চিলিকন ভেলীত ‘অমৰত্ব’ৰ সন্ধান
চীনৰ এজন ৰজাই তেওঁৰ প্রজাসকলক নির্দেশ দিছিল এক অমোঘ ঔষধ বিচাৰি আনিবলৈ, যাৰ থাকিব মৃত্যু বিনাশী ক্ষমতা। ষোড়শ শতাব্দীৰ ফ্রান্সত অভিজাত শ্রেণীৰ লোকসকলে তেওঁলোকৰ আয়ুস বৃদ্ধিৰ বাবে হজমযোগ্য সোণ পান কৰিছিল। অমৰত্ব লাভৰ চেষ্টাক লৈ আছে হাজাৰ বিজাৰ গল্প। চুমেৰীয় ৰজা গিলগামেশে বিচাৰি ফুৰিছিল অমৰত্ব প্রদানৰ ক্ষমতা সম্পন্ন এক যাদুকৰী গছ। পাইছিলেও বিচাৰি। কিন্তু সেই গছজোপা এটা সাপে খাই পেলোৱাত গিলগামেশে নিজৰ ওচৰত ৰাখিবলৈ ব্যর্থ হৈছিল। চিৰ যৌৱন লাভৰ উদ্দেশ্যে অস্কাৰ ৱাইল্ডৰ উপন্যাসৰ চৰিত্র দৰিয়ান গ্রেই বিক্রী কৰি দিছিল নিজৰ আত্মা।
- মৃত্যুক প্ৰতাৰণাৰ প্ৰয়াস
- এইবাৰ গল্পৰ যাদুকৰী গছ নহয়
- মুমূর্ষু পৃথিৱী, নিঃসীম জীৱন