চিবিএছইৰ বাণিজ্য আৰু বিজ্ঞান শাখাত তেজপুৰৰ দুই মেধাবী পূৰৱ আৰু পদ্মাক্ষীৰ ৯৯শতাংশৰো অধিক নম্বৰ লাভ

0 22

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪জুলাই: সদ্য ঘোষিত হোৱা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰস্থিত আৰ্মি পাব্লিক স্কুলৰ ফলাফল অতি আশাব্যঞ্জক হিচাপে পৰিগণিত হৈছে।তেজপুৰৰ শ’লমৰা স্থিত বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে ৯৯শতাংশৰ অধিক নম্বৰ লাভ কৰিছে। আজি বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি তেজপুৰ অসামৰিক চিকিৎসালয় পথ নিবাসী অজয় কুমাৰ বাজাজৰ পুত্ৰ পূৰৱ বাজাজে কালি ঘোষিত ফলাফল অনুসৰি বাণিজ্য শাখাত ৯৯.৬০শতাংশ নম্বৰৰে উত্তীৰ্ণ হৈছে। মেধাবী ছাত্ৰজনে মুঠ পাঁচশ নম্বৰৰ ভিতৰত ৪৯৯নম্বৰ লাভ কৰিছে ।

IMG 20220724 WA0029একেখন বিদ্যালয়ৰে বিজ্ঞান শাখাৰ ছাত্ৰী তথা তেজপুৰ জ্যোতিষ পথ নিবাসী ডেনি দত্তৰ কন্যা পদ্মাক্ষী দত্তই ৯৯.৪০শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল উৎফুল্লিত হৈ উঠিছে। ছাত্ৰী গৰাকীয়ে লাভ কৰিছে মুঠ ৪৯৮নম্বৰ। এই ফলাফল দেশৰ শীৰ্ষ ১০টা ফলাফলৰ ভিতৰত অন্যতম বুলি জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More