চপাই আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ মঞ্চত ন – পুৰণি অসমীয়া গীতৰ মহাৰণ

ছিপাঝাৰৰ হৃদয়ানন্দ নাথৰ শিৰত 'ভয়চ অৱ দৰং' খিতাপ 

0 20
শতাব্দ প্ৰতিনিধি, মঙলদৈ, ২৫ এপ্ৰিলঃ ব্যতিক্ৰমী চিন্তা চৰ্চাৰ উন্মেষ ঘটাই চপাই নেহৰু ময়দানত চপাই যুৱ কল্যাণ কেন্দ্ৰই অনুষ্ঠিত কৰা ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ছিপাঝাৰ নিৱাসী হৃদয়ানন্দ নাথে। কালি নিশা ৯ বজাত সামৰণি পৰা ন পুৰণি গীতৰ এই মহাৰণত অংশগ্ৰহণ কৰা ৬২ জন প্ৰতিযোগীৰ ভিতৰত  হৃদয়ানন্দ নাথে শ্ৰেষ্ঠত্ব অৰ্জনেৰে লাভ কৰে ধনজিৎ দাস (বাবু) সোঁৱৰণী বঁটা আৰু নগদ ৩০০১ টকা। সংগীত শিল্পী তথা কামৰূপ মহানগৰ জিলাৰ গৃহৰক্ষী বাহিনীৰ জিলা কামাণ্ডেণ্ট বসন্ত শৰ্মাই উদ্বোধন কৰা আৰু অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা এই প্ৰতিযোগিতাত বিয়ানাম, বৰগীত, লোকগীত, চিয়াগীত, ভূপেন্দ্ৰ সঙ্গীত, ৰাভা সঙ্গীত, জ্যোতি সঙ্গীত, জিকিৰ, পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীতকে ধৰি বিভিন্ন গীতৰ সমাহাৰ ঘটে। প্ৰায় ১১ ঘণ্টা ধৰি তিনিটা ৰাউণ্ডত চলা এই সংগীতৰ মহাৰণত দ্বিতীয় স্থানপ্ৰাপ্ত দুনীৰ নৱম শ্ৰেণীৰ ছাত্ৰী অদিতি বৰাই চন্দ্ৰপ্ৰভা চৌধুৰী সোঁৱৰণী বঁটা আৰু নগদ ২৫০১ টকা, তৃতীয় স্থানপ্ৰাপ্ত বৰক’লা মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নিতুল ডেকাই বিদ্যাৰাম চহৰীয়া সোঁৱৰণী বঁটা আৰু নগদ ২০০১ টকা, চতুৰ্থ স্থানপ্ৰাপ্ত স্নাতক ডিগ্ৰীধাৰী চপাই গধিয়াপাৰাৰ ভাস্কৰজ্যোতি ডেকাই জোনমণি বৰুৱা সোঁৱৰণী বঁটা আৰু নগদ ১৫০১ টকা আৰু পঞ্চম স্থানপ্ৰাপ্ত মঙলদৈ ডনবস্কৰ নৱম শ্ৰেণীৰ ছাত্ৰ চৈয়েব চবিৰ আহমেদে লাভ কৰে জাতীয় ছহিদ হৰি নাথ সোঁৱৰণী বঁটা আৰু নগদ ১০০১ টকা। বিশিষ্ট শিল্পী পূৰ্ণানন্দ শৰ্মা, ডাঃ মহেশ ডেকা আৰু কাকুল চলিহা বিচাৰকৰ আসন শুৱনি কৰা এই প্ৰতিযোগিতাৰ অন্তত মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দাতা কমল ডেকা, ভৱেশ নাৰায়ণ চৌধুৰী, মদন চহৰীয়া, ৰক্তোৎপল বৰুৱা, মুনীন্দ্ৰ নাথ, উদ্যোক্তা সমিতিৰ হাছিনুৰ হুছেইন, ৰমেশ চহৰীয়া, মহেন্দ্ৰ ডেকা, হিৰেণ চন্দ্ৰ ডেকা আদিয়ে বঁটা সমূহ বিতৰণ কৰে। বঁটা বিতৰণী সভা আঁত ধৰে জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই। উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে হোৱা এই বিহু সন্মিলনীখনে ৭০ বছৰ উৰ্ধৰ ৬০ জন বয়োজ্যেষ্ঠৰ চৰণ ধুৱাই সম্ভাষণ জনাই অন্তৰঙ্গ আলাপ অনুষ্ঠিত কৰিছিল। কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰা এই বিহুৰ সাংস্কৃতিক অনুষ্ঠানত ন পুৰণি অসমীয়া গীতেৰে জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী বন্দিতা বৰুৱা, প্ৰাপ্তি বৰুৱা আৰু হেমেন অৰ্ণৱে নিশা ৯.৩০ বজাত মঞ্চত উঠি বিভিন্ন গীতেৰে সকলো শ্ৰেণীৰ দৰ্শকক মোহাচ্ছন্ন কৰি নিশা ১২.৪০ বজাত উদ্যোক্তাৰ আহ্বানত গীতৰ অনুষ্ঠান সমাপ্ত কৰে। উল্লেখ্য যে, সদৌ অসম ভিত্তিত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত দৰঙী বিহুৱা দল প্ৰথম, বেজপাৰা প্ৰগতি সংঘ বিহুৱা দল দ্বিতীয় আৰু ওদালগুৰিৰ বৰনৈপৰীয়া বিহুৱা দলে তৃতীয় স্থান লাভ কৰে। আনহাতে নৃত্য প্ৰতিযোগিতাত নিহাৰ প্ৰতীম নাথ প্ৰথম, সুপ্ৰিয়া ডেকা দ্বিতীয়, বিহুৱান দল তৃতীয়, ধৃতিছায়া ভৰদ্বাজ চতুৰ্থ আৰু কস্তুৰী নাথে নিচুকণি বঁটা লাভ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More