জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন ৰাজ্যপাল মুখীৰ

0 29

শতাব্দ প্ৰতিনিধি, যোৰহাট ৩০ মে :  ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে আজি বিয়লি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিদৰ্শন কৰে । বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ প্ৰাক ক্ষণত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে অধ্যাপকসকলৰ সৈতে এটা বিশেষ মত-বিনিময়ৰ উদ্দেশ্যে পৰিদৰ্শন কৰিবলৈ অহা ৰাজ্যপালক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সদস্যসকলে ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰে।  অধ্যাপক ড॰ মীনাক্ষি ফুকন হাজৰিকাৰ শুভেচ্ছামূলক ভাষণেৰে ৰাজ্যপালক সম্ভাষণ জনোৱাৰ পাছত মহাবিদ্যালয়-পৰিয়ালৰ তৰফৰপৰা তেখেতক আদৰণি জনোৱা হয় । বিৰান্নবৈ বছৰ সম্পূৰ্ণ কৰা মহাবিদ্যালয়খনৰ ইতিহাসসম্পৃক্ত এটি পৰিচয়মূলক আদৰণী ভাষণত অধ্যক্ষ ড॰ উৎপলজ্যোতি মহন্তই কয় যে সন্মানীয় ৰাজ্যপালৰ পৰিদৰ্শনে মহাবিদ্যালয়খনৰ উচ্চ শিক্ষাৰ পৰিসৰ-প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। অধ্যক্ষই তেখেতৰ ভাষণত মহাবিদ্যলয়খনে ভূমিৰ পৰিসৰ, ঐতিহাসিক কিছু নিৰ্মাণশৈলীৰ বিষয়ে, অধ্যাপকৰ স্থায়ী পদ কিছু খালী হৈ থকাৰ লগতে আন্তঃগাঁথনি সম্পৰ্কীয় কিছু সমস্যাৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে এটা সৌহাৰ্দ্যপূৰ্ণ মত-বিনিময় অনুষ্ঠানৰ জৰিয়তে অধ্যাপকসকলক উৎসাহিত কৰে। অধ্যাপক ড॰ চাবা আনিছে সকলোলৈ শলাগৰ শৰাই জনোৱাৰ পাছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More