জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব : মুখ্যমন্ত্রী

0 11

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভাগীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব আৰু জন্মৰ ক্ষেত্ৰত ডিচাৰ্জৰ সময়ত অভিভাৱক আৰু মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ক প্ৰমাণ পত্ৰ দিব লাগিব। অনহাতে ৰাজ্যখনত অক্টোবৰৰ পৰা মাৰ্চলৈকে তিনিটা বৃহৎ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হ’ব। যাতে বাদ পৰি যোৱা লোকসকলক নিয়মীয়া প্ৰতিষেধক প্ৰদান কৰা হয়। অসমত কেইবাগৰাকীও ‘ব্ৰেইন ডেড’ ৰোগীৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি অংগ সংস্থাপনৰ সুবিধাৰ বাবে ৰাজ্যত এক শক্তিশালী অংগ সংস্থাপন নেটৱৰ্ক ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত বৈঠকত গ্ৰহণ কৰা হয়। আনহাতে ৰাজ্যখনত বিশেষকৈ চাহ বাগিচাপ্ৰধান অঞ্চলসমূহত স্বেচ্ছামূলক ৰক্তদানৰ বাবে ৰাইজক অনুপ্ৰাণিত কৰি সেই অঞ্চলসমূহত মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। এন এইচ এমৰ উদ্যোগত এহাজাৰ স্বেচ্ছাসেৱকৰে তিনিদিনীয়া স্বাস্থ্য উৎসৱৰ আয়োজন কৰা হ’ব। যাৰ ভিতৰত ৫০০গৰাকী স্বাস্থ্য খণ্ডৰ আৰু ৫০০গৰাকী অন্যান্য ক্ষেত্ৰৰ স্বেচ্ছাসেৱক থাকিব। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যত কমেও ৫টা এন এইচ এমৰ আঞ্চলিক কাৰ্যালয় অসম প্ৰশাসনিক বিষয়াৰ নেতৃত্বত স্থাপন কৰা হ’ব। দলটোৱে নিজ নিজ এলেকাৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় কাম কৰিব। এন এইচ এমে ৰাজ্যৰ দুৰ্গম অঞ্চলসমূহৰ মূল্যায়ন কৰিব আৰু স্বাস্থ্য সেৱাসমূহ অধিক সুলভ কৰি তোলাৰ বাবে উন্নত মানৰ পথ নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগৰ সৈতে সমন্বয় সাধন কৰিব। আনহাতে স্বাস্থ্য, মহিলা আৰু শিশু উন্নয়ন বিভাগসমূহে অধিক ক্ষিপ্ৰতাৰে কাম কৰাৰ লগতে মহিলা আৰু শিশুৰ স্বাস্থ্যৰ বাবে পুষ্টি কেন্দ্ৰসমূহক অধিক সক্ৰিয় কৰি তুলিব। চিকিৎসালয়ত ফাৰ্মাচী চলোৱাৰ ক্ষেত্ৰত আছাম মেডিকেল ছাৰ্ভিচেছ কৰ্প’ৰেশ্যন লিমিটেডৰ পৰিসৰ বৃদ্ধি কৰা হ’ব। য’ত ৰোগীৰ বাবে ৰাজসাহায্যযুক্ত হাৰত ঔষধ উপলব্ধ কৰা হ’ব। বৈঠকত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিভাগটোৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More