চিপছ তৈয়াৰ কৰা FC ১১ আলুৰ খেতি কৰি ১৯ ৰ পৰা ২২ লাখ টকাৰ লাভ অর্জন জয়মতী এফ পি চি

১০০০ বিঘা মাটিত সৰিয়হৰ  খেতিৰে ৫০ লক্ষাধিক টকা উপাৰ্জন

0 81

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৬মাৰ্চঃIMG 20230326 WA0105 অসমৰ কৃষিখণ্ডত মহিলাসকলে পৰম্পৰাগতভাবেই মুখ্য ভূমিকা পালন কৰি আহিছে। শেহতীয়াভাবে আমাৰ ৰাজ্যখনৰ শিক্ষিত মহিলাসকলেও কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰি আত্মনিৰ্ভৰ অসম গঢ়াৰ আন্দোলনৰ অংশীদাৰ হৈছে। ইয়াৰ সুন্দৰ উদাহৰণ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়মতী এফ পি চি অৰ্থাৎ কৃষক উৎপাদক কোম্পানী । অকল ৰঙালাওৰ খেতিৰ পৰাই এই মহিলা এফ পি চিটোৱে নব্বৈ লাখ টকা উপাৰ্জন কৰি প্ৰমাণ কৰিছে ৰাজ্যখনৰ কৃষিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত আমাৰ স্ত্ৰী-শক্তিয়ে কেনে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। আজি শোণিতপুৰ জিলাৰ পুঠিমাৰীত ৪৩৫ গৰাকী মহিলা সদস্যৰে গঠিত জয়মতী কৃষক উৎপাদক কোম্পানীৰ কামকাজ পৰিদৰ্শন কৰি এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ। উদ্যমী মহিলা কৃষকসকলে শোণিতপুৰ জিলা কৃষি বিভাগ, এপাৰ্টৰ সহযোগত পেপচিকো কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ ১০০ বিঘা মাটিত চিপছ তৈয়াৰ কৰা FC ১১ আলুৰ খেতি কৰি ১৯ ৰ পৰা ২২ লাখ টকাৰ লাভ অর্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ১০০০ বিঘা মাটিত সৰিয়হৰ  খেতিৰে ৫০ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । কৃষক উৎপাদক কোম্পানীটোৰ এই উদ্যমী মহিলাসকলৰ আদৰ্শ অনুকৰণ কৰি ৰাজ্যখনৰ নৱ প্ৰজন্মক কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰাৰ লগতে কৃষি অৰ্থনীতিক শক্তিশালী কৰি গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত কৰিবলৈ আহ্বান জনাইছে কৃষি মন্ত্রী অতুল বৰাই । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ উদ্যোগত এই বৰ্ষৰ বাজেটত কৃষি আৰু ইয়াৰ সহযোগীখণ্ড সমূহকে ধৰি অন্যান্য বিশেষ খণ্ডত উপাৰ্জন সৃষ্টিত সহায়ক হোৱাকৈ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক যুৱতীক ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ এই পদক্ষেপে কৃষিখণ্ডৰ অৰ্থনৈতিক বিকাশত নৱতম বুনিয়াদৰ সূচনা হ’ব বুলি মন্তব্য কৰে মন্ত্রী অতুল বৰাই । ইয়াৰ উপৰিও এই এফ পি চিটোলৈ আগবঢ়োৱা VLFMB, CMSGUY, APART, HMNEH, RKVY, NFSM ইত্যাদি আচঁনিৰ অধীনত ট্ৰেক্টৰ, ৰোটাভেটৰ, কম্বাইন হাৰ্ভেষ্টাৰ, আলু ৰোপণ কৰা যন্ত্ৰ, আলু খন্দা যন্ত্ৰ আৰু অন্যান্য কৃষি আনুষংগিক যন্ত্ৰ পাতি কৃষি বিভাগ, এপাৰ্টৰ জৰিয়তে আগবঢ়োৱা বুলি মন্তব্য কৰে । কৃষি মন্ত্রীগৰাকীয়ে নিজেই পথাৰত আলু চপোৱা যন্ত্ৰৰ সহিতে ট্ৰেক্টৰ চলাই আলু খান্দি বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্মত নৱ প্ৰজন্মক নিয়োজিত হ’বলৈ উৎসাহিত কৰাৰ লগতে প্ৰাকৃতিক কৃষিৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ উপৰিও মন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যখনত বছৰি ১৩৫ কোটি টকাৰ ফুলৰ প্ৰয়োজন হয়, আৰু সেই কথাকেই লক্ষ্য ৰাখি ফুলৰ ক্ষেত্ৰত ৰাজ্যখনক আত্মনির্ভৰশীল কৰাৰ উদ্দেশ্যই মুখ্যমন্ত্রী ডাঙৰীয়াৰ উদ্যোগত অসম পুষ্প অভিযান আৰম্ভ কৰা হৈছে, এই অভিযানৰ জৰিয়তে বাণিজ্যিকভাৱে ফুলৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনোৱাৰ লগতে বাণিজ্যিকভাৱে মৌ পালনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ কৃষকসকলক আহ্বান জনায়। বিগত বৰ্ষত ৰাজ্যখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্রীৰে বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, ৰাজ্যখনৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি মত প্ৰকাশ কৰে । অসম পশু খাদ্য অভিযানৰ কাম কাজ আৰম্ভ হোৱা বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ নৱ প্ৰজন্মক চৰকাৰী চাকৰিৰ বাবে বহি নাথাকি দুগুণ উৎসাহেৰে কৃষি কৰ্মত নিয়োজিত হৈ গৰু, ম’হ, ছাগলী, কুকুৰা পালনৰ জৰিয়তে স্বনিয়োজনৰ পথ মুকলি কৰিবলৈ আহ্বান জনাইছে । কৃষি মন্ত্রীগৰাকীৰ এই পৰিদৰ্শনকালত উপস্থিত থাকে বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, কৃষি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজনাভ দাস, জিলা কৃষি বিষয়া পঙ্কজ শইকীয়া, জিলা সহকাৰী আয়ুক্ত আইৰিচ আৰ্মান আহমেদ আৰু জিলা কৃষি বিভাগ, APART ৰ বিষয়া কৰ্মচাৰীসকল। এই অনুষ্ঠানতে কৃষি মন্ত্রীগৰাকীয়ে শোণিতপুৰ জিলা কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে বিভাগীয় বিভিন্ন আঁচনিৰ খতিয়ান আৰু ভৱিষ্যৎ পৰিকল্পনাৰ সম্পৰ্কেও মত বিনিময় কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More