জনতাৰ আপোন অভিনেতা বিহপুৰীয়াৰ গৌতম

শিল্প সত্বা যাৰ ৰক্তৰ প্ৰবাহে প্ৰবাহে

0 739

মুক্তাৰ আলী

অভিনয় জগতত অলেখজন অভিনেতাই বাট বুলিলেও দৰ্শকে কিন্তু সকলোকে আদৰি নলয়।দৰ্শক হ’ল প্ৰথম বিচাৰক যাৰ তুলাচনীত সৰ্বদা নিৰ্বাচিত হয় শ্ৰেষ্ঠজনহে। জীৱন এক তেনেই চুটি পৰিক্ৰমা। জাতি, মাটি মানুহ আৰু একোখন সমাজৰ সংস্কাৰৰ বাবে অভিনয় ক্ষেত্ৰখনৰ পৰাও কৰিব পৰা বহু কাম থাকে। সদাব্যস্ত জীৱন পৰিক্ৰমাত নিজ কৰ্তব্যৰ উপৰিও সমাজৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবেই ৯ বছৰ বয়সৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনত খোজ দিছিল লখিমপুৰ জিলাৰ বিহপুৰীয়া আমগুৰিৰ গৌতম শইকীয়াই। তেওঁ পেচাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লখিমপুৰ জিলাৰ প্ৰকল্প সঞ্চালক ।IMG 98841এটা অভিজাত সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা গৌতম শইকীয়াৰ আজো ককাক প্ৰয়াত মতিৰাম শইকীয়া আছিল সাংস্কৃতিকভাৱে পুৰোধা ব্যক্তি। জাতীয় জীৱনৰ লগত সংপৃক্ত সংস্কৃতিক পৰিকাঠামো এটা তেতিয়াৰ পৰাই গঢ় লৈ উঠিছিল ঘৰখনত। তাৰেই প্ৰতিফলন বংশানুক্ৰমিকতাৰে ধাৰাবাহিকভাৱে বৰ্তমানলৈকে বৰ্তী আছে। North East Telivision ৰ জৰিয়তে ১৯৯৬ চনত প্ৰচাৰিত হোৱা মহাপুৰুষ মাধৱদেৱ বিৰচিত “চোৰধৰা পিম্পৰা গুচোৱা” অংকীয় নাটত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা গৌতম শইকীয়াই ১৯৯৭ চনত লখিমপুৰ জিলা পুথিভঁৰালত আয়োজিত সদৌ অসম সূত্ৰধাৰ প্ৰতিযোগিতাত অংশ লৈ পুৰস্কৃত হোৱাৰ লগতে পৰৱৰ্তী সময়ত বিভিন্ন মঞ্চ নাটকত অভিনয়ৰ সুবিধা লাভ কৰি দৰ্শকৰ নয়নতৰা হ’বলৈ সক্ষম হৈছিল।একুৰিৰো অধিক ভিন্নস্বাদৰ গীতত মনপৰশা অভিনয়ৰ জৰিয়তে নিজৰ দক্ষতা প্ৰকাশ কৰা বৰা একেধাৰে সামাজিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ সামাজিক কৰ্তব্যও পালন কৰি আহিছে।ৰাসত সততে বসুদেৱ আৰু কংসৰ ভাওত অভিনয় কৰি পৰম্পৰাগত অভিনয়ৰ উপৰি অভিনয়ৰ এক উচ্চমান নতুনত্বৰ সংযোগ কৰি দৰ্শক, শ্ৰোতাক অনন্য আনন্দৰ খোৰাক যোগোৱাতো শইকীয়া সিদ্ধহস্ত বুলি সকলোৱে স্বীকাৰ কৰে।চাকৰি আৰু অভিনয় একেলগে কেনেকৈ সম্ভৱ বোলা এটা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে সদায় নিজ দায়িত্ব সময়ত আৰু অলপো ফাঁকি নিদিয়াকৈ কৰি অহাৰ বাবেই তেওঁ দুয়োটা দিশ সামৰি আগবাঢ়িব পাৰিছে। তেওঁ কয়- কেতিয়াবা কিছু অসুবিধা হ’লেও সেয়া প্ৰত্যাহ্বান হিচাপে কোনোদিনে লোৱা নাই।এবাৰ মাজুলীৰ বৰ সত্ৰত বসুদেৱৰ ভাওত অভিনয় কৰি থাকোতেই বিভাগীয় নিৰ্দেশত এটা দৃশ্যৰ বিৰতিতো প্ৰতিবেদন প্ৰস্তুত কৰি দিব লগা হৈছিল।Cover

অভিনয়ৰ ক্ষেত্ৰত বিশেষ দক্ষতা থকা গৌতম শইকীয়া নিজ দায়িত্বৰ প্ৰতি সদায় সচেতন। ২০১০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা Master in Computer Application ডিগ্ৰী অৰ্জন কৰি পোনতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত Computer Science বিভাগৰ সহ: অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি ২০১৩ চনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলা প্ৰকল্প বিষয়া হিচাপে যোগদান কৰে।এফালে চাকৰি আনফালে অভিনয়ৰ মাজতে হঠাৎ প্ৰেম হয় একেখন জিলাৰে বিহপুৰীয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰজনী হাজৰিকাৰ কন্যা পূৰ্ণিমা হাজৰিকাৰ সতে। ২০২০ চনত দুয়ো বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ আৰম্ভ কৰে । অভিনয় ক্ষেত্ৰখনলৈ তেওঁক পোনতে মোমায়েক দীপক কুমাৰ বৰাই হাতত ধৰি আনি প্ৰশিক্ষণৰ ল’বলৈ সুবিধা কৰি দিয়াৰ কথা অৱগত কৰাৰ লগতে অভিনয় জগতত বিশেষভাৱে মাক দেউতাক, আৰু তেওঁৰ সহধৰ্মিনী পূৰ্ণিমা শইকীয়াৰ উপৰি ভগ্নী জাহ্নৱী শইকীয়া,জোৱায়েক দুৰ্লভ নাৰায়ণ দত্তৰ লগতে বিহপুৰীয়াৰ আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ প্ৰেৰণা তথা অৰিহণাৰ বাবেই বৰ্তমানৰ অৱস্থাত উপনীত হোৱা বুলি অকপতে স্বীকাৰ কৰে। অভিনয়ৰ ক্ষেত্ৰত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ কেমেষ্টি বিভাগৰ জেষ্ঠ অধ্যাপক তথা নাট্যকৰ্মী দিগন্ত কলিতা, মুনিন ভূঞা, নাট্যকাৰ বিপ্লৱ বৰা,পংকজ বৰুৱা ইত্যাদি অলেখজনৰ সান্নিধ্য আৰু বদান্যতাৰ কথা অৱগত কৰে।

গৌতমৰ অভিনয় আৰু সামাজিক জীৱনৰ প্ৰতি প্ৰভাৱান্বিত হৈ ২০২২চনৰ দুৰ্নীতি বিৰোধী যুৱ মঞ্চ অসম’ আৰুAssam Development societyৰ যৌথ উদ্যোগত সমাজকৰ্মী হিচাপে “গ্ৰাম্য জেউতি” বঁটা, একেবৰ্ষৰ জুন মাহত ৰোমন্থন প্ৰডাকচনৰ উদ্যোগত শিল্পী দিৱসৰ দিনা “শিল্পীপ্ৰাণ” বঁটাৰে সন্মানিত কৰে। অভিনয়ৰ সমান্তৰালকৈ নৃত্য জগততো আছে গৌতমৰ এক বিশেষ স্থান।অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অলেখ মঞ্চত অভিনয় কৰি দৰ্শকৰ মন মোহা গৌতম শইকীয়া লখিমপুৰ জিলাৰ বিহপুৰীয়া আমগুৰিত ১৯৮৭ চনত জন্মগ্ৰহণ কৰে আৰু তেওঁ বংশানুক্ৰমিক গাঁও প্ৰধান ললিত শইকীয়া আৰু মনিমাই শইকীয়াৰ সুযোগ্য সন্তান। তেখেতৰ দ্বাৰা অভিনত কেইটিমান জনপ্ৰিয় গীত হ’ল ঠিকনাবিহীন ঠিকনা(গীত আৰু কবিতাৰ এলবাম),মোৰে নতুন কইনা,বতাহো বলিছে, exclusive মৰম ইত্যাদি। গৌতমে অভিনয় ক্ষেত্ৰখনলৈ আজীৱন বৰঙণি আগবঢ়াই যোৱাৰ কামনাৰে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More