চিলাপথাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা

0 234

ধেমাজি, ১৪ফেব্ৰুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা চিলাপথাৰৰ চায়েন্স কলেজৰ সহযোগত আজি মহাবিদ্যালয়খনত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হয়। চায়েন্স কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ Mushroom culture unit IQAC আৰু Women Empowerment Cell ৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিয়ে এই প্ৰশিক্ষণ- কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাত সম্পদ ব্যক্তিৰূপে উপস্থিত থাকে subject matter specialist, Plant Protection অভিলাসা কৌশিক বৰঠাকুৰ। এই কৰ্মশালাত চিলাপথাৰৰ এগৰাকী কাঠফুলাৰ সফল খেতিয়ক প্ৰসন্ন বৰা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক কাঠফুলা খেতিৰ লাভালাভ আৰু উদ্যোগী হোৱাৰ সুবিধাসমূহৰ সন্দৰ্ভত বিশদভাবে আলোচনা কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়াই শলাগৰ শৰাই আগবঢ়াই আৰু মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰীসকলক কাঠফুলা খেতি কৰিবলৈ উৎসাহিত কৰে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ চৌহদত ছাত্ৰীসকলে স্থানীয় প্ৰজাতিৰ বিভিন্ন অৰ্কিড, সৰু সৰু চৌব্বাচাত মৎস্য পালন, কেঁচু সাৰ উৎপাদন আদি সুন্দৰ ভাৱে পালন কৰাৰ লগতে যথোচিতভাবে ব্যৱস্থাপনা কৰি আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More