গ্ৰহাণুৰ কক্ষপথ সলনিৰ বাবে নাছাৰ পৰীক্ষা

মহাকাশ গৱেষণাত এক নতুন অধ্যায়

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই : মহাকাশ বিজ্ঞানত নাছাই আৰু এখোজ আগুৱালে। বৰ্তমান নাছাই ৫০০ কিলোগ্ৰাম ওজনৰ গ্ৰহাণু এটাৰ দিশ সলনি কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে নাছাই গ্ৰহাণুটোৰ দিশ সলনি কৰিবলৈ এখন মহাকাশযানো প্ৰেৰণ কৰিছে। নাছাৰ মতে, এই গ্ৰহাণুটো চন্দ্ৰৰ কক্ষপথত পোৱা গৈছে। এই গ্ৰহাণুটো পৃথিৱীৰ ফালে অহা নাই বা এই গ্ৰহাণুৰ বাবে পৃথিৱীৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাই। মহাকাশ বিজ্ঞানক আৰু অধিক উন্নত কৰাৰ লগতে ভৱিষ্যতে পৃথিৱীখনক এনে কোনো বিপদৰ পৰা ৰক্ষা কৰিবলৈ নাছাই গ্ৰহাণুটোৰ দিশ সলনি কৰাৰ সিদ্ধান্ত লৈছে। অষ্ট্ৰেলিয়াৰ এটা বন্দৰৰ পৰা নাছাই সফলতাৰে এটা বাণিজ্যিক ৰকেট নিক্ষেপ কৰি ডাবল গ্ৰহাণু পুনৰ নিৰ্দেশিত পৰীক্ষামূলক মহাকাশযান ব্যৱহাৰ কৰি গ্ৰহাণুটোৰ দিশ সলনি কৰাৰ চেষ্টা চলাইছে। মূলতঃ এই গ্ৰহাণুটোৰ দিশ সলনি কৰাৰ চেষ্টা কৰা হৈছে। কোৱা বাহুল্য যে ৫০০ কিলোগ্ৰাম ওজনৰ গ্ৰহাণু এটাৰ দিশ সলনি কৰিবলৈ প্ৰয়োজন হয় প্ৰচণ্ড শক্তি। শেহতীয়াকৈ এই বিষয়ত এক গৱেষণা পত্ৰ প্ৰকাশ পাইছে ‘দ্য প্লেনেটেৰী চাইন্স জাৰ্নেল’ত। কোৱা হয় যে, দিশ সলনি কৰিলে কি হ’ব আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰাটো কঠিন। গ্ৰহাণুটোৰ দিশ সলনি কৰিবলৈ যথেষ্ট বাহ্যিক শক্তিৰ প্ৰয়োজন হয়। ইয়াৰ ফলত গ্ৰহাণুটোৰ আভ্যন্তৰীণ গঠনত পৰিৱৰ্তন হ’ব পাৰে। কাৰণ নাছাৰ বিজ্ঞানীসকল এতিয়াও গ্ৰহণুৰ গঠন সম্পৰ্কে নিশ্চিত নহয়। নেচনেল চেণ্টাৰ ফৰ কম্পিটেন্স ইন ৰিচাৰ্চ প্লেনেটৰ বিষয়া ছাবিনা ৰাডুকানে কয় যে, গ্ৰহাণুৰ গঠন ধ্বংসাৱশেষৰ দৰে দেখা যাব পাৰে। যিটো মহাকৰ্ষণীয় পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা একত্ৰিত কৰা হৈছে। নাছাৰ মতে, ২০২১ চনৰ নৱেম্বৰ মাহত ডাবল এষ্টেৰয়ড ৰিডাইৰেকচন টেষ্ট বা ডাৰ্টে মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ডিডিমোছত উপস্থিত হ’ব। অক্টোবৰ মাহত ই প্ৰতি ঘণ্টাত ২৪ হাজাৰ কিলোমিটাৰ বেগত গ্ৰহাণুটো ঠেলি দিব। বিজ্ঞানীসকলে অনুমান কৰিছে যে, ইয়াৰ ফলত ডিডিম’ছৰ কক্ষপথৰ গতিবেগ প্ৰতি ছেকেণ্ডত ০.৪ মিলিমিটাৰত পৰিৱৰ্তন হ’ব আৰু ফলত গ্ৰহাণুটোৰ দিশ সলনি হ’ব। ২০২৭ চনত ইউৰোপীয় মহাকাশ সংস্থাৰ মহাকাশযান আহিব দুৰ্ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবলৈ। এই মহাকাশযানখনে পৰ্যবেক্ষণ কৰিব যে, গ্ৰহাণুৱে কিমান দিশ সলনি কৰিছে। পৃথিৱীৰ ফালে ধাৱমান হ’লে এনে গ্ৰহাণুৰ পৰা পলায়ন কৰা সম্ভৱ হয়নে নহয় সেয়াও পৰীক্ষা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More