ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজপথত ধৰ্ণা

তেজপুৰ-ৰঙাপৰা পথত বাছ চলাচলত বাধা

0 22

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ ডিচেম্বৰ : যোৱা ৩ ডিচেম্বৰত তেজপুৰৰ নিকটৱৰ্তী শিঙিৰীজান চাহ বাগিচাৰ চাওৰা লাইনৰ জয়দেৱ চাওৰা নামৰ ছাত্ৰজন চলন্ত বাছৰ পৰা পৰি নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ দুৰ্ঘটনাটোৰ পূৰ্বে সমনীয়াৰ সতে হাঁহি-ধেমালি কৰি ঘৰৰ পৰা পৰীক্ষা দিবলৈ ওলাই যোৱা ছাত্ৰ জয়দেৱ চাওৰাৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা শ্ৰমিক সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে তিনি ডিচেম্বৰত দিনৰ প্ৰায় ১১. ৩০ বজাত শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙিৰীজান চাহ বাগিচাৰ চাওৰা লাইন নিৱাসী গজেন চাওৰাৰ জ্যেষ্ঠ পুত্ৰ জয়দেৱে এ এছ ১২ ই ০১৯৪ নম্বৰৰ ‘মনালিছা’ নামৰ বাছখনত উঠি বিন্দুকুৰি হাইস্কুলত পৰীক্ষা দিবলৈ গৈ থকাৰ সময়ত হঠাৎ মুচৰআলি নামৰ কেঁকুৰিটোত বাছখনৰ পৰা পৰি যায় আৰু মূৰত আঘাতপ্ৰাপ্ত ছাত্ৰজনক তেজপুৰলৈ চিকিৎসাৰ বাবে আনি থকাৰ সময়তে তেওঁৰ মৃত্যু হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা এনে বিৱৰণৰ বিপৰীতে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত বাছখনক দোষাৰোপ কৰি তদন্তৰ দাবী তোলে। অভিযোগ অনুসৰি বাছখনৰ পৰা ছাত্ৰজন পৰি যোৱাৰ পাছত যাত্ৰীৰ হেঁচাত বাছখন ৰখাবলৈ বাধ্য হয় আৰু আহত ছাত্ৰজনক বাছৰ মজিয়াত শুৱাই প্ৰথমিক চিকিৎসা প্ৰদান নকৰাকৈ পোনে পোনে তেজপুৰ সদৰ থানালৈহে বাছখন নিয়াত আহত ছাত্ৰজন সময়মতে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ কৰিছে ৰাইজে৷ আজি ইয়াৰ বাবেই শিংৰিজানত চাহ মজদুৰ সংঘ, আটছা, আছা আৰু স্থানীয় ৰাইজে ৰঙাপৰা তেজপুৰ লোক নিৰ্মাণ বিভাগৰ পথ অৱৰোধ কৰি বিভিন্ন শ্লোগানৰে ন্যায়ৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে পাছত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈক ছয় দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰও প্ৰদান কৰে। স্মাৰকপত্ৰত উল্লেখ কৰে যে বাছখনৰ চালকে আহত ছাত্ৰজনক প্ৰাৰম্ভিক চিকিৎসাৰ ব্যৱস্থা নকৰি মৃত্যুৰ মুখলৈ ঠেলি পঠিয়ায়। সেয়ে বাছৰ চালক তথা হেণ্ডিমেনক গ্ৰপ্তাৰ কৰিব লাগে, ৰঙাপৰা-তেজপুৰ পথত চলাচল কৰা বাছসমূহৰ ফিটনেছ টেষ্ট কৰাৰ লগতে ফিটনেছ পৰীক্ষা নকৰা পৰ্যন্ত বাছসমূহৰ চলাচল বন্ধ ৰখা, বাছ চালকৰ উপৰি কণ্ডাক্টৰ আৰু হেণ্ডিমেন থকাতো বাধ্যতামূলক কৰাৰ লগতে সুকীয়া পোছাকৰ ব্যৱস্থা কৰা, উক্ত পথত থকা কেঁকুৰিসমূহত গতিৰোধক স্থাপন কৰা, বাছৰ আসন অনুযায়ী যাত্ৰী অনা-নিয়া কৰাৰ উপৰি ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰা তথা ৰঙাপৰা-তেজপুৰ সংযোগী পথত চলাচল কৰা বাছসমূহৰ গতিবেগ নিয়ণন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হৈছে৷ স্মাৰকপত্ৰখনত প্ৰতিবাদকাৰী আটাইকেইটা সংগঠনৰ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰাৰ বিপৰীতে উপায়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰি প্ৰয়োজনী ব্যসস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে চক্ৰ বিষয়া গগৈয়ে। ইফালে অমায়িক ছাত্রজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোৰ ৰাইজে শোক প্ৰকাশ কৰাৰ লগতে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইপিনে আজি চাহ বাগিচাখনৰ একাংশ ৰাইজে ৰঙাপৰা-তেজপুৰ মাজত চলাচল কৰি থকা নিয়মীয়া বাছ সেৱা বন্ধ কৰি দিয়ে। বাছৰ চলাচল স্তব্ধ হৈ পৰাত ৰাইজে তেজপুৰ বা ৰঙাপৰালৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত আজি যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More