চীনৰ ৰণনীতি বুজিবলৈ নতুন কৌশল

সেনাত মাণ্ডাৰিন ভাষা বিশেষজ্ঞ নিযুক্তিৰ পৰিকল্পনা

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুলাই : পূব লাডাখৰ ভাৰত-চীন সীমান্তত অব্যাহত আছে উত্তেজনা। এনে অৱস্থাত ভাৰতীয় সেনাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সেনাবাহিনীত মাণ্ডাৰিন ভাষা বিশেষজ্ঞক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। লাডাখ সীমান্তত চীনা সেনাৰ সৈতে যোগাযোগ স্থাপনৰ বাবে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। ভাৰতীয় সেনাই মাণ্ডাৰিন ভাষা বিশেষজ্ঞ নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে।

* সেনাবাহিনীত মাণ্ডাৰিন ভাষা বিশেষজ্ঞ নিযুক্তি
এটা বিবৃতিত কোৱা হৈছে যে ৫ জন সাধাৰণ নাগৰিক আৰু এজন প্ৰাক্তন সেনা বিষয়াক মাণ্ডাৰিন ভাষা বিশেষজ্ঞ হিচাপে নিযুক্তি দিয়া হ’ব। ভাৰত-চীন সীমান্তৰ আয়তন ৩৪০০ কিলোমিটাৰতকৈও অধিক। চোৰাংচোৱাগিৰি বৃদ্ধিৰ কৌশল হিচাপে সামৰিক বাহিনীৰ ভিতৰত মাণ্ডাৰিনক গুৰুত্ব দিয়া হৈছে। ইতিমধ্যে সেনাই কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সূত্ৰ অনুসৰি মধ্যপ্ৰদেশৰ পঞ্চমাৰীৰ সামৰিক প্ৰশিক্ষণ বিদ্যালয় আৰু দিল্লীৰ বিদেশী ভাষা বিদ্যালয়ত মাণ্ডাৰিন ভাষা বিশেষজ্ঞৰ নিয়োগ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সেনাই মাণ্ডাৰিন ভাষাটো আয়ত্ত কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া লক্ষণীয় হ’ব।

* সেনাবাহিনীত মাণ্ডাৰিন ভাষাৰ প্ৰয়োজনীয়তা
সেনাবাহিনীত মাণ্ডাৰিনৰ প্ৰয়োজনীয়তা বাঢ়িছে। দুবছৰ পূৰ্বে গালৱান উপত্যকাত দুই দেশৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল। তাৰ পাছৰে পৰা দুয়োখন দেশৰ শীৰ্ষ সামৰিক বিষয়াসকলে এবাৰতকৈ অধিক বৈঠকত মিলিত হৈছে। মাণ্ডাৰিন ভাষা বিশেষজ্ঞৰ প্ৰয়োজন বাঢ়িছে। সীমান্তত থকা চীনাসকলৰ সৈতে স্পষ্টভাৱে যোগাযোগ কৰিবলৈ ভাৰতীয় সৈন্যই মাণ্ডাৰিন ভাষাও জনাটো প্ৰয়োজন। ইয়াৰ উপৰি দুয়োখন দেশৰ বাহিনীৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ত আলোচনা, পতাকা বৈঠক, সীমান্ত কৰ্মীৰ বৈঠক বা যৌথ সামৰিক অনুশীলনৰ সুবিধাও থাকিব। তদুপৰি চীনা সেনাই যদি তেওঁলোকৰ বিষয়ে ব্যাখ্যা দিব বিচাৰে তেন্তে মাণ্ডাৰিন ভাষা জানিলে ভাৰতীয়সকল উপকৃত হ’ব।

* ভাৰত-চীন সীমান্তত উত্তেজনা বৃদ্ধিৰ কাৰণ
২০২০ চনত পূব লাডাখৰ ভাৰত-চীন সীমান্ত উত্তপ্ত হৈ পৰিছিল। চীনে প্ৰথমে লাডাখত ভাৰতীয় প্ৰকল্পৰ ওপৰত আপত্তি কৰিছিল। ভাৰতে লাডাখৰ সীমান্তত পথ নিৰ্মাণ কৰি আছে। ইয়াৰ ফলত এল অ’ চি বা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ সৈন্য অনাটো সহজ হ’ব। চীনৰ আপত্তিক লৈ ভাৰতে গুৰুত্ব নিদিয়ে। তাৰ পিছত চীনেও লাডাখৰ অবৈধভাৱে দখল কৰা অংশটোত অবৈধ নিৰ্মাণৰ কাম আৰম্ভ কৰে। এই ঘটনাই সীমান্তত উত্তেজনাৰ সৃষ্টি কৰে। দুয়োখন দেশৰ সেনাই সীমান্তত সৈন্য মজুত কৰিবলৈ আৰম্ভ কৰে।

* গালৱান উপত্যকাত সংঘৰ্ষ
গালৱান উপত্যকাত দুয়োখন দেশৰ সৈন্যৰ সংঘৰ্ষ। চীনৰ সৈন্য ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ কিছু সময়ৰ পিছতে গালৱান সীমান্তত দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষ হয়। এই ঘটনাত ২০ জন ভাৰতীয় জোৱান নিহত হয়। ভাৰতীয় সেনাৰ তথ্য অনুসৰি চীনৰ ৰেড আৰ্মিৰ কেইবাজনো জোৱান আৰু এজন বিষয়া নিহত হৈছিল। কিন্তু এই সন্দৰ্ভত চীন প্ৰশাসনে কোনো ধৰণৰ বক্তব্য প্ৰদান কৰা নাছিল। তাৰ পাছৰে পৰা ভাৰতীয় বিষয়াসকলে চীনা বিষয়াসকলৰ সৈতে কূটনৈতিক আৰু সামৰিকভাৱে এবাৰতকৈ অধিক সাক্ষাৎ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More