চৰাইৰ বাবেই সলনি হ’ল এখন দেশৰ নাম

0 29
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুনঃ এখন দেশৰ নামেই সলনি হৈ গ’ল! সলনি হৈ গ’ল মাত্ৰ এবিধ চৰাইৰ বাবেই। দেশখনৰ নাম গোটেই বিশ্বতে সমাদৃত। বিশ্বৰ ইতিহাস আৰু সংস্কৃতিত এই দেশৰ বিপুল উপস্থিতি। দেশখনক আমি সকলোৱে জানো তুৰস্ক বুলি। ইংৰাজীত যাক কোৱা হয় ‘টার্কি’। টার্কি এবিধ চৰাইৰ নাম। এই চৰাইবিধৰ লগত নানা সংস্কৃতি জড়িত। যেনে— Thanks giving day। এই দিনটোত ক্ষমা ধর্মৰ প্রকাশ ঘটে। তাৰেই প্রতীক হ’ল এই চৰাইবিধক ঘেৰি সৃষ্টি হোৱা ভোজ-উৎসৱ। দেশখনৰ নাম পৰিৱর্তনৰ বিষয়ে তুৰস্কৰ পৰৰাষ্ট্র মন্ত্রী মেভলিত চাভাচগলুৱে কৈছে যে, ইয়াৰ ফলত দেশখনৰ ‘ব্রেণ্ড ভেলু’ তথা মর্যাদাপূর্ণ পৰিচিতি বাঢ়িব। ইফালে EDAMৰ চেয়াৰমেন চিনান উলগেনে কয় যে, চৰাইৰ নামৰ পৰা পৃথক কৰাৰ বাবেই তুৰস্কৰ নাম পৰিৱর্তনৰ মূল কাৰণ। তদুপৰি কথ্যভাষাত ব্যর্থতা বুজাবলৈয়ো এই শব্দটো ব্যৱহাৰ হৈ থাকে। আগন্তুক বছৰ নির্বাচনত পুনৰ যুঁজিব ৰাষ্ট্ৰপতি ৰিচেপ তাইয়েপ এৰদোৱান। তেওঁৰ বাবে নতুন নাম ‘তুর্কি জাতিৰ সংস্কৃতি, সভ্যতা আৰু মূল্যবোধ প্রকাশৰ সকলোতকৈ ভাল উপায়’। ‘টার্কি’ দেশখনৰ নাম হ’ল ‘টার্কিয়ে’। ৰাষ্ট্রসংঘই এই নামটোত অনুমোদন দিছে। শুনা গৈছে যে, দেশখনৰ নাম পৰিৱর্তন হঠাৎ কৰা হোৱা নাই। এই পদ্ধতিটো তলে তলে বহুদিন ধৰি চলিছিল। নতুন নামটো এতিয়া অফিচিয়েলি সর্বত্রই ব্যৱহাৰ কৰা হ’ব। অৱশ্যে গণমানসত এই পৰিৱর্তন হঠাৎ নহ’ব। কাৰণ, তেওঁলোকৰ মনত নতুন নামটোৱে ৰেখাপাত কৰিবলৈ কিছু সময় ল’ব বুলি ধাৰণা কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More