চাহ জনগোষ্ঠীয় ৩০ শতাংশ হিতাধিকাৰীৰ ৰেচন কাৰ্ড কৰ্তনৰ সিদ্ধান্ত : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত তীব্ৰ প্ৰতিবাদ

0 15

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ ছেপ্টেম্বৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) তিনিচুকীয়া জিলা সমিতিয়ে আজি তেওঁলোকৰ ৪ দফীয়া দাবীত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতেহাতে বেনাৰ, প্লেকাৰ্ড লৈ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ বহুসংখ্যক প্ৰতিবাদকাৰীয়ে ৬ ঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয় ৷ আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক আৰু সম্পাদক অনুজ তাঁতীৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক-পত্ৰখনত কোৱা হয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক প্ৰতিখন সমবায় সমিতিৰ এজেণ্টৰ ওচৰত আধাৰ কাৰ্ড জমা দিবৰ বাবে এক সময়সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে চাহ জনগোষ্ঠীৰ হিতাধিকাৰীসকল যিহেতু সপ্তাহৰ প্ৰায় ৬ দিন বাগিচাত কৰ্মৰত হৈ থাকে আৰু দেওবাৰ দিনটোত চৰকাৰী কাৰ্য্যালয়সমূহ বন্ধ থকাৰ বাবে শ্ৰমিকসকলে আধাৰ কাৰ্ডৰ কাম সম্পন্ন কৰিব পৰা নাই আৰু ইয়াৰ ফলত বর্তমানলৈকে প্রায় ৩০ শতাংশ চাহ জনগোষ্ঠীৰ হিতাধিকাৰীৰ ৰেচন কাৰ্ড কৰ্তনৰ বাবে বিভাগীয় কর্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে । স্মাৰক-পত্ৰখনত উল্লেখ যে উপায়ুক্ত আৰু বিভাগীয় কর্তৃপক্ষক প্রতিখন চাহ বাগিচাত আধাৰ কেন্দ্ৰ স্থাপনৰ বাবে আটছাই দাবী জনাই অহা স্বত্বেও যেনেধৰণৰ আধাৰ কেন্দ্ৰ স্থাপন কৰিব লাগিছিল তেনেধৰণৰ আধাৰ কেন্দ্ৰ স্থাপন নোহোৱাৰ বাবে খাটিখোৱা দৰিদ্ৰ চাহ শ্ৰমিকসকল নিজ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হবলগীয়াত পৰিছে ৷ ইয়াৰ ফলত চাহ বাগিচাসমূহত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সেয়েহে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে স্মাৰক-পত্ৰত উল্লেখিত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবৰ বাবে আটছৰ তৰফৰ পৰা দাবী জনোৱা হয় ৷ আটছাৰ তিনিচুকীয়া জিলা সমিতিয়ে স্মাৰক-পত্ৰখনত চাহ জনগোষ্ঠীৰ দৰিদ্ৰ পৰিয়ালৰ ৰেচন কাৰ্ড কৰ্তনৰ সিদ্ধান্ত বাতিল কৰা, আধাৰ কাৰ্ড নথকা চাহ জনগোষ্ঠীয় লোকসকলক শীঘ্ৰে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা, যিকোনো উদ্যোগ, প্রতিষ্ঠান সংস্থাপনৰ নামত চাহগছ উচ্ছেদ কৰা বন্ধ কৰা আৰু শদিয়া সমষ্টিৰ অন্তৰ্গত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ অধীনৰ চাহ জনগোষ্ঠীয় লোকসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More