চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি

সৰ্প দংশনৰ পিছত ২৪ ঘণ্টা হাস্পতালত থকাটো কিয় জৰুৰী

0 415

 

ডাঃ সুৰজিৎ গিৰি

“ছাৰ আপুনি বিহহীন সাপৰ দংশন বুলি কৈছিল।এতিয়া দেখোন এওঁৰ উশাহ টানিব অসুবিধা হৈছে,লগতে ওঁঠ কেইটা ফুলি গৈছে।”

“তাৎক্ষণত হাস্পতাললৈ আহক।”ফোনটো থৈ ভাবিব ধৰিলো।কিয় এনেকুৱা হল।অতি উৎসুকতাৰে তেওঁলোকলৈ বাট চালোঁ।

শেৱালী দাস,৩৮ বছৰ
ডিমৌ
১৪ ফেব্ৰুৱাৰী ২০২২

ঘৰৰে বাৰীৰ পৰা দিনৰ সাজৰ কাৰণে শাক পাচলি বুটলিব যাওঁতেই ৰাতিপুৱা  ৮ মান বজাত অকস্মাত শেৱালীৰ বাওঁ ভৰিটো সাপ ডালৰ ওপৰত পৰে।বেচেৰাই ঠাণ্ডাতে ৰদ পুৱাই আছিল চাগৈ।শেৱালীৰ চিঞৰ শুনি ওচৰতে থকা স্বামী চন্দন বেগাই আহে আৰু এডাল সাপ বাঁহৰ জেং এটাত জোত-পোত খাই থকা প্ৰত্যক্ষ কৰে।শেৱালীৰ দংশন কৰা ভৰিৰ পৰা অহৰহ তেজ বৈ আছিল,লগতে বিষও আছিল।

স্বামী চন্দনে মোবাইলেৰে সাপৰ ফটোটো তুলি ৰাখে আৰু তৎক্ষণাত ডিমৌ হাস্পতাললৈ স্থানান্তৰিত কৰে।
প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰাৰ পাছত তেওঁক পৰ্য্যবক্ষণত ৰখা হয়।মোবাইলত ফটোটো চাই আমি নিশ্চিত আছিলো, সেয়া এটা বিহহীন ঢোৰা সাপ আছিল।যদিওবা বিহহীন সাপ তথাপি আমি হাস্পতালতে অন্ততঃ ২৪ ঘণ্টা থাকিব দিহা দিওঁ।

সাপৰ দাঁতত আমাৰ পৰিৱেশৰ বিভিন্ন লেতেৰা বস্তু বা দ্ৰব্য লাগি থাকিব পাৰে।কেতিয়াবা সাপৰ দাঁতত লাগি থকা দ্ৰব্যৰপৰা দংশিত ব্যক্তিজনৰ এলাৰ্জীও হব পাৰে।ধৰা হওক কিছু সময়ৰ আগতে সাপডালে এডাল ভেকুলী খাইছিল।ভেকুলীটো বিষাক্ত আছিল।সাপডালে ভেকুলীটো গিলি দিওঁতে,ভেকুলীৰ বিহ নিঃসৰিত হৈ,সাপডালৰ দাঁতত লাগি আছিল।কিছু ক্ষণৰ পাছত সাপডালে পেটভৰাই খোৱাৰ পাছত জিৰণি লৈ আছিল, সেই সময়তে আপোনাৰ ভৰি তাৰ ওপৰত পৰে আৰু সি আত্মৰক্ষাৰ কাৰণে দংশন কৰে।দাঁত চাৰি পাঁচটা বহাই দিয়ে।দুৰ্ভাগ্যবশতঃ আপুনি ভেকুলীৰ সেই দ্ৰৱ্যটোৰ প্ৰতি এলাৰ্জিক আছিল।

এইবোৰ কথা ভাবিয়েই সেইবাবে সৰ্প দংশনৰ সকলো ৰোগীৰ লগতে শেৱালীকো ২৪ ঘণ্টা হাস্পতালতে থাকিব দিয়া হৈছিল।ভৰিটো কোনো বন্ধা বন্ধি নকৰাকৈ সম্পূৰ্ণ বৈজ্ঞানিক ভাবে হাস্পতাললৈ শেৱালীক স্থানান্তৰিত কৰা বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ।তেওঁলোক প্ৰশংসাৰ পাত্ৰ আছিল।

কিন্তু—-

প্ৰায় এক ঘণ্টা মানৰ পাছত, শেৱালী সম্পূৰ্ণ সুস্থ হোৱাত
বিভিন্ন অজুহাতত ঘৰলৈ যোৱাৰ কথা দোহাৰে।

“ঘৰটো হাস্পতালৰ পৰা এক কিলোমিটাৰ নিলগত।কিবা হলেই দৌৰি আহিম।”

আমি তেওঁলোকক বুজাব চেষ্টা কৰিলো, কিন্তু নামানে হে নামানে।

“ঘৰত ২ বছৰীয়া লৰা আৰু ৮০ বছৰীয়া দেউতা আছে।দেউতাও বেমাৰী।কিবা অসুবিধা হলে তৎক্ষণাত আহিম ছাৰ।”

হাস্পতালতে থাকিবলৈ অনুৰোধ কৰি আমি তেওঁলোকৰ ভৰিত ধৰিবলৈহে বাকী আছিল।কিন্তু আমাৰ অনুৰোধ/বিধান সম্পূৰ্ণ ৰূপে অবজ্ঞা কৰি,টিকটত আমি নিজে ঘৰলৈ গৈছো বুলি স্বাক্ষৰ কৰি তেওঁলোক ওচৰতে থকা ঘৰলৈ গুচি যায়।

যোৱাৰ আগতে শেৱালী আৰু চন্দনক কওঁ,

“আপোনাৰ দেহ,আপোনাৰ স্বাস্থ্য,আমি মাত্ৰ বিধানহে দিব পাৰো।”

যি কি নহওঁক,গতানুগতিক ৪ টাকৈ চিজাৰীয়ান অস্ত্ৰোপচাৰত ব্যস্ত হওঁ।অস্ত্ৰোপচাৰ কেইটা শেষ কৰি ঘৰলৈ বুলি যাব লওঁতেই প্ৰায় ৪ মান বজাত স্বামী চন্দনৰ ফোন,

“ছাৰ আপুনি বিহহীন সাপৰ দংশন বুলি কৈছিল।এতিয়া দেখোন এওঁৰ উশাহ টানিব অসুবিধা হৈছে,লগতে ওঁঠ কেইটা ফুলি গৈছে।” স্বামী চন্দনে অত্যন্ত ক্ষোভত ফোন কৰে।

“তাৎক্ষণত হাস্পতাললৈ আহক।।মই আছো।”

১ কিলোমিটাৰ নিলগত থকা ৰোগীজন ডিমৌ হাস্পতাল পায় মানে প্ৰায় ১৭ মিনিট লাগিছিল।

হয়, তেখেতৰ ওঁঠ কেইটা ফুলি মস্ত হৈ গৈছিল।উশাহ টানিব অসুবিধা হৈছিল।হৃদ পিণ্ডৰ হাৰ এক মিনিটত ১৩০ আছিল,অক্সিজেনৰ পৰিমাণ ৮৮% হে আছিল (স্বাভাৱিক পৰিমাণ ৯৫-১০০%)আৰু লগতে বুকু,পেট, পিঠিত চকলা চকল উঠিছিল আৰু গোটেই গাটো খজুৱাই আছিল।

স্বামী চন্দনে যেন আমাক খাই পেলাব কৰিছিল।তৰ্জন গৰ্জন কৰি আছিল।হোৱাটো স্বাভাৱিক।আমিও চিন্তিত আছিলো।এয়া সাপৰ বিহৰ লক্ষণ নহয়।

তৎক্ষণাত adrenaline বেজী শেৱালীক প্ৰয়োগ কৰা হয়।লগতে আনুসংগিক দৰৱ পাতি প্ৰয়োগ কৰা হয়।লাহে লাহে প্ৰায় আধা ঘণ্টাৰ পাছত শেৱালী সুস্থ হয়।

সাপডাল বিষাক্ত নাছিল।সম্ভৱ সাপডালৰ দাঁতত এনেকুৱা কিছু দ্ৰব্য লাগি আছিল, যি শেৱালীৰ দেহত বিৰূপ প্ৰতিক্ৰিয়া কৰিছিল।অৰ্থাৎ ৰোগী গৰাকীৰ সাংঘাতিক এলাৰ্জী হৈছিল।সম্ভৱ সাপডালৰ দাঁতৰ পৰা এলাৰ্জীক দ্ৰব্যটো শেৱালীৰ দেহত সোমাইছিল।এই এলাৰ্জী কেতিয়াবা তৎক্ষণাত হয় আৰু কেতিয়াবা কিছু ঘণ্টা বা দিনৰ পাছত হয়। কিছু সময় পাৰ হোৱা হেঁতেন চাগে তেওঁক ভেন্টিলচন দিব লগত পৰিল হেঁতেন।

সৰ্প দংশন হোৱাৰ পাছত ৰোগী যেতিয়া আমাৰ ওচৰলৈ আহে, তেতিয়া সদায় ২৪ ঘণ্টা পৰ্যবেক্ষণত ৰখা হয়।লক্ষণ দেখা দিলে এন্টিভেনম বেজী দিয়া হয়, যদি লক্ষণ দেখা নিদিয়ে তেনেহলে ২৪ ঘন্টাত ছুটী দিয়া হয়।

কিন্তু যদি ৰোগীৰ কোনো লক্ষণ নাথাকে, তেনেহলে ৰোগী আৰু অভিভাৱক ঘৰ যাবলৈ ঠেং দাঙি থাকে।বিভিন্ন অজুহাত, কাকতি মিনতি কৰে।একো লক্ষণ নাই দেখোন।ঘৰ ওচৰতে।কিবা হলে তৎক্ষণাত আহিম।ঘৰত গাখীৰ খোৱা কেঁচুৱা এটা আছে ইত্যাদি ইত্যাদি।আমি যেন তেওঁক জেলত ভৰ্ত্তি হবলৈহে কৈছো।

আমি আমাৰ ভুলৰ পৰা শিক্ষা লৈ কিছু প্ৰটকল বনোৱা হৈছে।হায়দৰাবাদ ৰাজ্যৰ এখন চহৰত এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞক সৰ্প দংশন হোৱাৰ পাছত, প্ৰায় ৪ ঘণ্টা লৈকে বিষাক্ত সৰ্প দংশনৰ একো লক্ষণ দেখা নোপোৱাত ওচৰতে থকা নিজৰ ঘৰলৈ যায়।কিবা অসুবিধা হলে হাস্পতাললৈ আহিম মনোভাৱ।নিজে কাম কৰা হাস্পতাল।চিন্তা নাই।ঘৰত সকলো নিজৰ নিজৰ কামত ব্যস্ত।সৰ্প দংশনৰ প্ৰায় ৭ ঘণ্টা মানৰ পৰা তেওঁৰ লক্ষণ দেখা দিব ধৰে।দিহিঙে দিপাঙে থকা ঘৰৰ মানুহ সকলক খবৰ দিয়ে মানে, হাস্পতাল আহি পাই মানে, ডাক্তৰ গৰাকী মৃত হৈছিল।তেওঁক বচাব পৰা নগল।

মনত ৰাখিব যেতিয়া বিষাক্ত সাপৰ দংশনৰ লক্ষণ দেখা দিয়ে,তেতিয়া অতি দ্ৰুত গতিত দেখা দিয়ে, তেতিয়া হাস্পতালৰ পৰা নাতি দূৰৈত আপোনাৰ ঘৰ থাকিলেও আপুনি হাস্পতাল আহি নাপাব পাৰে।সেইকাৰণে সৰ্প দংশনৰ পাছত আমি ৰোগীক ২৪ ঘণ্টাৰ কাৰণে পৰ্যবেক্ষণৰ কাৰণে ৰাখো।ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হলে বাৰু টকা পইচা খৰছ হয়।ডাক্তৰে টকাৰ লোভত ভৰ্তি কৰিলে বুলি কোৱা মানুহও আছে।কিন্তু চৰকাৰী ডিমৌ চিকিৎসালয়ত ভৰ্তি হলে, না ৰুমৰ,না ডাক্তৰৰ, না দৰৱৰ না তেজৰ পৰীক্ষাৰ কাৰণে টকা পইচা খৰছ কৰিব লাগে।তেনেস্থলত আমাৰ কিয় এনে দৌৰা দৌৰি।সৰ্প দংশন এটা আকস্মিক স্বাস্থ্যজনিত সমস্যা।মনত ৰাখিব দেহা থাকিলেহে বেহা।

তথাপি আপোনালোক যদি সৰ্প দংশনৰ পাছত চিকিৎসালয়ত ভৰ্তি নহয়, আমাৰ কব লগা একো নাই।আপোনাৰ দেহা,আপোনাৰ স্বাস্থ্য।

শেৱালীৰ ঘটনাটো এটা বিৰল ঘটনা।বিহহীন ঢোৰা সাপে দংশন কৰিলেও আপোনাৰ কেতিয়াবা সাংঘাতিক অপকাৰ হব পাৰে।

সেইবাবে আমাৰ ৰাইজলৈ আমাৰ অনুৰোধ–

সৰ্প দংশন হলে ২৪ ঘণ্টা হাস্পতালত পৰ্য্যবেক্ষণত থাকক।

সকলো ভালে থকাত পিছ দিনাখন শেৱালীক হাস্পতালৰ পৰা ছুটী দিবলৈ লওঁতে,শেৱালীয়ে টপৰাই কয়,

“নাই নাই।আৰু এদিন মান চাই লওঁ।আজি হাস্পতালতে থকিম।”

মই হাঁহি মাৰি কলো,

“চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপিৰ নিচিনা কথা হল।”

বি:দ্ৰ: স্বামী স্ত্ৰী দুয়োজন শিক্ষিত আৰু ভাল চৰকাৰী চাকৰি কৰি আছে।তেওঁলোকৰ এই ঘটনাটো ৰাইজৰ সজাগতাৰ বাবে প্ৰকাশ কৰিবলৈ সন্মতি দিয়া বাবে দুয়োকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।তেওঁলোকৰ অনুৰোধ মৰ্মে প্ৰকৃত নাম আৰু ঠিকনা প্ৰকাশ কৰা হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More