চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

0 19

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: চৰকাৰী খণ্ডৰ বহু সংখ্যক বিদ্যালয় বন্ধ কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বান মৰ্মে সংগঠনটোৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ আদালত চাৰি আলিত ৰাজ্যিক প্ৰতিবাদ দিৱস কাৰ্যসূচী পালন কৰা হয়। কোনো অজুহাতত চৰকাৰী বিদ্যালয় বন্ধ কৰা নচলিব, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা বন্ধ কৰক, মেট্ৰিক পৰীক্ষাৰ শূন্য় ফলাফলৰ অজুহাতত চৰকাৰী খণ্ডৰ স্কুল বন্ধ কৰা নচলিব, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ, অনুত্তীৰ্ণ প্ৰথা পুণৰ প্ৰবৰ্তন কৰক ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। এই প্ৰতিবাদী কাৰ্যসূচীত অল ইণ্ডিয়া ডি এছ অ’ৰ জিলা কমিটি সম্পাদক মাধুৰ্য গগৈ উপস্থিত থাকি কয় যে ৰাজ্য চৰকাৰে মেট্ৰিক পৰীক্ষাৰ শূন্য় ফলাফলৰ অজুহাত দেখুৱাই চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত তীব্ৰ গৰিহণাযোগ্য। ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ স্বাৰ্থতেই মিছা অজুহাত সৃষ্টি কৰি ৰাজ্য চৰকাৰে এই শিক্ষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে ।এই সন্দৰ্ভত গগৈয়ে আৰু কয় যে, ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ কথা কৈ একত্ৰিতকৰণৰ নামত বিদ্যালয় বন্ধ কৰাৰ প্ৰক্ৰিয়া তীব্ৰতাৰে চলাই থকা হৈছে । লগতে নতুনকৈ বিদ্যালয় সমূহৰ আন্তগাঁথনিৰ বাবে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহৰ কথাকৈ ” বিদ্যাঞ্জলি আঁচনিৰ ” নামত আচলতে শিক্ষানুষ্ঠানসমূহক গঢ়ি তুলি ব্যৱসায়ীকৰণৰ প্ৰত্যক্ষ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈ আছে বুলিও তেওঁ অভিযোগ কৰে । ইয়াৰ লগতে দীৰ্ঘদিন ধৰি শিক্ষক আৰু আন্তগাঁথনিহীন পৰিৱেশ বজাই ৰাখি , অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ,অনুত্তীৰ্ণ প্ৰথা নোহোৱা কৰি , পাঠদানৰ ক্ষেত্ৰত কাৰ্যকৰিকৰণ পদ্ধতি প্ৰৰ্বতন কৰি ৰাজহুৱা শিক্ষাৰ মান মাৰাত্মকভাবে অৱনমিত কৰা হৈছে বুলি কয় গগৈয়ে ।এনে পৰিস্থিতিত চৰকাৰী খণ্ডৰ শিক্ষাপ্ৰতিষ্ঠানৰ ধ্বংস সাধনত বদ্ধপৰিকৰ এই চৰকাৰক এনেধৰণৰ শিক্ষাবিৰোধী সিদ্ধান্ত বাতিল কৰাৰ লগতে এই শিক্ষানুষ্ঠানসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে যুদ্ধকালীন তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ বাবে ৰাজ্য ব্যাপী তীব্ৰ ছাত্ৰ তথা গণ আন্দোলন গঢ়ি তুলিব লাগিব বুলিও তেওঁ কয় । গগৈয়ে লগতে ৰাজ্যৰ ছাত্ৰ , শিক্ষক আৰু অভিভাৱক সমাজক এনে দুৰ্দিনত আগবাঢ়ি আহি তীব্ৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ বাবে আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More