জনজাতি কৰণৰ দাবীত লখিমপুৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

জনজাতি কৰণক লৈ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকীয়নি

0 21

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ ছেপ্টেম্বৰঃ অসমৰ অন্যতম ভূমি পুত্ৰ চুতীয়াসকলক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসনৰ মৰ্য্যদা প্ৰদানৰ দাবীত আজি লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত সদৌ লখিমপুৰ জিলাৰ চুতীয়া ছাত্ৰ সন্থাই অবস্থান ধর্মঘট কাৰ্য্যসূচী পালন কৰে। প্ৰতিবাদ স্থলিত ছাত্ৰৰ প্ৰতিনিধি সকলে চৰকাৰ বিৰোধী শ্লোগানেৰে লখিমপুৰ আকাশ বতাহ কপাই তোলে। চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতি মৰ্য্যদা প্ৰদান কৰক, জনজাতি আমাৰ জন্মগত অধিকাৰ, জনজাতি মৰ্য্যদা আমাক লাগিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হুচিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্ম্মা মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্ম্মা মিচলীয়া, নৰেন্দ্ৰ মোডী গ’ বেক, বি.জে.পি. চৰকাৰ হায় হায়, জনজাতিকৰণ লৈ ৰাজনীতি নচলিব, চুতীয়া জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই চৰকাৰক তীব্ৰ ভাৱে সমালোচনা কৰি কয় যে, “চুতীয়া সকলকে ধৰি অসমৰ ৬ জনগোষ্ঠীয়ে জনজাতিকণৰ বাবে দীর্ঘদিনীয়া দাবী জনাই অহাৰ পিছতো জনজাতি কৰণ বিষয়টোক লৈ কেৱল ৰাজনীতি কৰাহে পৰিলক্ষিত হ’ল। গতিকে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলোৱা ৰাজনীতি শীঘ্ৰে বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰি কয় যে, নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ খনে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত চুতীয়াকে ধৰি ৬ জনগোষ্ঠীক জনগোষ্ঠীৰ মৰ্য্যদা প্ৰদান কৰা হ’ব বুলি ১০০ শতাংশ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে, দুবাৰকৈ দলে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছতো জনজাতিকৰণৰ বিষয়টো সমাধানৰ দিশত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। তেওঁ কেন্দ্র চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাকো তীব্র আক্ৰমণ কৰে। হিমন্ত বিশ্ব শৰ্ম্মা এজন দক্ষ মুখ্যমন্ত্ৰী আৰু নিজেই মন্ত্ৰী গোটৰ দায়িত্ব গ্ৰহন কৰাৰ পাছতো আজিলৈকে মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰা কাৰ্য্যই কি সূচাইছে বুলি প্ৰশ্ন কৰে। মুখ্য মন্ত্ৰী জনৰ সদিচ্ছা থকা হলে কেন্দ্র আৰু ৰাজ্যত বি. জে. পি. চৰকাৰ চলি থকা বিষটো সমাধান কৰিব পাৰিলেহেঁতেন। তেওঁ ক্ষোভেৰে কয় যে অন্যান্য ৰাজ্যত ১২ জনগোষ্ঠীক জনজাতি মৰ্য্যদা প্ৰদান আৰু অসমৰ ৬ জনগোষ্ঠীক ইয়াৰ পৰা বাদ পৰা কাৰ্য্যই অসমক যে কেন্দ্ৰীয় চৰকাৰে মাহীআই দৃষ্টিৰে চাই পুনৰ জল-জল, পট-পট কৈ প্ৰমাণ হ’ল । এজন চতুৰ দক্ষ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্ম্মাই কেন্দ্ৰৰ পৰা আজুৰি আনি ৬ জনগোষ্ঠীক জনজাতি কৰণ সাংবিধানিক অধিকাৰ উপহাৰ দিব নোৱাৰাতো চৰম দুভাগ্য জনকে নহয় অতি লজ্জাজনক। গতিকে তাৎক্ষনিক ভাবে চুতীয়া সকলকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ মৰ্য্যদা প্ৰদান নকৰিলে আগম্ভক দিনত বি.জে.পি. চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ ইতিমধ্যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ৰণ কৌশল প্ৰস্তুত কৰিছে বুলি মত পোষণ কৰে। আজিৰ কাৰ্য্যসূচীত উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাজেন বৰা, নিজস্ত চুতীয়া, সদৌ লখিমপুৰ জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অমৃত দাস, সাধাৰণ সম্পাদক বলিন চুতীয়া লগতে জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়বৱীয়া সকল উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More