‘চিত্ৰ ভাগৱত’ৰ চিত্ৰসমূহ কোনে আঁকিছিল
দিগন্ত হাজৰিকা
‘চিত্ৰ ভাগৱত’ৰ চিত্ৰসমূহ কোনে আঁকিছিল, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আজি কেইদিনমানৰ আগতে এটা post দিছিলোঁ। বহুজনে বহু উত্তৰ দিছে। সকলোকে প্ৰণাম। আচলতে মোৰ উদ্দেশ্য আছিল সেই বিষয় সম্পৰ্কে যিসকলে বিভিন্ন সভা-সমিতি আদিত এইবিষয়ে কয় বা অসমৰ পুৰণি চিত্ৰকলাৰ বিষয়ে ক’বলগীয়া হয় তেখেতসকলক আলোচনাটোত ভাগ লৈ এটা সমাধান আগবঢ়োৱা। কাৰ্যতঃ সেইটো হৈ নুঠিল! তাৰ কাৰণ বিভিন্ন হ’ব পাৰে।
অনুমান, ধাৰণা আদিৰে এটা বিজ্ঞানসন্মত আলোচনা আগবঢ়াব নোৱাৰি। এনে আলোচনাত তথ্য নিতান্তই গুৰুত্বপূৰ্ণ। হাতত গোট খোৱা কেতবোৰ তথ্যৰ পৰা আলোচনাটো আগ বঢ়াইছোঁ।
এতিয়ালৈকে উদ্ধাৰ হোৱা অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি সচিত্ৰ পুথি হৈছে ‘চিত্ৰ ভাগৱত’। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘দশম স্কন্ধ ভাগৱত’ পদবন্ধে ৰচনা কৰিছিল। তাৰে প্ৰথম খণ্ড মহাভাগৱতৰ প্ৰধান অংশ। বেছিভাগ মানুহেই ‘ভাগৱত’ বুলিলে এই অংশটোক বুজে। ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু কৈশোৰ অৱস্থাৰ মধুৰ বৰ্ণনা আছে। আমাৰ আলোচ্য ‘চিত্ৰ ভাগৱত’খনি এই মহাভাগৱতৰ প্ৰথম অংশ বা ‘আদ্য দশম’ৰ আধাৰত সচিত্ৰ কৰা হৈছিল। মূল সচিত্ৰ পুথিখন ‘আদ্য দশম’ বা ‘আদি দশম’। তাকে হৰিনাৰায়ণ দত্ত বৰুৱাই ১৯৪৯ চনত ‘চিত্ৰ ভাগৱত’ নামত ছপা কৰি ৰাইজৰ আগলৈ উলিয়াই দিয়ে। তেতিয়াৰ পৰাহে এই সচিত্ৰ পুথিখনক সকলোৱে ‘চিত্ৰ ভাগৱত’ বুলি ক’বলৈ লয়। মূল পুথিখন নগাঁৱৰ বালি সত্ৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। মূল পুথিখনৰ এটা পৃষ্ঠাত ১৪৬১ শকটো লিখালৈ চাই কোনো কোনোৱে এই পুথি ১৫৩৯ খ্ৰীষ্টাব্দতে অৰ্থাৎ শংকৰদেৱৰ জীৱন কালৰ ভিতৰতে সচিত্ৰ কৰা হৈছিল বুলি ভাবে। এই সম্পৰ্কে পুথি চিত্ৰৰ গৱেষক পণ্ডিত ড° নৰেন কলিতাদেৱে কয়- “..চিত্ৰ ভাগৱতৰ..চিত্ৰসমূহ মহাপুৰুষগৰাকীৰ নিজা ৰং-তুলিকাৰ নাইবা সেই সময়ৰে কোনো শিল্পীৰ বুলিও সিদ্ধান্ত কৰাৰ চেষ্টা দেখা পোৱা যায়। উল্লিখিত শকটোতে চিত্ৰসমূহ থ’ব পৰা হ’লে ভাৰতীয় চিত্ৰশৈলীসমূহৰ ভিতৰতে অসমৰ এই চিত্ৰশৈলীটো প্ৰাচীন বুলি ক’ব পৰা হ’লহেঁতেন আৰু সেয়ে হ’লে ভাৰতীয় চিত্ৰৰ মধ্যযুগীয় শৈলীৰ ইতিহাসত অসমৰ পুথিচিত্ৰৰ কাৰণে এখন বিশেষ আসন দাবী কৰিব পৰা হ’লহেঁতেন..চিত্ৰ ভাগৱতৰ কাৰণে তেনে এখন আসন বিচাৰিবলৈ ঐতিহাসিক তথ্য আৰু চিত্ৰৰ অন্তৰংগ প্রমাণে আমাক সহায় নকৰে। …চিত্ৰ ভাগৱতৰ যিটো পাতত শকটো লেখা আছে, তাৰ আখৰ আৰু চিয়াঁহীৰ মূল পুথিৰ আখৰ আৰু চিয়াঁহীৰ লগত মিল নাই। সুকীয়াকৈ সময় উল্লেখ কৰাটো ভণিতাৰ পিছতে সাধাৰণতে শক -তাৰিখ লেখা প্ৰচলিত প্ৰথাটোৰ ব্যতিক্ৰম। পিছৰ কালত কোনো অজ্ঞাত লোকৰ দ্বাৰাই শকটো লেখা হৈছিল বুলি ধাৰণা কৰিব পাৰি।…চিত্ৰ ভাগৱতৰ চিত্ৰৰাজি নগাঁৱৰ বালিসত্ৰত ৰচনা হোৱা নাছিল আৰু পিছত বালিসত্ৰলৈ উঠি অহা পৰিয়ালটোৰ হাতত পুথিখন থকালৈ চাই চিত্ৰসমূহ এইখন সত্ৰৰে সম্পদ বুলি ধৰি ল’লে এনে অনুমানকে কৰিবলগীয়া হ’ব যে পৰিয়ালটোৰ কোনো শিল্পীয়ে অথবা পৰিয়ালটোৰ পৃষ্ঠপোষকতাত অন্য কোনো শিল্পীয়ে চিত্ৰসমূহ লেখিছিল পৰিয়ালটো উজনিত থকা কোনো এখন ঠাইত আৰু কোনো এটা সময়ত। “- (অসমৰ পুথিচিত্ৰ, পৃষ্ঠা ২১,২২, ২৩)। ‘আদ্য দশম’ মূল পুথিখনৰ গৰাকী স্বৰ্গীয় কেশৱানন্দ দেৱগোস্বামীয়ে কয়- “The Balisattra Bhagavata Purana খন সম্পাদনা কৰিবলৈ যাওঁতে মোৰ কমখিনি শ্ৰম হোৱা নাই। ড° দিলীপ বাসুক লগ কৰিবলৈ কলকাতালৈ গৈছোঁ, তেওঁৰ সৈতে দীঘলীয়াকৈ আলোচনাত বহিছোঁ। লগতে মোকলাইছোঁ ইখনৰ পিছত সিখন কিতাপ। ড° দিলীপ বাসুয়ে কৈছে সচিত্ৰ ভাগৱত ১৭ শতিকাৰ আগৰ হ’ব নোৱাৰে। যদি ১৭ শতিকাৰ বুলি ধৰোঁ তেন্তে সেয়া দামোদৰ আতাৰ দিনৰ হ’ব। মই কথাটোৰ আঁতিগুৰি বিচাৰি হৰিনাৰায়ণ দ্বিজে লিখা ঠাকুৰ চৰিত মেলি ল’লোঁ।…ঠাকুৰ চৰিত পুথিৰ কথা, ড° দিলীপ বাসুৰ সীমাৰেখা বা অন্যান্য গৱেষণা-পত্ৰ খুচৰি-বিচাৰি এটা সিদ্ধান্তলৈ আহিছোঁ যে দামোদৰ আতা নহয়, তেওঁৰ পুত্ৰ ৰমাকান্ত আতাও নহয়, ৰমাকান্তৰ পুত্ৰ ৰামচন্দ্ৰ আতাৰ হাতৰ কাম হ’ব চিত্ৰ ভাগৱত।.. পুথিখনিৰ শেষ পাতত যিটো শক লেখা আছে সেইটো আমাৰ ককা ধনেশ্বৰ আতাইহে লিখা। গুৰুজনাই দশম স্কন্ধ ভাগৱত লিখা বৰ্ষটোহে তেওঁ তাত লিপিবদ্ধ কৰিছিল। (হেঙুল হাইতাল, পৃষ্ঠা- ২০, ২১)। কেলিফৰ্নিয়াৰ ড° দিলীপ বাসুয়ে ‘The Balisattra Bhagavata Purana’ শিৰোনামৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। বাৰক্লিৰ পৰাও সচিত্ৰ ভাগৱতৰ চাৰিখন ছবি লৈ ‘Epic and Memory’ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।
এনেদৰে ‘চিত্ৰ ভাগৱত’ৰ চিত্ৰ সম্পৰ্কে বিশ্বৰ বহু গৱেষকে গৱেষণা কৰিছে। আমিহে মাথোঁ আন্ধাৰত তৰোৱাল ঘূৰাই মেলে মিটিঙে শংকৰদেৱ চর্চা কৰি শঙ্কৰদেৱক বিশ্ব দৰবাৰলৈ নিয়াৰ অভিনয় কৰিছোঁ।