চৰকাৰ মাধ্যম বিৰোধী : তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মে’ : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এক বিবৃতিত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাইয়ে কয় যে আইৰ মুখৰ ভাষা কোনোবাই ৰাজনৈতিক স্বাৰ্থৰ হ’কে কাঢ়ি লৈ যোৱাৰ চেষ্টা কৰিব আৰু ছাত্ৰ সন্থাই নিৰ্বিকাৰভাৱে মানি ল’ব সেয়া কোনোপধ্যেই সম্ভৱ নহয়৷ মাতৃভাষাৰ প্ৰতি সংকট কেতিয়াও সহ্য কৰা নহব ৷ মাতৃভাষাক সুৰক্ষিত আৰু প্ৰসাৰিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত ছাত্ৰ সন্থাই পূৰ্বেও বহু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ তৎস্বত্বেও জাতি, মাটি, ভেটিৰ কথা কোৱা এই খিলঞ্জীয়া বিৰোধী চৰকাৰখনে এনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰি আহিছে যি মাতৃভাষাৰ অস্তিত্বৰ প্ৰতি অমানিশা কঢ়িয়াই আনিছে ৷ শেহতীয়াকৈ অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ৰ পাঠ্যপুথিসমূহ ইংৰাজী ভাষাত ছপোৱাৰ লগতে ইংৰাজী ভাষাতেই পাঠদান কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত মাতৃভাষা বিৰোধী ৷ আছুৰ বিষয়ববীয়াজনে এনে ধৰণৰ সিদ্ধান্ত ছাত্ৰ সন্থাই কেতিয়াও মানি ল’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ৷ তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমৰ শিক্ষা গ্ৰহণ কৰাৰ বিৰোধী ছাত্ৰ সন্থা কেতিয়াও নহয় আৰু হ’ব নোৱাৰে ৷ কিন্তু নিজ আইৰ ভাষাটো উলাই কৰি অন্য এক ভাষা আদৰি লোৱাৰো পক্ষপাতী ছাত্ৰ সন্থা নাছিল আৰু ভৱিষ্যতলৈও নহয় ৷ সেয়েহে চৰকাৰৰ এনে মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাবে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ অন্তৰ্গত তিনিচুকীয়া, পানীতোলা, মাকুম, ডুমডুমা, ডাঙৰী, ফিলবাৰী, কাকপথাৰ, ছৈখোৱা, শদিয়া, ডিগবৈ, মাৰ্ঘেৰিটা আৰু বৰদুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অনশনৰ কাৰ্যসূচীত উপস্থিত থাকি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে মাতৃভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা এই চৰকাৰখনক ধিক্কাৰ জনোৱাৰ লগতে শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰি উঠি অহা নৱপ্ৰজন্মক মাতৃভাষাৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে দাবী জনায় ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত জিলাৰ সহকাৰী সাধাৰণ সম্পাদক সত্য বৰগোঁহাই, তিনিচুকীয়া আঞ্চলিকৰ সভাপতি উদীপ বৰপাত্ৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তন্ময় গগৈ উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More