চাৰিদুৱাৰত আঢ়ৈ কিলো নকল সোণসহ ২.৩০ লাখ টকা জব্দঃ ১৬ জনক গ্ৰেপ্তাৰ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ মে’ঃ 20230525 185912 1আৰক্ষী বিষয়া জোনমনিৰ ৰভাৰ ৰহস্যজনক মৃত্যু আৰু এই ঘটনাৰ পাছতে ৰাজ্যত অব্যাহত নকল সোণৰ ব্যাপক প্ৰৱঞ্চনা তথা একাংশ আৰক্ষীৰ এই দুস্কৃতিকাৰী চক্ৰৰ স’তে দহৰম মহৰমৰ ঘটনাই ৰাজ্যৰ আৰক্ষী প্ৰশাসনত জোকাৰণি তোলাৰ পাছতে সম্প্ৰতি আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ অনুসৰি ৰাজ্যত অব্যাহত আছে নকল সোণ চক্ৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান।যোৱা সময় চোৱাত তেজপুৰ তথা চাৰিদুৱাৰত এনে ১৪জনক গ্ৰেপ্তাৰ কৰাৰ লগতে সম্প্ৰতি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণ চক্ৰৰ বিৰুদ্ধে অভিযান।এনে পৰিস্থিতিৰ মাজতে আজি পুৱা চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৬ জনকৈ নকল সোণৰ প্ৰৱঞ্চনামূলক বেহাৰ স’তে জড়িত লোকক। চাৰিদুৱাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমেন দাসে এইসকল লোকক আৰক্ষী থানাত ৰুজু হৈ থকা পুৰণা গোচৰৰ ভিত্তিত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে আৰু সেই অনুসৰি ১৬ জনকৈ প্ৰৱঞ্চক থানাত হাজিৰ হোৱাত সোধ পোচ কৰি পিছত আটাইকে গ্ৰেপ্তাৰ কৰে৷ আজি দিনত তেজপুৰ আদালতত হাজিৰ কৰাৰ পাছতে আদালতৰ নিৰ্দেশ অনুসৰি,ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হয়৷উল্লেখযোগ্য যে,গ্ৰেপ্তাৰ হোৱা এই সকলৰ ভিতৰত বহুকেইজন নকল সোণৰ পুৰণা গোচৰৰ স’তে জড়িত লোক আছিল।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনমানৰ ভিতৰত সাতজনক অকা বস্তি বঙালীৰ প্ৰয়াত নবী হুছেইনৰ পুত্ৰ হাবিবুৰ ৰহমান (৩৪), গুদামঘাটৰ প্ৰয়াত আব্দুল জলিলৰ পুত্ৰ ফজৰ আলি (৩২), গুদামঘাট মিৰিৰ আনিছ ৰহমানৰ পুত্ৰ মজিবুৰ ৰহমান(২৩) , গুদামঘাটৰে ক্ৰমে আলি আকবৰৰ পুত্ৰ চবিবুল ইছলাম (৩৬), জমিৰ আলিৰ পুত্ৰ সুৰজ আলি (৩৬), প্ৰয়াত আব্দুল খালেকৰ পুত্ৰ বায়ানুল ইছলাম (৩৮), সমীৰ উদ্দিন ফকীৰৰ পুত্ৰ আইজুল আলি (২৮), বালিগাঁৱৰ জহৰুল ইছলামৰ পুত্ৰ ৰফিক খান (৩৪) বুলি চিনাক্ত কৰাৰ উপৰি চাৰিদুৱাৰ আৰক্ষী থানাৰ৮০/২৩ নম্বৰৰ পুৰণা গোচৰৰ অভিযুক্ত গুদামঘাটৰ আব্দুল মতলেবৰ পুত্ৰ নাজিৰ হুছেইন (৪২), অকাবস্তি বঙালীৰ প্ৰয়াত আজীম উদ্দিনৰ পুত্ৰ আক্কাচ আলি ( ৩৫), মোলান পুখুৰীৰ মকবুল হুছেইনৰ পুত্ৰ আব্দুল কাদিৰ (৫৫), অকা বস্তি বঙালীৰ জহীৰ আলিৰ পুত্ৰ হজৰত আলি(৩৮), অকাবস্তি মিৰিৰ ছাদ্দিকুল আলিৰ পুত্ৰ ৰাজিকুল ইছলাম (৩২)গুদামঘাটৰ প্ৰয়াত আব্দুল হাচিমৰ পুত্ৰ ওচমান আলি, অকাবস্তি বঙালীৰ মতিউৰ ৰহমানৰ পুত্ৰ ৰাজিবুৰ ৰহমান(২৮)অকাঁবস্তি বঙালীৰ আব্দুল ৰহমানৰ পুত্ৰ ৰুহুল আমিন (৩৬)কো গ্ৰেপ্তাৰ কৰে। এই সকলৰ পৰা ২.৫ কিলোগ্ৰাম ওজনৰ নকল সোণ আৰু ২.৩০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।আনহাতে নকল সোণৰ বেহাৰ মূল অভিযুক্ত চফিকুল ইছলাম ওৰফে কলা চফিকুল বৰ্তমান পলাতক অৱস্থাত থকাৰ বিপৰীতে আৰক্ষীয়ে পলাতক চফিকুলৰ সন্ধান অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More