ছয় জানুৱাৰীত তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিবেশন

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ডিচেম্বৰ: অহা ছয় জানুৱাৰীত তেজপুৰত অনুষ্ঠিত হ’ব আছুৰ শোণিতপুৰ জিলা ছাত্ৰ সন্হাৰ ত্ৰয়োদশ অধিবেশন৷ মাজগাঁও জাতীয় ছহিদ বাকৰিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ অধিবেশনখনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্হাৰ পতাকা উত্তোলন কৰিব তদৰ্থ সমিতিৰ মুখ্য আহবায়ক অভিজিত নাথে ৷ ৯-৩০ বজাত ছহিদ তৰ্পন অনুষ্ঠান মুকলি কৰিব আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিতুল বৰা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক নয়নজ্যোতি গগৈয়ে৷ দিনৰ ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ আনহাতে বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হবলগীয়া প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰিব আছুৰ কেন্দ্ৰীয় সাহিত্য সম্পাদিকা পৰিস্মিতা বৰাই ৷ বিয়লি ৩-৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া মূল প্ৰতিনিধি সভা উদ্বোধন কৰিব আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্ম্মাই ৷ জিলাখনৰ আছুৰ ১০ খন আঞ্চলিকৰ পাচঁশ প্ৰতিনিধি উপস্হিত থাকিবলগীয়া সভাত মুখ্য অতিথি হিচাপে উপস্হিত থাকিব আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য৷ আজি এই বিষয়ে প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে,জিলা আছুৰ এই তেজপুৰ অধিৱেশনত বিশিষ্ট অতিথি হিচাপে আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নয়নজ্যোতি বৰুৱা আৰু সন্মানীয় অতিথি হিচাপে সংগঠনটোৰ উপদেষ্টাদ্বয় প্ৰকাশ চন্দ্ৰ দাস আৰু উদীপ্তজ্যোতি গগৈয়ে অংশ লব ৷ কেন্দ্ৰীয় নেতৃবৃন্দই আছুৰ দৃষ্টিভংগী আৰু ভবিষ্যৎ জাতীয় জীৱনৰ সম্পৰ্কে বক্তব্য আগবঢ়াব বুলিও বিবৃতিটোত উল্লেখ কৰি আৰু কয় যে, সাংস্কৃতিক শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় দল সমূহে অংশ ল’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More