চৰকাৰী কাৰ্যালয় চৌহদক শ্যামলী চৌহদ ৰূপে গঢ়াৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

0 28
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জলবায়ু পৰিবৰ্তনৰ সংকট প্ৰতিৰোধত সহায়ক হোৱাকৈ ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ সামূহিক প্ৰয়াসক উদগণি জনাই অসম চৰকাৰে হাতত লোৱা ‘মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প’ৰ আজি দিছপুৰৰ জনতা ভৱন চৌহদত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই এই বিশেষ গছপুলি ৰোপণ প্ৰকল্পটো ৰাজ্যত সচৰাচৰ গ্ৰহণ কৰি অহা গছপুলিৰোপণ কাৰ্যসূচীতকৈ ব্যতিক্ৰমী হ’ব বুলি প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগে কাৰ্যৰূপায়ণৰ উদ্যোগ লোৱা ‘মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প’ৰ বিশেষত্বৰ বিষয়ে উল্লেখ কৰি বিভাগীয় মন্ত্ৰী মহন্তই কয় যে ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ চৌহদক ফলমূল, ঔষধি আৰু সৌন্দৰ্যবৰ্ধনকাৰী থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণেৰে শ্যামলী চৌহদ ৰূপে গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ আধাৰত এই বিশেষ গছপুলি ৰোপণৰ প্ৰকল্পটো হাতত লোৱা হৈছে। ৰাজ্যত জলবায়ু পৰিবৰ্তনৰ সংকট প্ৰতিৰোধৰ বাবে অপৰিহাৰ্য সেউজ আৱৰণ বৃদ্ধিৰ দিশত সামূহিক প্ৰয়াসকো ইয়াৰ জৰিয়তে উদগণি যোগাব বিচৰা হৈছে। আন গছপুলি ৰোপণ কাৰ্যসূচীতকৈ ব্যতিক্ৰমী এই প্ৰকল্পৰ অধীনত অহা ১৫ আগষ্টলৈকে ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানৰ চৌহদত আগন্তুক এমাহত ৰোপণ কৰিব লগা প্ৰতিজোপা গছপুলিয়েই তিনিবছৰলৈ প্ৰতিপালন কৰি ডাঙৰ কৰাটো সুনিশ্চিত কৰিব সংশ্লিষ্ট কাৰ্যালয়ৰ কৰ্তৃপক্ষই। উদ্বোধনী সভাখনৰ পূৰ্বে প্ৰকল্পটি শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু বিভাগীয় মন্ত্ৰী মহন্তৰ লগতে অনুষ্ঠানত অংশগ্ৰহণকাৰী মন্ত্ৰী অতুল বৰা, পৰিমল শুক্লবৈদ্য, ডাঃ ৰণোজ পেগু, ঊৰ্খাও গৌড়া ব্ৰহ্ম, যোগেন মহন, জয়ন্ত মল্ল বৰুৱা, নন্দিতা গৰ্লোচা আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জনতা ভৱন চৌহদত এজোপাকৈ গছপুলিও ৰোপণ কৰে। মুখ্যমন্ত্ৰীৰ দ্বাৰা আজি জনতা ভৱন চৌহদত ‘মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প’ৰ আনুষ্ঠানিক উদ্বোধনৰ পাছতে কাইলৈৰ পৰা অহা ১৫ আগষ্টলৈ গুৱাহাটীস্থিত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগীয় কাৰ্যালয়, সঞ্চালকালয় আদিৰ লগতে জিলাসমূহত থকা চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান চৌহদসমূহত এই প্ৰকল্পৰ অধীনত গছপুলি ৰোপণ কৰা হ’ব। ৰাজ্যৰ মন্ত্ৰীসকল, মুখ্যসচিব, স্বায়ত্ব পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকল আৰু কাৰ্যবাহী সদস্যসকল, অসম চৰকাৰৰ প্ৰতিটো বিভাগৰে জ্যেষ্ঠতম সচিবসকলে কাইলৈৰ পৰা নিজ নিজ কাৰ্যালয় চৌহদতো এই প্ৰতিষ্ঠানিক গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিব। জিলাসমূহত উপায়ুক্তকে ধৰি প্ৰতিটো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আদিৰ মূৰব্বীয়ে ১৮ জুলাইৰ পৰা নিজ কাৰ্যালয়, শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানৰ চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰিব।আন গছপুলি ৰোপণ কাৰ্যসূচীতকৈ ব্যতিক্ৰমী এই বিশেষ প্ৰকল্পটিৰ অধীনত অহা ১৫ আগষ্টলৈকে ৰাজ্যৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ চৌহদত ৰোপণ কৰিব লগা প্ৰতিজোপা গছপুলি তিনিবছৰলৈকে তদাৰক কৰাৰো দায়িত্ব সংশ্লিষ্ট কাৰ্যালয়, শিক্ষানুষ্ঠান, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান কৰ্তৃপক্ষই বহন কৰি গছপুলিসমূহ ডাঙৰ হোৱাটো সুনিশ্চিত কৰিব। এই মহত্বপূৰ্ণ প্ৰকল্পটোৰ মূল দিশসমূহ তদাৰকৰ দায়িত্বত থকা অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু  পৰিবেশ পৰিষদ (এছটেক)-এ ‘মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প’ৰ অধীনত প্ৰতিটো কাৰ্যালয়, শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানৰ চৌহদত ৰোপণ কৰা প্ৰতিজোপা গছপুলিৰ আলোকচিত্ৰ আপলোড কৰাৰ লগতে ৰোপকৰ নাম আৰু পদবী, গছপুলিৰ অসমীয়া, ইংৰাজী আৰু বৈজ্ঞানিক নামসহ বিতং তথ্য ৰোপণ কৰাৰ দিনাৰে পৰা কমেও পৰৱৰ্তী তিনিবছৰলৈ সংৰক্ষিত হৈ থকাকৈ ‘শ্যামলীচৌহদ’ শীৰ্ষক এটা ৱেবপ’ৰ্টেলো ইতিমধ্যে মুকলি কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More