চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে কিয়ঃ ৰকিবুল

চৰকাৰী সাহায্য লাভ কৰা নাই বানাক্ৰ‍ান্ত ৰাইজে

0 10

সংবাদমেলত সৰৱ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। ৰাজ্যৰ গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়। বানৰ সময়ত আগতে যিদৰে সাহায্য পাইছিল বৰ্তমান তেনেদৰে সাহায্য পোৱা নাই। যদি ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন আছে তেন্তে কিয় চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে। মঙলবাৰে নগাঁও চহৰত ৫৮ বাৰ বিদ্যুৎ কৰ্তন কৰা হৈছে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুল‍াইঃ ভয়াৱহ বানৰ কবলত পৰা ৰাইজক সাহায্য প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। এই অভিযোগ প্ৰাক্তন মন্ত্রী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ। ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক ৰকিবুল হুছেইনে চৰকাৰৰ বান সাহায্যকলৈ সৰৱ হৈ পৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়। বানৰ সময়ত আগতে যিদৰে সাহায্য পাইছিল বৰ্তমান তেনেদৰে সাহায্য পোৱা নাই বানাক্ৰান্ত ৰাইজে। তেওঁ কয় যে বানপানীৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা পেকেজ কেন্দ্ৰীয় চৰকাৰৰ পৰ‍া বিচাৰিব বুলি আশা কৰিছিলোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বানত সাহায্য দিব পৰা টকা চৰকাৰৰ হাতত আছে। যদি ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত ধন আছে তেন্তে কিয় চৰকাৰে এহাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে। প্ৰকৃততে মুখ্যমন্ত্ৰীৰ কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় নেতৃত্বক ভাল লগাবলৈ কেন্দ্ৰৰ সাহায্য নালাগে বুলি কৈছে। তেওঁ লগতে কয় যে চৰকাৰৰ মূৰত এক লাখ দহ হাজাৰ কোটি টকাৰ ঋণৰ বোজা ইতিমধ্যেই আছে। পুনৰ ঋণ ল’ব বিচাৰিছে। ইফালে বানৰ এনে দুৰ্যোগৰ সময়ত জলপান, গাখীৰ, কেঁচা চাহপাত আদিত ৫ শতাংশ জি এছ টি লগাব বিচাৰিছে। আনহাতে চাইকেলৰ পাম্প, পানীৰ পাম্প আদিটো ১৮ শতাংশলৈ জি এছ টি লগাইছে। চৰকাৰে প্ৰয়োজনীয় ১৩৯৯ বিধ সামগ্ৰীত কৰ আৰোপ কৰিছে। বানত ককবকাই থকা ৰ‍াইজৰ ওপৰত কৰৰ বোজা জাপি দিয়া হৈছে। তেওঁ লগতে কয় যে ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰৰ দিনত মঙলবাৰে নগাঁও চহৰত ৫৮ বাৰ বিদ্যুৎ কৰ্তন কৰা হৈছে। এয়া হৈছে বিজেপি চৰকাৰৰ কথা আৰু কামৰ নমুনা। বৰ্ত্তমান গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহ একত্রিকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিদ্যালয়সমূহৰ লগত বহুতৰে আৱেগ-অনুভূতি জড়িত হৈ আছে। যাৰ বাবে গাঁৱৰ মানুহৰ মনবোৰ বেয়া। চৰকাৰখনৰ স্থিতিক সমালোচনা কৰি তেওঁ কয় যে বৰ্তমান কথা কবলৈকে ভয়। ৰাইজৰ আবেগ অনুভূতি জড়িত হৈ থকা বিদ্যালয়সমূহ ৰখাৰ বাবে তেওঁ চৰকাৰৰ প্ৰতি আহ্বান জনায়। আনহাতে কেবিনেটে অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচটা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া সন্দৰ্ভত তেওঁ প্ৰশ্ন কৰি কয় যে আগতে তেওঁলোক খিলঞ্জীয়া নাছিল নেকি। তাৰ মানে ছৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি। চৰকাৰৰ কেবিনেটত সিদ্ধান্ত ল’লেহে খিলঞ্জীয়া হ’ব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এতিয়ালৈকে খিলঞ্জীয়াৰ সংজ্ঞাই নিৰূপন হোৱা নাই। মুখ্যমন্ত্রীৰ যি মন যায় ত‍াকেই কৰিব পাৰে। ইফালে ছাত্র নেত‍া কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ সন্দৰ্ভত চি আই ডিয়ে দিয়া শপতনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে সৰু বনিয়াক ধৰি লাভ নাই। এনকাউণ্টাৰৰ নিৰ্দেশ দিয়া ‘চৰ্দাৰ’জনক কোনে ধৰিব। আৰক্ষী বিষয়া প্ৰদীপ বনিয়াই কাৰোবাক ভাল লগাবলৈহে সেই কাম কৰিছিল। এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল প্ৰসংগত তেওঁ কয় যে ৰাজ্যসভাৰ নিৰ্বাচনত ছবিখন স্পষ্ট হৈ পৰিছিল। আজমলে ব্যৱসায়ৰ স্বাৰ্থত ক’ব লাগে কাৰণে কৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজমলৰ ক’ৰবাত সংগ দোষ হৈছে। যাৰবাবে আজমলে অশ্লীল শব্দ কৈছে বুলি তেওঁ কয়। সংবাদমেলত বিধায়িকা শিৱামণি বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More