চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বিজয়ী প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সম্বৰ্ধনা

0 21

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ জুলাইঃ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকাই আজি দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত ২০২২ বৰ্ষৰ চাব-জুনিয়ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বিজয়ী অসমৰ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ১০ বছৰ পাছত অসমত পুনৰ টেবুল টেনিছে ইয়াৰ পূৰ্বৰ গৰিমা ঘূৰাই পাবলৈ সক্ষম হৈছে। এসময়ত এই খেলবিধত অসমৰ খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰাত অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখন পুনৰ উজ্জীৱিত হৈ পৰিছে। আনহাতে অসম টেবুল টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা অসমত কলিকতাৰ প্ৰশিক্ষক শুভ্ৰজিত সাহাৰ তত্বাৱধানত এক প্ৰশিক্ষণ কাৰ্যসূচীৰো আৰম্ভ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক শুভেচ্ছা জনোৱাৰ লগতে অসম টেবুল টেনিছ সন্থাৰ তৰফৰ পৰা দুই লাখ টকাৰ চেক প্ৰদান কৰে। আনহাতে অনাগত সময়ত অসমৰ টেবুল টেনিছ ক্ষেত্ৰখনক অধিক উজ্জীৱিত কৰিবৰ বাবে চীন দেশৰ পৰাও প্ৰশিক্ষক অনাৰ কথা চিন্তা কৰি থকা বুলি মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে। অনুষ্ঠানত আঠবাৰকৈ ৰাষ্ট্ৰীয় টেবুল টেনিছৰ চেম্পিয়ন খেলুৱৈ কমলেশ মেহটা, অসমৰ অৰ্জুন বঁটাপ্ৰাপ্ত খেলুৱৈ মনালিছা মেহটাৰ লগতে অসম টেবুল টেনিছ সন্থাৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More