চতিয়াৰ মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱালৈ তেজপুৰৰ “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান

দুবাৰকৈ চিলাৰায় বঁটা প্ৰাপক সুকন্যা কাশ্যপ মহন্তক অভিনন্দন

0 37

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ ছেপ্টেম্বৰ : ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা বহুমুখী প্ৰতিভাৰ মেধাৱী ছাত্ৰী তেজপুৰৰ গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চতিয়াৰ আৰ্থিক ভাবে পিছপৰা মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱাক “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে, ছাত্ৰী অৱস্থাৰ বিদ্যায়তনিক ক্ষেত্ৰত কৃতিত্বৰ সমান্তৰাল ভাবে কুইজ, বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, গীত – নৃত্য – চিত্ৰাংকন আদিত ৰাজ্যিক – ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতাৰ পৰিচয় দি অহা গংগোত্ৰীৰ সোঁৱৰণত পৰিয়ালৰ লোকে ২০১৬ বৰ্ষৰ পৰাই গংগোত্ৰীৰ ১০ ছেপ্টেম্বৰৰ ওপজা দিনটোত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি আৰ্থিক ভাবে শোচনীয় অৱস্থাৰ মেধাৱী ছাত্ৰীক নগদ ধন সহ “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা” প্ৰদান কৰি আহিছে। আজিও তেজপুৰৰ বাসন্তীপুৰস্হিত “গংগোত্ৰী গোস্বামী সোঁৱৰণী কক্ষত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক খগেশ্বৰ বৰকাকতি আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক তথা বিশিষ্ট চিন্তাবিদ, সমাজ বিজ্ঞানী ড° চন্দন শৰ্মাই আনুষ্ঠানিক ভাবে “গংগোত্ৰী গোস্বামী সোঁৱৰণী ন্যাস”ৰ হৈ চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰ্থিক ভাবে পিছপৰা চতিয়া অঞ্চলৰ মাগুৰমাৰী গাঁৱৰ ক্ষিতিশ বৰুৱা আৰু ৰেণু বৰুৱাৰ জ্যেষ্ঠ কন্যা হিমাদ্ৰী বৰুৱাক এই বঁটাৰ হৈ নগদ ধনৰ লগতে এযোৰ পাটৰ কাপোৰ , স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা” বঁটা প্ৰদান কৰে। উল্লেখ্য যে এক বেদনা মিশ্ৰিত আবেগিক পৰিৱেশত গংগোত্ৰীৰ প্ৰতিচ্ছবিত আজিৰ অনুষ্ঠানটিৰ বিশিষ্ট অতিথি, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন শৰ্মাৰ লগতে পিতৃ অৱসৰপ্ৰাপ্ত বেংক বিষয়া গকুল গোস্বামী আৰু হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মাতৃ মমী ভাগৱতী গোস্বামী আৰু গংগোত্ৰীৰ কণিষ্ঠ ভগ্নী ভৈশালী গোস্বামীৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা খগেশ্বৰ বৰকাকতীয়ে অকালতে কায়িক ভাবে আঁতৰি যোৱা বহুমুখী প্ৰতিভাৰ গংগোত্ৰীৰ বিদেহ আত্মাৰ সদগতি কৰি এই অনুষ্ঠানে গংগোত্ৰীৰ স্মৃতি যুগমীয়া কৰাই নহয় আমাৰ সমাজৰ আৰ্থিকভাৱে দুৰ্বল একাংশ মেধাৱী শিক্ষাৰ্থীক বিশেষ সকাহ প্ৰদান কৰিব বুলি কয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী পোহৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ জ্যেষ্ঠ অধ্যাপক, সমাজ বিজ্ঞানী ড০ চন্দন শৰ্মাই ২০১৬ চনৰ প্ৰথমটো বঁটা প্ৰদান অনুষ্ঠানতে নিজে উপস্থিত থকাৰ সৌভাগ্য হোৱাৰ পৰৱৰ্তী সময়ত এই অনুষ্ঠানটো নিজৰ বাবে এক বিশেষ অনুষ্ঠানলৈ পৰিণত হয়। বিশেষকৈ আজিও আমাৰ সমাজত নাৰী কিছু পৰিমাণে হ’লেও অৱহেলিত হোৱাৰ সময়ত গংগোত্ৰীৰ পৰিয়ালৰ এনে পদক্ষেপ অতিশয় আশাব্যঞ্জক পদক্ষেপ বুলি মন্তব্য কৰি বঁটা প্ৰাপক সকলে এই বঁটাৰ দ্বাৰা কেৱল নিজৰ কেৰিয়াৰ কথাতে আৱদ্ধ হৈ নেথাকি সামাজিক দায়বদ্ধতাৰে সমাজৰ বিকাশ আৰু উত্তৰণত জড়িত হৈ গংগোত্ৰীক লৈ আয়োজনৰ এই মহত্বক যুগমীয়া কৰিবলৈ আহ্বান জনায়। প্ৰসংগ ক্ৰমে সুবক্তা ড০ শৰ্মাই আজিৰ অভিভাৱক সকলে নিজৰ সন্তানক কেৱল প্ৰথম হোৱাৰ লক্ষ্যেৰে আন সকলো ক্ষেত্ৰতো “ছুপাৰ মেন” হিচাপে গঢ়ি তোলাৰ মানসিকতা পৰিহাৰ কৰি সন্তানক মূল্যবোধৰ শিক্ষা প্ৰদান কৰি সৰুৰে পৰা নিজে আনকো বিলাই দিয়া মানসিকতাৰে গঢ়িবলৈ আহ্বান জনায়। এই প্ৰসংগত তাৎপৰ্যপূৰ্ণ ভাবে ড০ চন্দন শৰ্মাই পথটিত যদি অহৰহ ঠেলা গাড়ী চলি নিজে কেনেদৰে মাৰ্চিদিছ চলাবলৈ সক্ষম হ’ব বুলি কৈ সকলোকে মাৰ্চিদিছ চলোৱাৰ সুবিধা প্ৰদান কৰিবলৈ অৰ্থাৎ আনৰো মংগলৰ বাবে প্ৰতিযোগিতাত আগবাঢ়ি যোৱাৰ আহ্বান জনায়। বঁটা প্ৰাপক হিমাদ্ৰীৰ শিক্ষয়িত্ৰী চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী পূৰবী হাজৰিকা, শিক্ষক বাণেশ্বৰ বৰা আদিয়ে চমু ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত নিজৰ অনুভৱ সদৰী কৰি আবেগিক হৈ পৰা হিমাদ্ৰী বৰুৱাই গংগোত্ৰীক এটুকুৰা হীৰা বুলি উল্লেখ কৰি এনে হীৰাৰ স্মৃতিত প্ৰদান কৰা বঁটাই আগন্তুক সময়ত শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে উদ্বুদ্ধ কৰিব বুলি কৈ এনেধৰণৰ অনুষ্ঠান পূৰ্বে দেখা নাছিল বুলি মন্তব্য কৰে। কবিজ কাশ্যপ আৰু সুকন্যা কাশ্যপ মহন্তৰ বেদপাঠেৰে আৰম্ভ হোৱা আৰু দিলীপ নাথে বেহেলা বাদন কৰা আজিৰ এই অনুষ্ঠানতে এই অনুষ্ঠানটি ধাৰাবাহিক ভাবে আয়োজন কৰি অহাত পৰিয়ালটিক বিশেষ সহযোগিতা, পৰামৰ্শ আদি আগবঢ়াই অহা বিশিষ্ট বিজ্ঞান লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰমেশ চন্দ্ৰ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক তথা তেজপুৰৰ এগৰাকী সক্ৰিয় সমাজকৰ্মী পংকজ বৰুৱা, এন চি চিত পাৰদৰ্শিতাৰ পৰিচয় দি দেশৰ গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসৰ নতুন দিল্লীৰ পেৰেডত কৃতিত্বৰ  পৰিচয়েৰে দুবাৰকৈ চিলাৰায় বঁটা লাভ কৰা সুকন্যা কাশ্যপ মহন্তক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।সম্বৰ্ধনা গ্ৰহণ কৰি ড০ ৰমেশ চন্দ্ৰ গোস্বামী আৰু পংকজ বৰুৱায়ো গংগোত্ৰীৰ স্মৃতি ৰোমন্থন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More