গ্ৰীণ টিত পদিনা পাত মিহলাই খাওকঃ দ্ৰুততাৰে ওজন কমাওক

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ আগষ্ট : অতিৰিক্ত ওজন সকলোৰে বাবে চিন্তাৰ বিষয়। এই ওজনৰ পৰা যিহেতু বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। সৌন্দৰ্যৰ বাটতো ই সদায় বাধাৰ সৃষ্টি কৰে। ওজন কমাবলৈ সকলোৱে কিছুমান পদক্ষেপ লয়। কিছুমানে কঠোৰ খাদ্য মানি চলে আন কিছুমানে ব্যায়াম কৰে। কিছুমানে দুয়োটাকে অনুসৰণ কৰে। এতিয়া দিনটোৰ আৰম্ভণিতে বিশেষ পদক্ষেপ গ্ৰহণ কৰি অতিৰিক্ত ওজন কমাব পাৰে আপুনি। এবিধ বিশেষ পানীয়ৰে দিনটো আৰম্ভ কৰক। এসপ্তাহৰ ভিতৰতে ওজন কমিবলৈ আৰম্ভ কৰিব। এতিয়া পদিনা আৰু গ্ৰীণ টিৰ মিশ্ৰিত উপাদান নিয়মিতভাৱে খাওক আৰু পৰিৱৰ্তন চাওক।

* উপকৰণ
প্ৰতিবাৰতে আপোনাক প্ৰয়োজন হ’ব সেউজীয়া চাহ বা গ্ৰীন টি (১টা চাহৰ বেগ), পদিনা পাত (প্ৰয়োজন অনুসৰি), গৰম পানী।

* পদ্ধতি
পাত্ৰ এটাত পানী লৈ গৰম হ’বলৈ দিব। উতলিবলৈ আৰম্ভ কৰিলে পদিনা পাত দিব। এতিয়া নমাই চেকি লওক। সেই পদিনা পাতৰ পানীয়বিধত চাহৰ বেগটো ডুবাই দিব। ৩ মিনিট ৰাখিব।

এই চাহ নিয়মিতভাৱে খাব লাগে। ই সোনকালে ওজন কমাব। লগতে দিনটো ডিটক্স পানীৰে আৰম্ভ কৰক। নেমুৰ ৰস আৰু মৌ গৰম পানীত মিহলাই খাব পাৰে। এই ডিটক্স পানীয়ে ওজন কমাই দিব। একেদৰে গৰম পানীত মৌ মিহলাই খাব লাগে। অথবা প্ৰতিদিনে খালী পেটত কফি আৰু নেমুৰ মিশ্ৰণ খাব লাগে। গৰম পানীত কফি পাউদাৰ আৰু নেমুৰ ৰস ভালদৰে মিহলাই খালী পেটত খাব লাগে। ইয়াৰ উপৰি ই ওজন সোনকালে হ্ৰাস কৰিব। জিৰা পানীও খাব পাৰে। ১ চামুচ জিৰা এগিলাচ পানীত ৰাতি তিয়াই থব লাগে। ৰাতিপুৱা অলপ উতলাই খালে সুফল পাব। লগতে গাখীৰৰ চাহৰ ঠাইত গ্ৰীণ টি ব্যৱহাৰ কৰিব লাগে। দিনে ৩ বাৰ পৰ্যন্ত গ্ৰীণ টি খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে ওজন কমালে শৰীৰ সুস্থ কৰি ৰাখে। লগতে মদ্যপান একেবাৰে বন্ধ কৰক। মদ্যপানে পেটৰ চৰ্বি বৃদ্ধি কৰে। এই নিয়মবোৰ মানি চলক। শৰীৰক সুস্থ কৰি ৰাখিব বিচাৰিলে আৰু পেটৰ চৰ্বি কমাব বিচাৰিলে প্ৰথমে মদ্যপান বন্ধ কৰক। প্ৰটিন খাব পাৰে। ওজন কমাব বিচাৰিলে অধিক প্ৰটিন খাব লাগে। প্ৰটিনে শৰীৰৰ বিপাকীয় হাৰ বৃদ্ধি কৰে। ই পেটৰ চৰ্বি কমায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More