চৰকাৰৰ বিৰুদ্ধে টিউটৰ শিক্ষকঃ  শীঘ্ৰে আন্দোলনত নামিব 

 উজনিৰ পাঁচখন জিলা সমিতিৰ ক্ষোভ

0 18

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ লখিমপুৰ নগৰৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উজনি অসমৰ টিউটৰ, কৰ্মচাৰীসকলৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ এই সভাতে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এই টিউটৰ শিক্ষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই আন্দোলনত নমাৰ হুংকাৰ দিয়ে৷ একেদৰে শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিতো এনে শিক্ষকে এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য যে উজনি অসমৰ ধেমাজি, মাজুলী, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথকে ধৰি বিভিন্ন জিলাৰ টিউটৰ সকলৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰা আজিৰ এই সভাত চৰকাৰৰ বিৰুদ্ধে সকলোৱে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ টিউটৰ শিক্ষক-কৰ্মচাৰীৰ যৌথ মঞ্চৰ উদ্যোগত অনুষ্ঠিত এই সভাখনত সঞ্চালনা কৰে লখিমপুৰ জিলা সমিতিৰ সভাপতি হেমন্ত শইকীয়াই৷ ধেমাজি জিলাৰ প্ৰাথমিক, মধ্য ইংৰাজী শিক্ষক সন্থা, মাধ্যমিক, চিনিয়ৰ ছেকেণ্ডাৰী শিক্ষক-কৰ্মচাৰীৰ লগতে গোগামুখ, মাজুলী, লখিমপুৰ, বিশ্বনাথ জিলাৰ টিউটৰ কৰ্মচাৰীসকলে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে যে চলিত বৰ্ষৰ নৱেম্বৰ মাহত শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টি ধেমাজিত টিউটৰ কৰ্মচাৰীসকলে ন্যাৰ্য প্ৰাপ্তিৰ দাবীত বৃহৎ প্ৰতিবাদী আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিগত প্ৰায় ২৫-৩০ বছৰৰ পূৰ্বেই নিযুক্তি লাভ কৰা শিক্ষকসকলক ২০২১ বৰ্ষৰ ফেব্ৰেুৱাৰী আৰু ৩০ নৱেম্বৰত ৰাজ্য চৰকাৰে শিক্ষকৰ পৰিৱৰ্তে টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰাতো চূড়ান্ত অন্যায় বুলি শিক্ষকসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ খেদ প্ৰকাশ কৰে৷ প্ৰায় তিনি দশকৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া আৰু বছৰ বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই অহা এই শিক্ষকসকলৰ ক্ষেত্ৰত কোনো কাৰণতে এন চি আৰ টি প্ৰযোজ্য হ’ব নোৱাৰে বুলি টিউটৰসকলে সভাত তথ্য দাঙি ধৰে৷ যি সময়ত ঠিকাভিত্তিক শিক্ষকক আৰু ২০১৩ চনত প্ৰাদেশীকিকৰণ হোৱা ভেঞ্চাৰ শিক্ষকক কোনো এন চি আৰ টি নোহোৱাকৈ শিক্ষকৰ মৰ্যাদা দিলে তেনে ক্ষেত্ৰত কেৱল ২০২১ চনত নিযুক্তি দিয়া শিক্ষকক টিউটৰ সজোৱাতো অতি পৰিতাপৰ কথা বুলি সভাত সকলোৱে ক্ষোভ উজাৰে৷ সামান্য মাননিৰে টিউটৰ শিক্ষকসকলৰ জীৱন দুৰ্বিষহহে কৰি তোলা বুলি উল্লেখ কৰি এনে কাৰণতে এইসকল শিক্ষকে অনাগত দিনত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More