চৰকাৰে বিদ্যালয়ৰ প্রধানক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মান নিম্নগামী হৈছে

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ গুৰুতৰ অভিযোগ

0 34

লখিমপুৰত খেল পথাৰ উন্নয়নৰ নামত আৱণ্টিত ২০ 

শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২২ জুনঃ ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ মুৰব্বী তথা প্রধান শিক্ষক, অধ্যক্ষ আদিক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মানৰ অৱনতি ঘটিছে। এই সকল বিদ্যালয় প্রধানে বিদ্যালয়ৰ গৃহ নির্মাণকে ধৰি বিভিন্ন কামত নিজকে ঠিকাদাৰৰ দৰে নিয়োজিত কৰি অহাৰ বাবেই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফলাফল নিম্নগামী হৈছে। এই অভিযোগ দুর্নীতি বিৰোধী যুৱ শক্তি অসমৰ। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰে। চৰকাৰে বিভিন্ন সময়ত বিদ্যালয়ৰ আন্তঃগাঁথনিকে ধৰি গৃহ নির্মাণ অথবা বিভিন্ন শিতানত বিদ্যালয়লৈ ধন আৱণ্টন দিয়াৰ পিছত তেনে বিদ্যালয়ক প্রধান শিক্ষক, অধ্যক্ষ আদিয়ে ঠিকাদাৰৰ দৰে কাম কৰি অহাৰ ফলত শ্ৰেণী কোঠাত তেওঁলোকে মন দিয়াৰ পৰা প্ৰায়ে বিৰত থাকে। তেনে স্থলত ছাত্র-ছাত্ৰীসকল শৈক্ষিক দিশত যথেষ্ট পিছপৰি যায় বুলি আজি সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধর্মকান্ত গগৈয়ে গুৰুতৰ অভিযোগ তোলে। তেওঁলোকে ৰড, চিমেণ্ট, শিল-বালি, মিস্ত্রী, মধ্যাহ্ন ভোজন, বেংক আদিৰ পিছে পিছে লাগি ফুৰাৰ বাবেই ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিবলৈ আহৰি নাপায়। সেয়েহে চৰকাৰে এনে ব্যৱস্থা প্ৰত্যাহাৰ কৰি অন্যান্য বিভাগৰ দৰে কাম-কাজ কৰি যাব লাগে বুলি গগৈয়ে সংবাদমেলত ব্যক্ত কৰে। শেহতীয়াকৈ চৰকাৰে এল. আই. চি. এজেণ্ট, সাংবাদিক, ৰাজনৈতিক নেতা আদিয়ে শিক্ষকতা কৰিব নোৱাৰিব বুলি দিয়া হুংকাৰৰ পৰিৱৰ্তে বিদ্যালয়ৰ শিক্ষকক ঠিকাদাৰ সজোৱাৰ পৰা বিৰত থাকিব লাগে বুলি দাবী জনায়। আনহাতে লখিমপুৰৰ গঁড়েহগা বাঁহপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেল পথাৰ উন্নয়নৰ নামত আবণ্টিত ২০ লাখ টকাৰ বৃহৎ কেলেংকাৰি সংগঠিত হোৱা বুলি সংগঠনটোৱে অভিযোগ কৰে। বিদ্যালয়ৰ অধ্যক্ষই এনে ধন আত্মসাৎ কৰি ব্যক্তিগত কামত ব্যয় কৰা বুলিও গুৰুতৰ অভিযোগ তোলে। কোনো কাৰণতে বিদ্যালয়খনত ২০১৮-১৯ বৰ্ষত আবণ্টিত খেল পথাৰ উন্নয়নৰ ২০ লাখ টকা ব্যৱহাৰ হোৱা নাই বুলি উল্লেখ কৰি খেল পথাৰ উন্নয়নৰ বাবে ৭৬৫ ট্রেক্টৰ মাটি পেলোৱা নাই বুলি কয়। তথ্য জনা অধিকাৰ আইনৰ জড়িয়তে সংগঠনটোৱে লাভ কৰা তথ্য অনুসৰি প্ৰতি ট্রেক্টৰ মাটিত ৪৫০ টকাকৈ ব্যয় কৰা দেখুৱাইছে যদিও উক্ত অঞ্চলত প্ৰতি ট্রেক্টৰ মাটিৰ মুল্য ২৫০ টকাৰ ৩০০ টকা বুলিহে সংগঠনটোৱে সদৰি কৰে। খেলপথাৰখনত ১০০ ট্রেক্টৰতকৈ অধিক মাটি পেলোৱা নাই বুলি সংগঠনটোৱে উল্লেখ কৰি খেলপথাৰ নিৰ্মাণৰ নামত গৰিষ্ঠ সংখ্যক ধন এটা দলৰ লগত মিলি অধ্যক্ষই লুণ্ঠন চলোৱা বুলি ধর্মকান্ত গগৈয়ে সংবাদমেলত ব্যক্ত কৰে। এই সন্দৰ্ভত সংগঠনটোৱে উচিত তদন্তৰ দাবী জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More