চাহ বাগিচা অঞ্চলত সুলভ মূল্যৰ সামগ্ৰী যোগানৰ অনুজ্ঞাপত্ৰ বাগিচা কৰ্তৃপক্ষক প্ৰদানৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ

কৰ্টন কৰিব বৰ্তমানৰ এজেন্টৰ অনুজ্ঞাপত্ৰ

0 16

 মুখ্যমন্ত্ৰীক জনোৱা আহ্বানো অসাৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০অক্টোবৰঃ ৰাজ্যৰ চাহ বাগিচা অঞ্চলত স্হানীয় এজেন্টৰ দ্বাৰা পৰিচালিত সুলভ মূল্যৰ দোকান সমূহ শীঘ্ৰেই বন্ধ হৈ পৰিব৷ ইয়াৰ বিপৰীতে চাহ বাগিছা কৰ্তৃপক্ষই এনে সুলভ মূল্যৰ সামগ্ৰী বিতৰণৰ প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ লাভ কৰিব৷ সম্প্ৰতি এই বিষয়কলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাই।উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ স’তে চাহ বাগিছা কৰ্তৃপক্ষ, অসম চাহ মজদূৰ সংঘৰ যোৱা ১০ আগষ্টত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত অনুষ্ঠিত সভাত সুলভ মূল্যৰ সামগ্ৰী বাগিচা অঞ্চলত বিতৰণৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছিল৷ ইয়াৰ পাছতে বাগিচা কৰ্তৃপক্ষক খাদ্য সুৰক্ষা আইনৰ অধীনত সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ যাৱতীয় প্ৰস্তুতি চলাইছে চৰকাৰে। এই সন্দৰ্ভত সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে এই সংক্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সন্থাই যোৱা ৩০ছেপ্টেম্বৰত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল যদিও চৰকাৰে এইক্ষেত্ৰত এই পৰ্যন্ত সিদ্ধান্ত সলনি কৰা নাই।উল্লেখযোগ্য যে, ৰাজ্যৰ গ্ৰামাঞ্চলত ৮৪.১৭ শতাংশ হিতাধিকাৰী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি লোৱাৰ লগতে চাহ বাগিচাত বিনামূলীয়া খাদ্য সুৰক্ষা আইনৰ অধীনত চাহ শ্ৰমিক সকলে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰি আহিছে। ইতিমধ্যে ৰাজ্যৰ চাহ বাগিচাৰ চাৰি লাখ হিতাধিকাৰীক চাৰি হেজাৰ সুলভ মূল্যৰ এজেন্টে চৰকাৰে আৱন্টন দিয়া চাউল, কেৰাচিন বিতৰণ কৰি আহিছে। ইফালে ১০ আগষ্টত ৰাজ্য চৰকাৰৰ লগত হোৱা সভাৰ সিদ্ধান্ত অনুসৰি ২৮ ছেপ্টেম্বৰত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সঞ্চালকে ডি এছ২১২/২০২২/৬১-এ নম্বৰ পত্ৰ যোগে ১৫ অক্টোবৰৰ ভিতৰত চাহ বাগিচা কৰ্তৃপক্ষকহে সুলভ মূল্যৰ সামগ্ৰী বিতৰণ ব্যৱস্থাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে যাৱতীয় তথ্য পাতি দাখিল কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ চাৰি হেজাৰ সুলভ মূল্যৰ দোকান বন্ধ হৈ পৰাটো নিশ্চিত হৈ পৰিছে। ইমানদিনে চাহ বাগিচা অঞ্চলত থকা সুলভ মূল্যৰ দোকান সমূহে চাহ বাগিচাৰ হিতাধিকাৰী সকলক খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ উপৰি ৰেচন কাৰ্ড সমূহ আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰিছে বুলি উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক সুলভ মূল্যৰ এজেণ্ট তথা তেওঁলোকৰ পৰিয়ালৰ জীৱনলৈ ঘোৰ অন্ধকাৰ অৱস্থালৈ ঠেলি নিদিবলৈ আৱেদন জনাইছে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায় সন্হাই৷ তেওঁলোকে লগতে কয় যে,চৰকাৰে এই সিদ্ধান্তত অটল হৈ থাকি দোকানী সকলক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে৷ইয়াৰ পৰিৱৰ্তে এনেসকল এজেন্টক আত্মজাহ যাবলৈ অনুমতি প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই ক্ষোভ তথা আক্ষেপ প্ৰকাশ কৰে। উল্লেখ্য যে শোণিতপুৰৰ কেবল ৰঙাপৰা সমবায় সমিতিৰ অধীনতে ২৬ খন আৰু ঠাকুৰবাৰী সমবায় সমিতিৰ অধীনত ২১ খন চাহ বাগিচা অঞ্চলত এনে সুলভ মূল্যৰ দোকান আছে আৰু বৰ্তমান তেওঁলোকে চৰম অনিশ্চয়তাত ভূগিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More