লখিমপুৰত “গৰীব কল্যাণ সন্মিলন” অনুষ্ঠিত

0 14

উত্তৰ লখিমপুৰ ৩১ মে’ : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। “আজাদী কা অমৃত মহোৎসৱ” ৰ সৈতে সংগতি ৰাখি দেশৰ প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে আজি মত বিনিময় কৰে। উক্ত আঁচনিসমূহে আর্থিকভাৱে দুৰ্বল আৰু দৰিদ্ৰ জনসাধাৰণক সাঙুৰি লৈছে আৰু সেয়েহে, মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে “গৰীব কল্যাণ সন্মিলন”। আজি লখিমপুৰ জিলাই এই গৰিমাময় অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। পুৱা ৯.৩০ বজাৰ পৰা লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে তেজপুৰৰ সাংসদ পল্লব লোচন দাসে অংশগ্ৰহণ কৰে।IMG 20220531 WA0035 তেখেতে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ হৈতে মত বিনিময় কৰে। তদুপৰি তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ অনুমোদন পত্ৰ প্ৰদান কৰাৰ লগতে “প্ৰধানমন্ত্ৰী কিষাণ” সন্মান নিধিৰ অনুমোদন পত্ৰও প্ৰদান কৰে।বিশিষ্ট অতিথি হিচাপে বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা উপস্থিত থাকে। লখিমপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে আঁত ধৰা অনুষ্ঠানটিত জিলা উপায়ুক্ত সুমিত সত্তাৱনে আদৰণি ভাষণ প্ৰদান কৰে। জিলা পর্যায়ত এই অনুষ্ঠানটি পুৱা ১১ বজাৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হয়। প্রধানমন্ত্ৰীয়ে চিমলাৰ পৰা দেশৰ হিতাধিকাৰীসকলৰ সৈতে ভার্চুৱেলি মত বিনিময় কৰে। আজিৰ এই মত বিনিময় অনুষ্ঠানত জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, BDO, PRI members আৰু বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More