চুলি সৰা সমস্যাত ভুগিছে?

চাৰিবিধ খাদ্য আপোনাৰ খাদ্য তালিকাত ৰাখক

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : চুলি সৰাৰ সমস্যাক লৈ সকলোৱে বিচলিত হৈ পৰে। চুলি সৰা বন্ধ কৰিবলৈ আমি কিমান কিযে নকৰোঁ। কোনোবাই অনবৰতে নতুন নতুন সামগ্ৰী ব্যৱহাৰ কৰে, কাৰোবাক পাৰ্লাৰৰ কথা মনত পৰে। চুলি সৰা বন্ধ কৰিবলৈ সকলোৱে এটা বা একাধিক পথ অনুসৰণ কৰে। চুলি সৰা বন্ধ কৰিবলৈ কোনো নতুন ‘প্ৰডাক্ট’ নহয়, এই চাৰিটা খাদ্য আপোনাৰ খাদ্য তালিকাত ৰাখক। এসপ্তাহৰ ভিতৰতে পাৰ্থক্য ধৰিব পাৰিব। কি খাব লাগে জানি লওক।

* কি কি খাব
ডায়েটত আমলখি ৰাখক। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। আমলখিৰে কৰা কেশচৰ্যা বহু যুগ ধৰি ব্যৱহাৰ হৈ আহিছে। আমালখিৰ লগতে মাখনো খাব পাৰে। ইয়াৰ ফলত চুলি সৰা বন্ধ হৈ যাব। আনহাতে কচু খাব পাৰে। কচুত কেইবাটাও উপকাৰী উপাদান থাকে, যিয়ে চুলি সৰা বন্ধ কৰি শৰীৰক পুষ্টি প্ৰদান কৰে। গতিকে দৈনন্দিন খাদ্য তালিকাত কচু ৰাখক। খাদ্যত মেথি দিব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু নিকোটিন থাকে; যিটো চুলিৰ বাবে অতি উপকাৰী। প্ৰতিদিনে খালী পেটত মেথি তিয়াই থোৱা পানী খাব লাগে। ইয়াৰ ফলত চুলিয়ে পুষ্টি লাভ কৰিব আৰু চুলিৰ শিপা মজবুত হ’ব। অৱশ্যে বেছি মছলা দি কচু ৰান্ধিব নালাগে। নাৰিকল তেল খাব পাৰি। নাৰিকল তেলত ল’ৰিক এচিড থাকে, যিয়ে চুলিক পুষ্টি প্ৰদান কৰে। চুলিত এই তেল লগালেও একে উপকাৰিতা লাভ কৰিব পাৰি। সপ্তাহত এবাৰ হ’লেও নাৰিকল তেলেৰে মালিচ কৰক। ইয়াৰ দ্বাৰা উপকৃত হ’ব। প্ৰতি সপ্তাহত এই তেল ব্যৱহাৰ কৰিব লাগে। অথবা নাৰিকল তেলেৰে বনোৱা মাস্ক ব্যৱহাৰ কৰক। চুলিৰ যত্নৰ বাবে ঘৰুৱা উপায় ব্যৱহাৰ কৰক। ই চুলিত পুষ্টি প্ৰদান কৰাৰ লগতে বিভিন্ন জটিলতা দূৰ কৰিব। এতিয়াৰ পৰা নতুন সামগ্ৰী ব্যৱহাৰ নকৰাকৈ ঘৰুৱা টিপচ ব্যৱহাৰ কৰক আৰু উল্লিখিত খাদ্যসমূহ তালিকাত ৰাখক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More