বেদব্ৰত বৰা
ক’ভিডকালীন পৰিস্থিতিৰ পিছত দেশত মুদ্ৰাস্ফীতি বাঢ়িছে। টকাৰ মূল্য লাহে লাহে হ্ৰাস পাইছে আৰু সাধাৰণ মানুহে ক্ৰয় ক্ষমতা হেৰুৱাইছে। দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰা কাৰকসমূহ বহু অৰ্থনীতিবিদে ইতিমধ্যে বিশ্লেষণ কৰিছে। চৰকাৰে বিশেষকৈ নীতি আয়োগ আৰু ৰিজাৰ্ভ বেংকে আশা কৰা মতে দেশৰ ঘৰুৱা উপাদন বৃদ্ধি পোৱা নাই। বিকাশৰ এই মন্থৰ গতিৰ মাজতে চুইছ বেংকত ভাৰতীয় লোকৰ জমা থকা ধন ৫০ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৮-১৯ চনৰ তুলনাত শেহতীয়া তথ্য অনুযায়ী তিনিগুণ বৃদ্ধি পাইছে ছুইজাৰলেণ্ডত ভাৰতীয়লোকে জমা ৰখা ধনৰ পৰিমাণ। চুইছ নেশ্বনেল বেংকৰ পৰা প্ৰকাশ কৰা তথ্য মতে বৰ্তমান ভাৰতীয় টকাৰ মূল্য ২০,৭০০ কোটি টকা চুইছ বেংকত জমা আছে। এই ধন গৰিষ্ঠ সংখ্যকেই বিভিন্ন ছিকিউৰিটি বণ্ডত জমা ৰাখিছে। ১৩,৫০০ কোটি টকাৰ ছিকিউৰিটি বণ্ড ভাৰতীয়ই চুইছ বেংকত জমা ৰাখিছে। ইয়াৰ অধিকাংশই উপাৰ্জন বহিঃভূত কলা ধন বুলি বিত্তীয় সংস্থাসমূহৰ লগত জড়িত বিশেষজ্ঞসকলে কব বিচাৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত গঠন হোৱা বিজেপি চৰকাৰখনৰ প্ৰথমটো শ্লোগানেই আছিল বিদেশত থকা কলা ধন ঘূৰাই আনি ১৫ লাখকৈ মানুহৰ মাজত ভাগ কৰি দিব। প্ৰধানমন্ত্ৰীজনে সেইসময়ৰ ৰাজনৈতিক সভা সমূহৰ এইবুলি ভাষণ দিছিল যে, না খাটা হো, না খানে দোংগা… আৰু মানুহৰ মাজত জনপ্ৰিয় হৈ পৰা সেই ঘোষণাত ভাৰতীয় জনতা পাৰ্টীয়ে মূল অস্ত্ৰ হিচাপে গ্ৰহণ কৰি চৰকাৰ গঠন কৰিছিল। ২০১৬ চনৰ নবেম্বৰ মাহত ছুইজাৰলেণ্ড আৰু ভাৰত চৰকাৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। সেই চুক্তিৰ চৰ্ত অনুসৰি ছুইজাৰলেণ্ড নেশ্বনেল বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকক ভাৰতীয়ই জমা ৰখা ধনৰ হিচাব দাখিল কৰিব। সেই চৰ্ত অনুসৰি ২০১৮ চনৰ পৰা RBIয়ে চুইছ বেংকৰ পৰা তথ্য লাভ কৰি আহিছে। শেহতীয়া তথ্য অনুযায়ী ১৩ বছৰ ভিতৰত সৰ্বাধিক ধন ভাৰতীয়ই ছুইজাৰলেণ্ডত বিনিয়োগ কৰিছে। অকল যে ভাৰতীয় মানুহেহে চুইছ বেংকত বিনিয়োগ কৰে তেনে নহয়, তথ্য অনুসৰি ৩৭২ বিলিয়ন বিনিয়োগ কৰি আগস্থানত আছে যুক্তৰাজ্য। ১৫২ বিলিয়ন বিনিয়োগেৰে দ্বিতীয় স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। বাংলাদেশ আৰু পাকিস্তানেও চুইছ বেংকত ধন জমা ৰখাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। ছুইজাৰলেণ্ডৰ অৰ্থনীতি সুস্থিৰ আৰু বেংকিং ব্যৱস্থা নিৰাপদ হোৱাৰ বাবেই ধনাঢ্য সকলে ইয়াত পইচা জমা ৰাখে। কিন্তু কথাটো হ’ল কলা ধন নোহোৱা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণ আঁচনি প্ৰয়োগ কৰি সমগ্ৰ দেশত এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছিল। বিমুদ্ৰাকৰণৰ কু-ফল সমূহ ৰাইজে এতিয়াও ভুগি আছে যদিও মানি লবলৈ বাধ্য হ’ল। কিন্তু কলা ধনৰ বিনিয়োগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ সফল নহ’ল। বিদেশৰ পৰা পইচা ঘূৰাই অনাটো বাদেই কলা ধন বিনিয়োগ ৰোধ কৰিব নোৱাৰিলে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো স্পষ্টীকৰণ দিয়া নাই বৰঞ্চ এই বিনিয়োগ কলা ধন নহয় বুলিহে ক’বলৈ বিছাৰে। প্ৰশ্ন হৈছে ২০৭০০ কোটি টকা ছুইজাৰলেণ্ডত বিনিয়োগ কৰা ভাৰতীয় সকলৰ নাম ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই প্ৰকাশ কৰিব নে? এইসকল লোকক ভাৰতত বিনিয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰিব নোৱাৰে কিয়? প্ৰধানমন্ত্ৰীয়ে সেইসময়ত ৰাজহুৱা সভাত কৈছিল কলা ধন বিদেশৰ পৰা ঘূৰাই আনিব লাগে নে নালাগে, দুখীয়াৰ মাজত বিলাই দিব লাগে নে নালাগে। ৰাইজে কৈছিল লাগে লাগে। এতিয়াও ৰাইজে বিচাৰে বিদেশৰ পৰা কলা ধন চৰকাৰে ঘূৰাই আনক আৰু ৰাইজৰ মাজত বিতৰণ কৰি নিদিলেও দেশৰ বিধ্বস্ত অৰ্থনীতি সুদৃঢ় কৰিবৰ বাবে বিনিয়োগ কৰিবলৈ বাধ্য কৰাওক।