঘাত কৰিবলৈ প্ৰচেষ্টা চলাই যদিও সৌভাগ্যক্ৰমে ঘটনা সিমানতে সামৰণি পৰে৷ আনহাতে ১২ মে’ৰ নিশা লখিমপুৰ নগৰৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত আন অঘটন সংঘটিত হয়৷ জনপ্ৰিয় কণ্ঠশিল্পী জুবলীয়ে মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়তে কোনো উদণ্ড যুৱকে মঞ্চলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত মঞ্চৰ কাষতে থকা এজন লোক গুৰুতৰ ভাৱে আহত হয়৷ এনে শিলগুটিয়ে এজন লোকৰ মূৰত আঘাত কৰাত তেওঁৰ মূৰ ফাটি গৈ চিকিৎসাধীন হ’ব লগা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More