ছবছৰত চাৰে সাত লাখ ভাৰতীয়ই এৰিলে দেশ

প্রায় ছয় হাজাৰ সংখ্যালঘু সম্প্রদায়ৰ নাগৰিকৱ আহিল ভাৰতলৈ

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মে’ : ২০১৬ চনৰ পৰা যোৱা বছৰপর্যন্ত এই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে চাৰে সাত লাখ জনে। এই তথ্য কেন্দ্রীয় চৰকাৰৰ। কেন্দ্রৰ আৰু দাবী— ব্যক্তিগত কাৰণতেই দেশৰ নাগৰিকত্ব এৰি বিশ্বৰ অন্ততঃ ১০৬খন দেশত আশ্রয় লৈছে তেওঁলোকে। এই সময়ৰ ভিতৰত পাকিস্তান, বাংলাদেশসহ চুবুৰীয়া দেশবোৰৰ পৰা অহা প্রায় ছয় হাজাৰ সংখ্যালঘু সম্প্রদায়ৰ নাগৰিকক দেশত আশ্রয় দিয়া হৈছে বুলিও জনাইছে কেন্দ্রীয় চৰকাৰে।

  •  যিবোৰ দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে
    বিদেশ মন্ত্রণালয়ে পেছ কৰা তথ্য অনুযায়ী, ২০১৬- ২০২১ চনৰ ভিতৰত মুঠ ৭,৪৯,৭৬৫ জন ভাৰতীয়ই নাগৰিকত্ব এৰিছে। এই ছবছৰৰ ভিতৰত ২০১৯ চনত সকলোতকৈ বেছি ১.৪৪ লাখ নাগৰিকে দেশ পৰিহাৰ কৰিছে। অন্যহাতে ২০১৬ চনত ১.৪১ লাখ ভাৰতীয়ই এই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে। অৱশ্যে ২০২০ চনত এই প্রৱণতা বহুখিনি নিম্নমুখী হৈছিল। এই বছৰত ৮৫,২৪৮ জনে নাগৰিকত্ব এৰিছিল। কেন্দ্রৰ পৰিসংখ্যা বিশ্লেষণ কৰি জনা গৈছে যে, ২০১৭ চনত যিসকল ভাৰতীয়ই দেশ এৰিছে, তেওঁলোকৰ অধিকাংশই আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডত আশ্রয় লৈছে। উক্ত বছৰৰ পৰা ২০২১ চনপর্যন্ত দেশ এৰোতাৰ ৮২ শতাংশই এই চাৰিখন দেশলৈ গুচি গৈছে। বিদেশ মন্ত্রণালয়ে জনাইছে যে, ২০১৭ চনৰ পৰা আমেৰিকাৰ নাগৰিকত্ব গ্রহণ কৰিছে দেশৰ ২.৫৬ লাখ প্রাক্তন নাগৰিকে। তদুপৰি ৯১ হাজাৰৰো বেছি নাগৰিকে কানাডাত আশ্রয় লৈছে। আনহাতে ২০২০-২১ চনত পাকিস্তান আৰু বাংলাদেশতো আশ্রয় লৈছে বেছ কিছু ভাৰতীয়ই। আনকি ২০১৭ চনৰ পৰা ২০২১ পর্যন্ত চীনৰ মাটিতো ঠাই লৈছে বহু নাগৰিকে।
  •  কিমানক দিয়া হৈছে ভাৰতীয় নাগৰিকত্ব
    ২০১৬ চনৰ পৰা ছবছৰত মুঠ ৫,৮৯১ জন বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে। ২০১৮ চনৰ পৰা ২০২১ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখসহ সেই দেশৰ সংখ্যালঘু সম্প্রদায়ৰ মুঠ ৮,২৪৪ জন নাগৰিকে ভাৰতত আশ্রয়ৰ বাবে আবেদন কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More