মানস প্রতিম দত্ত
প্রকৃতিৰ নান্দনিক সৌন্দর্যই অনবৰতে সৌন্দর্য পিয়াসীসকলক আকর্ষিত কৰি ৰাখে। প্রকৃতিৰ অপৰূপ সৌন্দর্যই মন মুগ্ধ নকৰাকৈ থকা প্রাণী সমগ্র পৃথিৱীতে বিৰল। আমি পোনপটীয়া দর্শন নকৰা পর্যন্ত বিষয়বস্তু সম্পর্কীয় প্রকৃত তথ্য আৰু জ্ঞান আহৰণ কৰিব নোৱাৰোঁ। জ্ঞান আহৰণৰ অবিহনে শিকন কার্য সম্পন্ন নহয় আৰু কার্যক্ষেত্রত ইয়াক প্রয়োগৰ ক্ষেত্রত কোনো ব্যক্তিকে অভিৰোচিত কৰিব পৰা নাযায়। ই পুথিগত অথবা ‘থিয়ৰীটিকেল’ জ্ঞান হিচাপেই থাকি যায়। ফলত শিকন কার্য সম্পূর্ণ হৈছে বুলিব নোৱাৰি।
শিকন সম্পর্কে মনোবিজ্ঞানী এডৱার্ড গেইটছে কৈছিল যে–‘অভিজ্ঞতা আৰু প্রশিক্ষণৰ জৰিয়তে সম্পন্ন হোৱা আচৰণৰ সংশোধন কার্যই হ’ল শিকন।’ ই জ্ঞান অর্জনকাৰী পৰিৱেশৰ সৈতে নিজক সমাযোজিত হোৱাত সহায় কৰে। শিকনৰ জৰিয়তে প্রত্যক্ষ অভিজ্ঞতা লাভৰ জৰিয়তে ব্যক্তিয়ে নৱ্য নতুন অভিজ্ঞতা লাভ কৰে আৰু ইন্দ্রিয় সজাগতা বৃদ্ধি কৰাৰ উপৰি উদ্দীপনা শক্তিৰো বিকাশ ঘটায়, সেয়ে মনোবিদ ক্রো আৰু ক্রো-এ কৈছিল যে অভ্যাস আৰু মনোভংগী আয়ত্তকৰণৰ লগত নতুনকৈ কোনো কার্য সম্পাদন কৰাৰ দক্ষতাই হ’ল শিকন।
পৰিৱেশৰ ক্ষেত্রতো ওপৰোক্ত কথাসমূহেই খাটে। গোলকীয় উষ্ণতা বৃদ্ধি, অজন স্তৰৰ অৱক্ষয় তথা জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত প্রকৃতি সুৰক্ষাৰ গুৰুত্ব সম্পর্কে নৱ-প্রজন্মক সজাগ কৰিবৰ বাবে বিভিন্ন সজাগতা সভা আয়োজন কৰা হয়। এনে সভাসমূহত শিক্ষার্থী তথা নতুন প্রজন্মৰ যোগদান লেখত ল’বলগীয়া হয় যদিও এনে সভাসমূহ কেৱল বক্তৃতা আৰু উপস্থাপনৰ মাজতে সীমাবদ্ধ হৈ থাকে বাবে বিষয়বস্তুৰ প্রতি আগ্রহ নোহোৱা হৈ পৰা দেখা যায়। ফলস্বৰূপে প্রাকৃতিক অস্থিৰতা, বহনক্ষমতাৰ প্রতি থকা ভাবুকিক কোনো প্রত্যাহ্বান বা সহাৱস্থান জনাব পৰাকৈ পৰিৱেশ সুৰক্ষাৰ ধাৰণাটোৱে বিকাশ লাভ কৰিব পৰা নাই।
প্রকৃতি আৰু মানু্হৰ সম্পর্ক অতি মধুৰ। এই মধুৰ সম্পর্ক চিৰস্থায়ী হ’লেহে মানুহ-প্রকৃতিৰ বান্ধোন আৰ সহৃদয়তা যুগমায়ী হ’ব। কিয়নো প্রকৃতি সাধাৰণতে সহনশীল হয়। প্রকৃতিয়ে বছৰ পাছত বছৰ সহ্য কৰিব পাৰে। সহ্য কৰে। কিন্তু প্রকৃতিৰ সেই ধৈয্যৰ বান্ধোন খোল খাই গ’লে প্রকৃতিৰ বিধ্বংসী ৰূপক প্রতিহত কৰিবলৈ কাৰোৱেই ওচৰত কোনো শক্তি নাথাকিব। ভাৱকচোন, সততে ইক’নমিক সুৰক্ষাৰ কথা চিন্তা কৰা আমাৰ মাজত হঠাৎ যদি মূল্যৰ মান নিম্নগামী হৈ শূন্য হৈ পৰে তেন্তে আমি কি খাম, কেনেকৈ খাম! ইতিমধ্যে জন-বিস্ফোৰণ আৰু নগৰমুখী যাত্রাই আমাৰ ভূমিৰ পৰিমাণ হ্রাস কৰি আনিলেই। তেনে স্থলত নিত্য-নৈমিত্তিক খাদ্যৰ বাবে আমি বজাৰলৈ যাবলগীয়া হয়।বাৰীত শাক এডৰা কৰিবলৈয়ো আমাৰ মাটি নাই, সময় নাই নহয়নে! গতিকে বজাৰ কৰিবই লাগিব । কিন্তু কেনেকৈ ? মূল্যহীন পইচা দিটো শাক-পাচলি ক্রয় কৰিব নোৱাৰিম নহয়নে! আকৌ তাৰ বাবে কিবা উপায় কৰিলেও সেই বনিক সকলৰ মাজতো খাদ্য শেষ হ’ব, তেতিয়া কি কৰিম? এবাৰ দুচকু মুদি যদিহে কথাবোৰ ভাবো আৰু উপলব্ধি কৰিবলৈ যত্ন কৰোঁ তেন্তে হয়তো আমাৰ সকলোৱে এই কথাত একমত হ’ম যে কেৱল ইকনমিক মূল্যই আমাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব নোৱাৰে, তাৰ বাবে ইক’ল’জিকেল মূল্যৰো প্রয়োজন।
শিক্ষাই পাৰিৱেশিক সুৰক্ষা আৰু সজাগতাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইতিবাচক পৰিৱেশ শিক্ষাই একক দিশৰ সূচনা কৰাৰ লগতে পাৰিৱেশিক তথ্যৰ আদান-প্রদান কৰাত নির্ণায়ক ভূমিকা পালন কৰে। ই পাৰিৱেশিক মনোভাৱ, ইতিবাচক সজাগতা, সংৰক্ষণ দক্ষতা আদি গুণৰ বিকাশ ঘটোৱাৰ লগতে এককভাৱে আৰু সমজুৱাকৈ আঁচনি গ্রহণ কৰিব পৰা সক্ষমতাৰো বিকাশ ঘটায়। স্থানীয় জীৱবৈচিত্র সুৰক্ষাৰ ক্ষেত্রত শিক্ষার্থীসকলৰ অংশগ্রহণে বহনক্ষম বিকাশৰ লগতে মূল লক্ষ্যত উপনীত হ’বলৈ উৎসাহমূলক পৰিৱেশ গঢ় দিয়ে। জীৱ বৈচিত্র শিক্ষণৰ মূল উদ্দেশ্যই হ’ল স্থানীয় এলেকাত দেখা পোৱা পৰিৱেশজনিত সমস্যাৰ প্রতি জ্ঞান, আগ্রহ আৰু সমাধানৰ প্রয়োজনীয় দক্ষতাৰ বিকাশ ঘটোৱা । শিক্ষার্থীৰ মাজত জীৱবৈচিত্র্যৰ প্রতি সজাগতা বৃদ্ধিৰ বাবে সক্রিয় শ্রেণীকোঠা, হাতে-কামে কার্য, ব্যৱহাৰিক অভিজ্ঞতা আৰু ক্ষেত্রভিত্তিক জৰীপ আৰু অধ্যয়নে লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰত আমি বিভিন্ন কার্যকৰী পদক্ষেপ গ্রহণৰ জৰিয়তে পৰিৱেশ সজাগতাৰ ইতিবাচক বিকাশ সম্ভৱ কৰি তোলাৰ লগতে কথাক কার্যলৈ ৰূপান্তৰিত কৰিব পাৰোঁ।