চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে টঙালি বান্ধিব ৰে’ল শ্ৰমিকে

বৰাকৰ বদৰপুৰত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভা

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জানুৱাৰী : এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভা ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে বৰাক উপত্যকাৰ বদৰপুৰত অনুষ্ঠিত হ’ব । ৰে’ল শ্ৰমিক সংগঠনটোৰ এই কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভাখন গুৰুত্বপূৰ্ণ হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পুলক গগৈয়ে ৷ আজি তিনিচুকীয়াত জাৰী কৰা এক বিবৃতি ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে টিভি, ৰেডিঅ’যোগে দেশবাসীক মনৰ কথা কৈ ভাল পোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’ল শ্ৰমিকসকলৰ মনৰ কথা অলপো বুজিবলৈ চেষ্টা কৰা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত বদৰপুৰৰ সভাতে নতুন উদ্যমেৰে আন্দোলনৰ বাবে ৰে’ল শ্ৰমিকসকলে টঙালি বান্ধিব ৷ দীৰ্ঘদিন ধৰি নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন বাহাল ৰখাৰ দাবীৰ উপৰি নেচনেল মণিটাইজেচন পাইপ লাইন, ভাৰতীয় ৰে’লকে ধৰি দেশৰ লাভজনক উদ্যেগসমূহৰ ব্যক্তিগতকৰণৰ হঠকাৰী নীতি, দেশৰ সভ্যতা-সংস্কৃতি আৰু অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়া ৰে’ল শ্ৰমিকসকলৰ ওপৰত নতুন শ্ৰম আইন প্ৰৱৰ্তন কৰিবলৈ লোৱা সৰ্বনশীয়া শ্ৰম আইন, পদ বিলুপ্তিকৰণ, খালীপদ পূৰণ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ সু-সংগঠিত ৰূপে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰণডংকা বজাবলৈ এই সভাতে ৰণকৌশল যুগুত কৰা হ’ব বুলি ৰে’ল শ্ৰমিক নেতা গগৈয়ে বিবৃতিটোত কয় ৷ এই কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভাত অল ইণ্ডিয়া ৰেলৱমেনছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক শিৱ গোপাল মিশ্ৰ, নেচনেল ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰেলৱমেনছ ফেডাৰেচনৰ সহকাৰী সাধাৰণ সম্পাদক বেণু পি নায়াৰ, এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সভাপতি দিলীপ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক আশীস বিশ্বাস, অল ইণ্ডিয়া ৰেলৱমেনছ ফেডাৰেচনৰ ক্ষেত্ৰীয় সাধাৰণ সম্পাদক পীয়ূষ চক্ৰৱৰ্তীকে ধৰি আন আন কেন্দ্ৰীয় নেতা সকলৰ লগতে মাণ্ডলিক সম্বয়কসকল আৰু তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰৰ ৫২ টা শাখাৰ নেতাকৰ্মী সকলৰ বিশাল সমাবেশ ঘটিব ৷ ইতিমধ্যে কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভাখন সফল কৰি তুলিবলৈ এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ বদৰপুৰ শাখাৰ দ্বাৰা আয়োজিত বিস্তৃত কাৰ্য্যসূচীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি গগৈয়ে সদৰি কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More