চাহ জনজাতিৰ ভুৱা প্ৰমাণ পত্ৰধাৰীক সকীয়নি

লখিমপুৰত চাহ জনজাতি জাতীয় সন্মিলনীৰ সমিতি গঠন

0 8

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৩ এপ্ৰিলঃ চাহ জনগোষ্ঠীৰ ভুৱা প্ৰমাণপত্ৰৰে সংৰক্ষিত পদত অধিষ্ঠিত হোৱা লোকসকলক তীব্ৰ সকীয়নি প্ৰদান কৰিছে চাহ জনজাতি জাতীয় সন্মিলনীৰ লখিমপুৰ জিলা সমিতিয়ে । আজি এক বিবৃতিৰ জৰিয়তে এই কথা সকীয়াই দিছে সভাপতি সঞ্জিত তাঁতি আৰু সম্পাদক প্ৰদীপ বাঘে । বিবৃতিত উল্লেখ কৰে যে চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসন সমূহত অনা চাহ জনগোষ্ঠীয় লোকসকলে ভুৱাকৈ প্ৰমাণ পত্ৰ লৈ বিভিন্ন সময়ত বিভিন্ন আসন দখল কৰি থকা সন্মিলনীৰ দৃষ্টিগোচৰ হৈছে । এনে ব্যৱস্থা বন্ধ কৰাৰ লক্ষ্যৰে চাহ জনগোষ্ঠীৰ লোকসকলক বিভিন্ন দিশত উন্নয়ন তথা নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ লক্ষ্যৰে গঠন কৰা হৈছে চাহ জনজাতি জাতীয় সন্মিলনী অসম । এই সন্মিলনীৰ লখিমপুৰ জিলা সমিতিখন আজি নতুনকৈ গঠন কৰা হয়। চাহ জনজাতি ছাত্ৰ-সন্থা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী সাহিত্য সভা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ প্ৰতিনিধিৰ উপস্থিতিত সঞ্জিত তাঁতিক সভাপতি, প্ৰদীপ বাঘক সম্পাদক, চামুৱেল পাণ্ডু আৰু বাবুল পাইকক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ চাহ জনজাতি জাতীয় সন্মিলনী অসমৰ লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More