চন্দ্ৰত সম্ভাৱ্য শক্তিৰ উৎস আৱিষ্কাৰ

চীনৰ তিনিটা অভিযানৰ লক্ষ্য

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : চীনে অতি সোনকালে চন্দ্ৰ অন্বেষণ কৰিব বিচাৰিছে। সেই উদ্দেশ্যে ছি জিনপিঙৰ দেশখনে এতিয়া চাং’ই চন্দ্ৰ কাৰ্যসূচীৰ অংশ হিচাপে অহা দহ বছৰত তিনিটাকৈ চন্দ্ৰ অভিযান আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এই মিছনবোৰৰ আঁৰত আন কিছুমান কথাও আছে। দৰাচলতে চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসনে চন্দ্ৰত এটা নতুন খনিজ বিচাৰি উলিওৱাৰ পিছত ভৱিষ্যতে তিনিটা অভিযানত অনুমোদন জনাইছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি অহা দশকত চীনে তিনিখন যান চন্দ্ৰৰ কক্ষপথলৈ উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰিছে। ইফালে দ্য গ্ল’বেল টাইমছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে চীন তৃতীয়খন দেশ হিচাপে পৰিগণিত হৈছে যিয়ে চন্দ্ৰৰ নতুন খনিজ আৱিষ্কাৰ কৰিছে, যাৰ নাম ‘চেঞ্জেছাইট (ৱাই)’। চীনৰ চাং’ই-৫ মিছনৰ নমুনা ২০২০ চনত উদ্ধাৰ কৰি মূল্যায়ন কৰা হৈছিল। এই খনিজটোত হিলিয়াম-৩ সমৃদ্ধ, যিটো ভৱিষ্যতে শক্তিৰ উৎস হ’ব পাৰে। আমেৰিকা আৰু চীনৰ মাজত মহাকাশ দৌৰে গতি লাভ কৰিছে, আৰু দুয়োখন দেশে এতিয়া চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওপৰত চকু ৰাখিছে, য’ত চীনে গৱেষণা ঘাটি গঢ়ি তুলিব বিচাৰিছে। চীনে এতিয়ালৈকে কৰা মহাকাশ প্ৰচেষ্টাসমূহৰ ভিতৰত আছে এটা মহাকাশ কেন্দ্ৰ, চন্দ্ৰলৈ মানৱবিহীন অভিযান প্ৰেৰণ কৰা আৰু মংগল গ্ৰহত এখন ৰোভাৰ স্থাপন কৰা। ইফালে নাছাই নিজৰ আৰ্টেমিছ ছিৰিজৰ প্ৰ’বেৰে মানুহক চন্দ্ৰত অৱতৰণ কৰাৰ চেষ্টা চলাইছে। এতিয়ালৈকে দুয়োটা প্ৰচেষ্টা ব্যৰ্থ হৈছে। অৱশেষত মহাকাশ সংস্থাটোৱে চন্দ্ৰলৈ ক্ৰযুক্ত অভিযান পঠিয়াবলৈ বিচাৰিছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে কেৱল নাছাইহে চন্দ্ৰলৈ মানুহ পঠিয়াবলৈ সক্ষম হৈছে। কিন্তু চীনৰ দ্রুতগতিৰ পন্থাৰ লগে লগে বিশেষজ্ঞসকলৰ মতে চন্দ্ৰলৈ মানুহ পঠোৱাটো অতি ক্ষিপ্ৰতাৰে সলনি হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More