চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা জীয়া কাহিনী
লখিমপুৰত উৰুখা পঁজাত দুৰ্বিষহ জীৱন দুই পুত্ৰসহ দুৰ্ভগীয়া পিতাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৪ জুনঃ লখিমপুৰ নগৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত আছে বড়িমুৰী নামৰ গাঁওখন৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে এই গাঁওখন৷ এই গাঁওখনৰে বাসিন্দা হৈছে অনু নাৰ্জাৰী ওৰফে শামুকখোৱা৷ এই ৫৫ উৰ্ধৰ অনু নাৰ্জাৰীক সকলোৱে শামুকখোৱা বুলিহে চিনি পায়৷ এই অনু নাৰ্জাৰীৰ পৰিয়ালটোৱে চৰম দাৰিদ্ৰতাৰ মাজেৰে এতিয়া জীৱন নিৰ্বাহ কৰি আহিব লগা হৈছে৷ লখিমপুৰ কেন্দ্ৰীয় কলেজৰ সমীপত তথা লখিমপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে এই অনু নাৰ্জাৰীৰ উৰুখা পঁজাটি৷ দুই পুত্ৰৰ লগতে পিতৃ অনু নাৰ্জাৰীয়ে বছৰ বছৰ ধৰি এটি অতি জৰাজীৰ্ণ তথা ভগ্ন গৃহত দুৰ্বিষহ ভাৱে জীৱন নিৰ্বাহ কৰি আহিছে যদিও ৰজা ঘৰৰ এই পৰিয়ালটোৰ ওপৰত সু-দৃষ্টি পৰা নাই৷ দাৰিদ্ৰতাৰ বাবে এসাঁজ খাই এসাঁজ নাখাই পৰিয়ালটোৱে কোনোমতে জীৱন পাৰ কৰি আহিছে৷ জীৱিকাৰ সম্বল বুলিবলৈ অনু নাৰ্জাৰীৰ ঘৰত আছে কেৱল তিনিটা মাছ ধৰা চেপাহে৷ এই চেপা কেইটাই হৈছে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ আহিলা ৷ কাষৰ জান-জুৰিত এই চেপা কেইটা পাতি তাত লগা মাছকেইটা গাঁৱত বিক্ৰী কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰি আহিছে পৰিয়ালটোৱে৷ পৰিতাপৰ কথা যে এটা অতি ভগ্নপ্ৰায় গৃহত এই পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে যদিও আজি পৰ্যন্ত এটা চৰকাৰী গৃহৰ মুখ দেখিবলৈ সক্ষম নহল পৰিয়ালটোৱে৷ উল্লেখ্য যে এজাক বৰষুণ দিলেই এই ভগ্ন গৃহটোৰ ভিতৰখন পানীৰে উপচি পৰি থাকিবলৈ ঠাই নোহোৱা হৈ পৰে৷ একপ্ৰকাৰে মুকলি আকাশ দেখি থকা ঘৰখনৰ ভিতৰত আছে কেৱল এখন ভগ্ন বাঁহৰ বিছনা ৷ দৰিদ্ৰতাৰ মাজত জীৱন কটাই অহা অনু নাৰ্জাৰীৰ গৃহটোৰ ওপৰৰ অধিকাংশতে ৰ’দ বৰষুণৰ পৰা ৰক্ষা পাব পৰাৰ নাই কোনো ব্যৱস্থা৷ বৰষুণ দিলেই এই ভগ্ন গৃহটোৰ ওপৰেৰে বৰষুণৰ পানী ঘৰৰ মজিয়া উপচি পৰে৷ বহুবছৰ পূৰ্বে পত্নীয়ে এৰি যোৱা অনু নাৰ্জাৰীয়ে মাজে সময়ে কেতিয়াবা হাজিৰাত গাহৰি কাটি ঘৰলৈ দুই চাৰিকিলো চাউল অনাৰ লগতে প্ৰায়ে মদ্যপান কৰি ঘৰলৈ ঘৰলৈ আহে৷ ফলত ৰ’দ বৰষুণ, ধুমুহা বতাহৰ মাজতে অনু নাৰ্জাৰীৰ দুই পুত্ৰ ৰাজু [১৫] আৰু ৰাহুল [১৭] এ ঘৰটোত দিন পাৰ কৰি আহিছে৷ পঞ্চম মানলৈ অধ্যয়ন কৰা ৰাজুৱে কয় যে তেওঁলোকে দাৰিদ্ৰতাৰ বাবে প্ৰায়ে লঘোণে দিন পাৰ কৰিব লগা হয়৷ দেউতাক অনু নাৰ্জাৰীও ঘৰলৈ নিশা কমকৈ অহাৰ লগতে এই ভগ্ন গৃহটোত ৰাজুৱে প্ৰায়ে অকলশৰে থাকিব লগা হয়৷ গাঁৱৰ ৰাইজেও পৰিয়ালটোক কোনোদিনে সহায় কৰিবলৈ আগবাঢ়ি অহা নাই বুলি ৰাজুৱে দুখেৰে ব্যক্ত কৰে৷ লখিমপুৰ উন্নয়ন খণ্ডৰ চাবতি গাঁও পঞ্চায়তৰ অন্তৰ্গত বড়িমুৰী কেচাশালৰ এই অনু নাৰ্জাৰীৰ [শামুকখোৱা] পৰিয়ালটো এই পৰ্যন্ত কিয় এটা চৰকাৰী আৱাস গৃহৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে সেয়া সাধাৰণ ৰাইজৰ বোধগম্য হোৱা নাই৷ সেয়েহে এই দুৰ্ভগীয়া পৰিয়ালটোৰ ক্ষেত্ৰত জিলা আয়ুক্তই সু-দৃষ্টি দিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷