চালকক ঠগি তেজপুৰৰ পৰা গাড়ী লৈ উধাও হোৱা আশীষক কৰায়ত্ত বিশ্বনাথত

0 16

 শতাব্দ প্ৰতিনিধি তেজপুৰ,৭জুলাই: মেঘালয়ৰ পৰা আহি পাঁচ জুলাইত গুৱাহাটীত এএছ০১জিচি০৩৭৭নম্বৰৰ চুইফট ডিজায়াৰ ভাড়াত লৈ নিশা তেজপুৰত উপস্থিত হোৱা মেঘালয়ৰ আশীষ বৰা লিংড’(৩৬)নামৰ এক গাড়ীচোৰক অৱশেষত কালি সন্ধিয়া প্ৰায় ছয় বজাত বিশ্বনাথ আৰু চতিয়া আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে,কালি পুৱাৰে পৰা গাড়ীখন লৈ তেজপুৰৰ বিভিন্ন অঞ্চলত ঘূৰি দুপৰীয়া তেজপুৰৰ দোলাবাৰীত থকা মছজিদৰ ওচৰত চালকক গাড়ীখন ৰখাবলৈ দি সেই অঞ্চলত এজন মানুহক সন্ধান কৰিবলৈ কয় চালকজনক। গাড়ীৰ ষ্টাৰ্ট বন্ধ নকৰাকৈ চালকক নামিবলৈ কোৱাত চালকজন নমাৰ পাছতেই গাড়ীত বহি থকা আশীষে গাড়ীখন লৈ উধাও হয়। ইপিনে নিজৰ চ’ল ফোনটোও গাড়ীখনতে থাকি যোৱাত বিপদত পৰা চালকজনে তেজপুৰ সদৰ আৰক্ষী থানাত উপস্থিত হৈ এই বিষয়ে জনোৱাত আৰক্ষীয়ে লগে লগে গাড়ীখনৰ গৰাকীৰে যোগাযোগ কৰে আৰু গৰাকীৰ পৰা গাড়ীখনত জিপিএছ সংলগ্ন থকাৰ বিষয়ে জানিব পাৰি তেজপুৰ আৰক্ষীয়ে চুৰি হোৱা গাড়ীখনৰ অৱস্থিতি জামুগুৰিত ধৰা পেলায়। লগে লগে এই বিষয়ে জামুগুৰি আৰু চতিয়া থানাক জনোৱা হয় য’দিও ইতিমধ্যেই গাড়ী সহ আশীষে জামুগুৰি থানা অতিক্ৰম কৰি যায়। আনহাতে চতিয়া আৰক্ষীৰ বাধা নামানি তীব্ৰ বেগত বিশ্বনাথৰ দিশে আগবঢ়া চুৰি গাড়ীখন অনুসৰণ কৰে চতিয়া আৰক্ষীয়ে আৰু ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে খবৰ লাভ কৰি পথ বন্ধ কৰি দিয়াত এইবাৰ আৰক্ষীৰ হাতত গাড়ী সহ বন্দী হয় গাড়ী চোৰ। নিশাই তেজপুৰ সদৰ থানালৈ অনা ধৃত আশীষে তেওঁৰ হেৰোৱা খুড়াকৰ সন্ধানত লখিমপুৰলৈ যাবলৈ বিচৰাত গাড়ীখনৰ চালকজন লখিমপুৰলৈ যাবলৈ অমান্তি হোৱাত আৰু আশীষৰ হাতত বাছত যাব পৰাকৈয়ো ধন নথকাৰ বাবেহে এইদৰে গাড়ীখন লৈ উধাও হোৱা বুলি প্ৰকাশ কৰে। অৱশ্যে আশীষৰ এনে ভাষ্যৰ বিপৰীতে গাড়ী চুৰিৰ অভিযোগত আশীষক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি তেজপুৰস্থিত সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাই আৰু আদালতে অভিযুক্তক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। ইপিনে,তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৱে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে আশীষ সন্দৰ্ভত মেঘালয়ৰ নংপো আৰক্ষী থানাৰে যোগাযোগ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে পূৰ্বেও এনে কোনো গোচৰ আছে নেকি সেয়া পৰীক্ষা কৰা হৈছে। তেজপুৰ আৰক্ষীয়ে জনোৱা অনুসৰি,আশীষে প্ৰকৃততে গাড়ীখনলৈ অৰুণাচল প্ৰদেশলৈহে পলায়নৰ চেষ্টা চলাইছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More