ছাত্ৰীক অসৎ ব্যৱহাৰ : তিনিচুকীয়াত শিক্ষক নিলম্বিত

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ মাৰ্চ : ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত তিনিচুকীয়া জিলা শিক্ষা বিভাগে এগৰাকী শিক্ষকক নিলম্বিত কৰিছে ৷ জানিব পৰা মতে জিলাখনৰ মাকুমৰ এগৰাকী ছাত্ৰীক অসৎ ব্যৱহাৰৰ বলি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰাজেন কুমাৰ গোহাঁই ৷ সূত্ৰমতে শিক্ষক গৰাকীক পকছ’ আইনৰ অধীনত যোৱা ২৪ মাৰ্চত মাকুম থানাই গ্ৰেপ্তাৰ কৰি গোচৰ পঞ্জীয়ন কৰে ৷ এই ঘটনাৰ পাছত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বুধবাৰে জাৰী কৰা এক জাননী যোগে যোৱা ২৪ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ শিক্ষকজনক নিলম্বন কৰাৰ কথা প্ৰকাশ কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More