চন্দ্ৰপৃষ্ঠৰ মাটিত উদ্ভিদৰ অঙ্কুৰণ !

0 43

শতাব্দ বিশেষ প্ৰতিনিধি, ১৩ মে’ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত দাবী কৰিছে যে, চন্দ্ৰৰ মাটিত তেওঁলোকৰ এক গৱেষক দলে উদ্ভিদৰ অঙ্কুৰণ ঘটাবলৈ সক্ষম হৈছে। ‘নাছা’ আৰু ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ এটা যুটীয়া গৱেষক দলে চন্দ্ৰৰ ভূপৃষ্ঠৰ পৰা সংগ্ৰহ কৰা মাটিৰ নমুনা ব্যৱহাৰ কৰি প্ৰথমবাৰৰ বাবে এনে কাৰ্যত সফলতা লভিছে। এপ’লো ১১, ১২ আৰু ১৭ ৰ অভিযানৰ সময়ত সংগ্ৰহ কৰা চন্দ্ৰৰ ভূপৃষ্ঠৰ মাটি এই পৰীক্ষাত প্ৰয়োগ কৰা হৈছিল। গৱেষক দলটোৱে পৰীক্ষা কাৰ্যত Arabidopsis নামৰ সেউজীয়া সৰিয়হ প্ৰজাতিৰ এবিধ উদ্ভিদৰ বীজ ব্যৱহাৰ কৰিছিল। পৰীক্ষা কাৰ্যত বিজ্ঞানীসকলে প্ৰতিটো বীজৰ বাবে এক গ্ৰাম পৰিমাণৰ চন্দ্ৰৰ মাটি আৰু লগতে পানী প্ৰয়োগ কৰি Terrariam বাকছ এটা পৰিষ্কাৰ কোঠালীত ৰখাৰ পাছত দুদিনৰ ভিতৰতেই বীজ অংকুৰিত হোৱা ঘটনাই তেওঁলোকক আচৰিত কৰি তুলিছিল। বীজ প্ৰোথিত কৰাৰ ছদিনৰ পাছত গৱেষকৰ দলটোৱে পৰ্যবেক্ষণ কৰি দেখিছিল যে, চন্দ্ৰপৃষ্ঠৰ মাটিত উদ্ভিদৰ অঙ্কুৰণ সম্ভৱ হৈছে কিন্তু পৃথিৱীৰ মাটিত হোৱা উদ্ভিদৰ তুলনাত চন্দ্ৰপৃষ্ঠৰ মাটিত অঙ্কুৰণ ঘটা উদ্ভিদটোৰ স্বাস্থ্য কিছু দুৰ্বল আৰু লেহুকা। সি যি কি নহওঁক, চন্দ্ৰপৃষ্ঠৰ মাটিত উদ্ভিদৰ অঙ্কুৰণ ঘটোৱাৰ প্ৰচেষ্টাতো ভৱিষ্যতৰ বাবে এটা যুগান্তকাৰী ঘটনা বুলি ‘নাছা’ই আখ্যা দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More