গৱেষক, শিক্ষাবিদ ড° ৰাজীৱ সন্দিকৈক বাঘ হাজৰিকা জাতীয় চেতনা বঁটা

লখিমপুৰত বাঘ হাজৰিকা জাগৰণ মঞ্চৰ প্ৰথম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন

0 70
  • মুহিউদ্দিন আহমেদক জীৱন জোৰা সাধনা বঁটা প্ৰদান
  • মুখপত্ৰ জাত বল্লভ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ মে’: বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন আজি দেওবাৰে লখিমপুৰত অনুষ্ঠিত হয়। পুৱা উত্তৰ লখিমপুৰ নগৰৰ টাউন বান্টৌৰ ছাৰনাজ হোটেল চৌহদত বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ সভাপতি ড° পইনুৰুদ্দিন আহমেদে পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে বাঘ হাজৰিকা জাগৰণ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি চৈয়দ অহিদুৰ ৰহমানে। স্মৃতি তৰ্পণৰ পিছতে অনুষ্ঠিত হয় বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ অন্তিম কাৰ্যনির্বাহক সভা। দুপৰীয়া অনুষ্ঠিত প্ৰতিনিধি সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে ড° পইনুৰুদ্দিন আহমেদক সভাপতি আৰু চামচুল বাৰিকক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ কাৰ্যনির্বাহক সমিতি গঠন কৰা হয়। বিয়লি ২ বজাৰ পৰা নাট্যকাৰ আলি হাইদৰ মঞ্চত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই। বিশিষ্ট লেখক তথা বাঘ হাজৰিকা জাগৰণ মঞ্চৰ সম্পাদক চামচুল বাৰিকে আঁত ধৰা অনুষ্ঠানটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰাজীৱ সন্দিকৈক বাঘ হাজৰিকা জাতীয় চেতনা বঁটা আৰু শিক্ষাবিদ সাহিত্যিক মুহিউদ্দিন আহমেদক প্ৰদান কৰা হয় জীৱন জোৰা সাধনা বঁটা। মুখপত্ৰ জাত বল্লভ উন্মোচন কৰে প্ৰবন্ধকাৰ, যুৱ সমাজকৰ্মী ড৹ জাকিৰুল আলমে। বাঘ হাজৰিকা জাগৰণ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক জাকিৰ হুছেইনে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে লেখক মুকুট শৰ্মাই। দীপা দাস হাজৰিকাৰ পৰিচালিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত আহোম ৰয়েল ছছাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চেতিয়া, অধ্যাপিকা  স্বপ্নালী চেতিয়া, বাঘ হাজৰিকা জাগৰণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰফিকউদ্দিন আহমেদ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। বিশিষ্ট নাট্যকৰ্মী চৈয়দ নাজিম আহমেদ, লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° হামিদূৰ ৰহমান, অৱসৰপ্ৰাপ্ত অধ্যাপক বাহাৰুল ইছলাম, কবি সমাজসেৱক মুকুট গগৈ, কল্যাণী চক্ৰৱৰ্তী গগৈ, বাঘ হাজৰিকা জাগৰণ মঞ্চৰ লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক আদিল আখতাৰ হুছেইনকে ধৰি দুই শতাধিক লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত বন্তি লেখাৰুৱে বৰগীত, প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰাপ্ত প্ৰবীণ শিল্পী ভদিয়া কাইয়ে জিকিৰ পৰিৱেশন কৰে। সন্মিলনখনত লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, তিনিচুকীয়া, যোৰহাট, গুৱাহাটীকে ধৰি কেইবাখনো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সভাত পৰৱৰ্তী অধিৱেশন চৰাইদেউ জিলাত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More