ছাত্ৰ-ছাত্ৰীলৈ মহাকাশ বিজ্ঞানৰ এমহীয়া বিনামূলীয়া অনলাইন পাঠ্যক্ৰম

0 117

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে’ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দহ বছৰৰ উৰ্ধৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়াকৈ মহাকাশ বিজ্ঞানৰ এটা হস্ৰম্যাদী পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লৈছে। অন-লাইন যোগে অনুষ্ঠিত হ’বলগীয়া এই পাঠ্যক্ৰম অহা ৬ জুনৰ পৰা আৰম্ভ হ’ব। ‘Overview of Space Science & Technology’ শীৰ্ষক এই পাঠ্যক্ৰমটোৰ প্ৰধান উদ্দেশ্য হৈছে, ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন দিশ সম্পৰ্কে জ্ঞান আৰু সচেতনতা বৃদ্ধি কৰা। ইংৰাজী মাধ্যমত হ’বলগীয়া শ্ৰেণী সমূহত পাঠদান কৰিব ভাৰতৰ প্ৰখ্যাত মহাকাশ বিজ্ঞানীসকলে। এমহীয়া এই পাঠ্যক্ৰমটোত মুঠ ১০ ঘণ্টাৰ শ্ৰেণী হ’ব। পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানকৈ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মহাকাশ যানৰ সবিশেষ, জ্যোতিৰ্বিজ্ঞান, উপগ্ৰহীয় বতৰ বিজ্ঞান, গ্ৰহৰ ভূবিজ্ঞান ইত্যাদি আৰু অনেক বিষয়ৰ ওপৰত পাঠদান কৰা হ’ব। প্ৰতিটো ভিডিঅ’ প্ৰদৰ্শন কৰাৰ পাছত প্ৰশ্নোত্তৰৰ এটা কাৰ্যসূচী থাকিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নোত্তৰত শতকৰা ৬০ আৰু ৭০ শতাংশ উপস্থিত থাকিব, তেওঁলোকক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। প্ৰমাণপত্ৰ সমূহ প্ৰদান কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধীনস্থ Indian Institute of Remote Sensing এ। পাঠ্যক্ৰমটোৰ বাবে ইতিমধ্যে অন-লাইন যোগে আবেদন পত্ৰ গ্ৰহণ কৰা হৈছে। আগ্ৰহী অভিভাৱকসকলে সবিশেষ জানিবৰ বাবে [email protected] লৈ ই মেইল কৰক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More